ETV Bharat / bharat

বন্ধুৱে ডিঙি ৰেপি হত্যা কৰিলে বন্ধুক, কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ - Man Slits Throat Of Friend

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 11:04 AM IST

DELHI MAN SLITS THROAT OF FRIEND : বন্ধুপত্নীৰ লগত একপক্ষীয় প্ৰেম ৷ নিমিষতে ছাৰখাৰ কৰিলে দুটাকৈ পৰিয়াল ৷ পঢ়ক সম্পূৰ্ণ কাহিনী...

MAN SLITS THROAT OF FRIEND
বন্ধুৱে ডিঙি ৰেপি হত্যা কৰিলে বন্ধুক, কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ (etv bharat hindi)

নেশ্যনেল ডেস্ক, 21 মে’ : প্ৰেম এক স্বৰ্গীয় অনুভূতি বুলি কোৱা হয় ৷ প্ৰেমে কোনো জাতি, ধৰ্ম, লিংগ, বৈষম্য তথা নীতি-নিয়ম নামানে ৷ কিন্তু প্ৰেমে যেতিয়া মূৰত ধৰে তেতিয়াই ই বিধ্বংসী ৰূপ লয় ৷ এইবাৰ একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমজনিত কাৰণত বন্ধুক ডিঙি ৰেপি হত্যা কৰিলে আন এজন বন্ধুৱে ৷

ঘটনাৰ সবিশেষ :

দিল্লীৰ শ্বাহদাৰা জিলাৰ কৃষ্ণ নগৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কৌশিক পুৰী অঞ্চলত এজন যুৱকে তেওঁৰ বন্ধুক ডিঙি ৰেপি হত্যা কৰে ৷ যুৱকজনে তেওঁৰ বন্ধুপত্নীৰ প্ৰেমত পৰিছিল ৷ বন্ধুপত্নীক বিয়া পতাৰ মানসেৰে এই জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ৷ অভিযুক্তদ্বয় ব্ৰিজেশ আৰু ফাহিম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

শ্বাহদাৰা জিলাৰ ডিচিপি সুৰেন্দ্ৰ চৌধুৰীয়ে ঘটনা সন্দৰ্ভত কয় যে দেওবাৰে নিশা প্ৰায় 11.42 বজাত ব্ৰিজেশ নামৰ এজন ব্যক্তিয়ে 7 নং পুৰী পথৰ এটা সূতাৰ গুদামত এজন যুৱক অচেতন অৱস্থাত পৰি থকাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল । আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে এজন যুৱকৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত পৰি থকা দেখা পায় ৷

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত তেওঁক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল বুলি অনুমান কৰিছিল । পৰৱৰ্তী সময়ত অনুসন্ধানৰ পিচত, মৃত ব্যক্তিজন সত্যেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ মৃত ব্যক্তিগৰাকী মূলতঃ বিহাৰৰ সীতামাঢ়ীৰ আছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ফৰেনচিক দল আৰু এটা কুকুৰৰ দলক ঘটনাস্থলীলৈ মাতি অনা হয় ৷

তাৰ পিচতে আৰক্ষীয়ে ফোন কৰা ব্ৰিজেশক সোধ-পোছ কৰে ৷ আৰক্ষীৰ জেৰাত ব্ৰিজেশে সঁচা কথা কয় যে, তেওঁ সত্যেন্দ্ৰৰ বন্ধু। ব্ৰিজেশ আৰু তেওঁৰ দুজন সহযোগীৰ সৈতে মিলি সত্যেন্দ্ৰক হত্যা কৰিছিল । হত্যাৰ পূৰ্বে তেওঁক সুৰাপান কৰাই লৈছিল ৷ তাৰ পিচত সুৰাৰ নিচাত তেওঁক নৃশংসভাৱে হত্যা কৰে ৷

এই হত্যাকাণ্ডৰ পিচত লোকজনে নিজকে দোষী অনুভৱ কৰিছিল । যাৰ বাবে তেওঁ ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। ব্ৰিজেশে কৈছিল যে তেওঁ সত্যেন্দ্ৰৰ পত্নীক ভাল পাই পেলাইছিল ৷ ব্ৰিজেশে তেওঁক বিয়া কৰাব বিচাৰিছিল ।

ইয়াৰ বাবে, ব্ৰিজেশে তেওঁৰ দুজন সহযোগীৰ সৈতে সত্যেন্দ্ৰক পত্নীৰ ওচৰৰ পৰা আঁতৰাবলৈ হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু দুই বন্ধুৰ সৈতে লগ হৈ ষড়যন্ত্ৰটো কাৰ্যকৰী কৰিছিল । তৃতীয় অভিযুক্তটো এতিয়াও পলাতক হৈ আছে, আৰক্ষীয়ে অভিযুক্তটোক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিমানবন্দৰত এ টি এছৰ জালত আইছিছৰ 4 সন্ত্ৰাসবাদী - ATS arrested terrorists

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.