ETV Bharat / international

ছিংগাপুৰত কিয় গ্ৰেপ্তাৰ হ'ল ভাৰতীয়মূলৰ লোক ? - Indian origin man sentenced to jail

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 2:18 PM IST

Indian origin man sentenced to jail : ছিংগাপুৰত অপৰাধ কৰি কাৰাগাৰত সোমাল ভাৰতীয়মূলৰ এজন কৰ্মচাৰী । মাংসৰ পাইকাৰী বিতৰণ কোম্পানীত ডেলিভাৰী চালক হিচাপে কাম কৰিছিল লোকজনে । ৩০ মাহৰ কাৰাদণ্ড বিহিছে আদালতে । কিন্তু লোকজনৰ অপৰাধ কি আছিল ?

Indian origin man sentenced to jail
ছিংগাপুৰত কিয় গ্ৰেপ্তাৰ হ'ল ভাৰতীয়মূলৰ লোক (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ মে' : চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত ভাৰতীয়মূল এজন ডেলিভাৰী চালকক (Delivery Driver) ছিংগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এজন পাইকাৰী বিতৰকৰ পৰা এছজিডি ১,৭০,০০০ তকৈ অধিক মূল্যৰ মাংস চুৰি কৰাৰ অভিযোগ আছে চালকজনৰ বিৰুদ্ধে ।

ইতিমধ্যে চালকজনক আদালতে ৩০ মাহৰ কাৰাদণ্ড বিহিছে । ভাৰতীয়মূলৰ চালকজনৰ নাম শিৱম কাৰুপ্পন বুলি জানিব পৰা গৈছে । চুৰি হোৱা মাংসখিনি শিৱমে এজন গ্ৰাহকক বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰি পোৱা ধনখিনি চী চং ফুডছ নামৰ বিতৰকৰ সৈতে কাম কৰা আন এজন সহকৰ্মীৰ সৈতে আত্মসাৎ কৰিছিল ।

অৱশ্যে শিৱমৰ সহকৰ্মীৰ বিৰুদ্ধে এতিয়ালৈ গোচৰ ৰুজু কৰা হোৱা নাই । প্ৰতিবেদনত দুয়োজনৰে ৰাষ্ট্ৰীয়তা উল্লেখ কৰা হোৱা নাই । কাৰুপ্পনৰ সহযোগী নেছান গুণসুন্দ্ৰম ভাৰতীয়মূলৰ বুলি জানিব পৰা গৈছে । তেওঁ ৱেৰহাউচ চুপাৰভাইজাৰ হিচাপে আছিল । গুণসুন্দ্ৰমৰ কাম আছিল ৱেৰহাউচৰ ভিতৰত আৰু বাহিৰত সামগ্ৰীৰ আদান-প্ৰদান তদাৰক কৰা ।

জানিব পৰা মতে ২০২১ চনত কাৰুপ্পনে মে' মাহৰ আশে পাশে কোম্পানীৰ এজন গ্ৰাহক জিভি মিট ডিষ্ট্ৰিবিউটৰৰ এজন কৰ্মচাৰীৰ সৈতে কিছু কথা পাতিছিল । লোকজনে কাৰুপ্পনক অতিৰিক্ত মাংস কম দামত বিক্ৰী কৰিব পাৰিব নে সুধিছিল । তেওঁ মাংস ক্ৰয় কৰিবলৈ কাৰুপ্পনক পোনপটীয়াকৈ পৰিশোধ কৰাৰ প্ৰস্তাৱ দিছিল । তাৰ পিচতে দুয়োজনে কোম্পানীৰ পৰা মাংস চুৰি কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু সেইবোৰ পোনপটীয়াকৈ গ্ৰাহকক বিক্ৰী কৰিছিল । তাৰ পৰা উপাৰ্জন কৰা ধন তেওঁলোকে দুয়োৰে মাজত ভাগ কৰিছিল ।

আদালতক কোৱা হৈছে যে ২০২২ চনৰ ৪ জানুৱাৰীৰ পৰা ১৫ জুলাইৰ ভিতৰত ৩৪ বাৰকৈ কাৰুপ্পনে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিছিল । গ্ৰাহকে তেওঁক প্ৰয়োজন হোৱা মাংসৰ পৰিমাণ জনাইছিল আৰু কাৰুপ্পনে এই তথ্য গুণসুন্দ্ৰমলৈ প্ৰেৰণ কৰিছিল ।

যেতিয়াই গ্ৰাহকে কোম্পানীৰ ওচৰত অৰ্ডাৰ দিয়ে গুণসুন্দ্ৰমে আন শ্ৰমিকসকলক কাৰুপ্পনৰ ডেলিভাৰী ট্ৰাকত অৰ্ডাৰ কৰা পৰিমাণ লোড কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে অতিৰিক্ত মাংসও পোনপটীয়াকৈ কাৰুপ্পানৰ জৰিয়তে অৰ্ডাৰ কৰা হৈছিল ।

কিন্তু ২০২২ চনৰ ২৩ জুলাইত কোম্পানীৰ কাৰ্যকলাপ আৰু লজিষ্টিক মেনেজাৰ এডি লোহয়ে আভ্যন্তৰীণ অনুসন্ধান কৰাৰ পিচত তেওঁলোকৰ ষড়যন্ত্ৰৰ কথা ধৰা পেলাই আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে । গ্ৰাহকসকলে যিমান পৰিমাণৰ মাংস অৰ্ডাৰ কৰিছিল তেওঁলোকে পোৱা নাছিল । যাৰ বাবে কোম্পানীটোক অভিযোগ দিছিল । সেই অভিযোগ তদন্ত কৰিয়ে লোহয়ে এই অনিয়ম ধৰা পেলাইছিল ।

লগতে পঢ়ক :ব্ৰিকছত যোগদানৰ ইচ্ছা প্ৰকাশ শ্ৰীলংকাৰ - Lankan Foreign Minister Ali Sabry
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.