ETV Bharat / state

জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ? - Tezpur Litchi Story

এতিয়া লিচুৰ বতৰ । ডাল ভৰি লাগিছে সোৱাদযুক্ত লিচু ৷ যদিও সম্পূৰ্ণকৈ পূৰঠ হোৱা নাই, তথাপি তেজপুৰ লিচু পুখুৰীৰ পাৰ ভৰি পৰিছে ২৫ জোপা লিচুৰে ৷ এক লোভনীয় সৌন্দৰ্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লিচু কেইজোপাই ৷ তেজপুৰৰ লিচু সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ৷

GI TAG FAMED LITCHI OF TEZPUR
তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024 at 8:35 PM IST

|

Updated : May 21, 2024 at 8:41 PM IST

4 Min Read
Choose ETV Bharat
এতিয়া পকা ৰসাল লিচুৰ বতৰ (ETV BHARAT ASSAM)

তেজপুৰ, ২১ মে': লিচু বুলিলেই প্ৰথমে মনলৈ আহে তেজপুৰৰ লিচুৰ কথা ৷ তেজপুৰৰ ৰসাল, মঙহাল লিচুৰ সোৱাদ নোলোৱা লোক হয়তো বিচাৰিলে খুব কমেইহে ওলাব ৷ গুণগত মানদণ্ড আৰু সোৱাদৰ বাবে শেহতীয়াকৈ জি আই টেগ লাভ কৰিছে উষা নগৰীৰ লিচুৱে ৷

উল্লেখ্য যে, ২০১৩ চনৰ ২৮ আগষ্টত তেজপুৰৰ লিচুৰ বাবে জি আই টেগ লাভ কৰিবলৈ কৰা হৈছিল আবেদন ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৫ চনত জি আই টেগ লাভ কৰে তেজপুৰৰ লিচুৱে ৷ ১৯২২ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোপণ কৰা লিচু গছজোপাৰ পৰা পোৱা ফলে বজাৰ দখল কৰিলে লণ্ডনৰ ৷

যোৱা বছৰ চীনৰ বজাৰতো বেছ সমাদৰ লাভ কৰিলে তেজপুৰৰ লিচুৱে ৷ অগ্নিগড় ফাৰ্মাৰ এছ'চিয়েছন আৰু জিলা কৃষি বিভাগৰ সহায়ত লণ্ডনলৈ প্ৰথমে এই লিচু পঠাইছিল Kiega Exims Private Limited য়ে ৷ 2022 চনত তেজপুৰ কনভেঞ্চন হলৰ পৰা এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

তেজপুৰ লিচু কিয় বিখ্যাত :

তেজপুৰ লিচুৱে ইয়াৰ অনন্য সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰশংসা লাভ কৰিছে ৷ চহৰখনৰ মাজমজিয়াত আছে এটা পুখুৰী, যাক জনপ্ৰিয়ভাৱে জনা যায় লিচু পুখুৰী হিচাপে ৷ সেই পুখুৰীৰ পাৰত এতিয়া উৎপাদন হৈছে বিলাতী আৰু শ্বাহীজাতৰ লিচু ৷ যাৰ সৌন্দৰ্য এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ পথত ৷ তেজপুৰত মুঠ পাঁচবিধ লিচু সহজলভ্য ৷ সেইসমূহ হৈছে বোম্বাই, পিঁয়াজী, বিলাতী, শ্বাহী আৰু ইলাইচি ৷

বিগত সময়চোৱাত নাবাৰ্ডে শোণিতপুৰ কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অগ্নিগড় প্ৰডাক্টৰ কোম্পানী লিমিটেডে তেজপুৰ আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন ক্ষুদ্ৰ, প্ৰান্তীয় লিচু কৃষকক একত্ৰিত কৰি তেজপুৰ লিচুক প্ৰদান কৰা জি আই টেগৰ সহায়ত কৃষকসকলক বহু সুবিধা প্ৰদান কৰিছে ৷ অগ্নিগড় প্ৰডাক্টৰ কোম্পানী লিমিটেড হৈছে এটা পঞ্জীয়নভুক্ত কোম্পানী, য’ত বৰ্তমান কৃষকৰ সদস্য সংখ্যা প্ৰায় ১০৬ গৰাকী ৷

বজাৰ মূল্য : যোৱা বছৰ বোম্বাই প্ৰজাতিৰ এটা লিচু বিক্ৰী হৈছিল ৬০ টকা দৰত ৷ বাকী অন্যান্য লিচু ৩০-৩৫ টকা আৰু এটা লেঙেৰা লিচু বিক্ৰী হৈছিল ১৫-২০ টকা পৰ্যন্ত দৰত ৷

তেজপুৰ লিচুৰ ইতিহাস : ১৯২২ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত সাহিত্য কান্দাৰী, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোঁহাই বৰুৱাই অন্যান্য উন্নয়নৰ উপৰিও চহৰৰ ভিতৰৰ পুখুৰীবোৰক ঐতিহ্যক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল ৷

কিন্তু পল্টন পুখুৰী বা ৰহঢলা পুখুৰী চাফা কৰাৰ মাজতে তেওঁ কলকাতাৰ পৰা আমদানি কৰা হাইব্ৰীড লিচুৰ পুলি তাৰপাৰত ৰোপণ কৰে ৷ তেতিয়াৰ পৰাই পল্টন পুখুৰী লিচু পুখুৰী নামেৰে জনাজাত হৈ আহিছে ৷ আজি লিচু পুখুৰীৰ পাৰত উৎপাদিত লিচুই নিজৰ অনন্য সোৱাদ আৰু সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰি ঐতিহাসিক চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ কিন্তু বিগত বহু দশকত পুখুৰীটো উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত জৰাজীৰ্ণ অৱস্থাত আছিল ৷

যোৱা বছৰ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উদ্যোগত অসম চৰকাৰৰ ‘অমৰুত’ কাৰ্যসূচীৰ অধীনত ১.৮ কোটি টকাৰ আৱণ্টন দি পুখুৰীটোক নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে ৷ যিয়ে ভৱিষ্যতে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব ৷ এই প্ৰকল্পটো মুকলি কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে, ব্ৰিটিছ ৰাজত্বকালত ১৮৩৫ চনৰ ভিতৰত অবিভক্ত দৰং জিলাৰ মুখ্য কার্যালয় মঙলদৈৰ পৰা তেজপুৰলৈ স্থানান্তৰিত কৰা হৈছিল আৰু ইংৰাজ আমোলাসকলে তেজপুৰত মুখ্য কার্যালয় স্থাপন কৰাৰ পাছত তেওঁলোকে বিশ্বনাথ চাৰিআলিভিত্তিক ‘গোৰা’ আৰু তেজপুৰভিত্তিক ‘গোমালি’ সেনাৰ বেছ-কেম্প হিচাপে দুটা ভাগত বিভক্ত হয় ৷ সেনাবাহিনীৰ উক্ত দুটা প্লাটুনে দুটা পুখুৰী ব্যৱহাৰ কৰিছিল, যাৰ ভিতৰত এটাৰ নাম ধোবা পুখুৰী আৰু আনটো পল্টন পুখুৰী নামেৰে জনাজাত ৷

লগতে পঢ়ক: ৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

Litchi Of Tezpur: তেজপুৰৰ লিচুৰ পৰিমাণ হ্ৰাসৰ সম্ভাৱনা

Last Updated : May 21, 2024 at 8:41 PM IST