ETV Bharat / state

Litchi of Tezpur: তেজপুৰৰ লিচুৰ পৰিমাণ হ্ৰাসৰ সম্ভাৱনা

author img

By

Published : Apr 20, 2023, 1:45 PM IST

Updated : Apr 20, 2023, 3:48 PM IST

তেজপুৰৰ লিচু এইবাৰ বিদেশলৈ ৰপ্তানি কৰিব পৰা হ'বনে নাই সেই লৈ চৰ্চা হৈছে (Export of Tezpur Litchi) । কাৰণ এইবাৰ কম পৰিমানে লিচু ফুলছে ।

Export of Tezpur Litchi
তেজপুৰৰ লিচু

তেজপুৰ, ২০ এপ্ৰিল: তেজপুৰৰ লিচুৰ এক সুকীয়া পৰিচয় আছে ৷ বিদেশত সমাদৰ লাভ কৰা তেজপুৰৰ লিচু এতিয়া ফুলিব ধৰিছে (Litchi of Tezpur)৷ খুউব কম দিনৰ পিচতেই হয়তো পুনৰ ৰপ্তানিৰ বাবে সাজু হ'ব ভৌগোলিক স্বীকৃতি লাভ কৰা ( GI Tag of Litchi) তেজপুৰৰ লিচু ৷ কিন্তু বিগত বৰ্ষৰ তুলনাত তেজপুৰত এইবাৰ লিচুৰ উৎপাদন কিছু পৰিমানে হ্ৰাস পোৱাৰ আশংকা ঘনীভূত হৈছে ৷ কিয়নো পূৰ্বৰ তুলনাত এইবাৰ কম পৰিমানে লিচুৰ ফুল ফুলা দেখা গৈছে ৷

এই সন্দৰ্ভত শোণিতপুৰ জিলা কৃষি বিষয়াই কয় যে, এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া (Production of Litchi of Tezpur may decreased) ৷ এজোপা লিচু গছে প্ৰতি বছৰে সমান পৰিমাণৰ ফল উৎপাদন কৰিব নোৱাৰে ৷ অৱশ্যে লিচুৰ দুই এটা প্ৰজাতিৰ ফুল পূৰ্বৰ দৰেই দেখিবলৈ পোৱা গৈছে বুলি কয় জিলা কৃষি বিষয়া পংকজ শইকীয়াই (Sonitpur District Agriculture Officer)৷

উল্লেখযোগ্য যে, পূৰ্বৰ দৰে বিদেশলৈ তেজপুৰৰ লিচু এইবাৰ ৰপ্তানি কৰিব পৰা হ'বনে নাই সেয়া এতিয়াও স্পষ্ট হৈ উঠা ৷ এই সন্দৰ্ভত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰ লগত কৃষি বিভাগে অব্যাহত ৰাখিছে আলোচনা ৷

আগন্তুক সময়ত শোণিতপুৰ জিলা কৃষি বিভাগে লিচুৰ কৃষিভূমি প্ৰায় ২০০ বিঘা সম্প্ৰসাৰণৰ বাবে চিন্তা-চৰ্চা কৰিছে বুলি কয় জিলা কৃষি বিষয়া পংকজ শইকীয়াই ৷ উল্লেখ্য যে, ২০২২ বৰ্ষত লণ্ডনলৈ ৰপ্তানি হৈছিল ৬৫০ কিল'গ্ৰাম লিচু ৷ ইয়াৰে প্ৰতিটো লিচু কৃষকৰ পৰা ৩৫ৰ পৰা ৪০ টকাকৈ ক্ৰয় কৰা হৈছিল ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ্ কৰি বিদেশলৈ প্ৰেৰণ কৰিছিল লিচুসমূহ । তেজপুৰৰ লিচুৱে ইতিমধ্যে ভৌগলীক স্বাকৃতি (GI TAG) লাভ কৰিছে ইয়াৰ সোৱাদ আৰু গুণগত মানৰ বাবে ।

উল্লেখ্য় যে তেজপুৰৰ লিচুৰ পাঁচটা বিভিন্ন প্ৰজাতি আছে । বিগত বৰ্ষত ১৯২৩-২৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথমজন পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোপন কৰা গছজোপাৰ পৰা এই লিচু লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল । Kiega Exims Private Limited য়ে অগ্নিগড় ফাৰ্মাৰ এছ'চিয়েছন আৰু জিলা কৃষি বিভাগৰ সহায়ত লণ্ডনলৈ এই লিচুখিনি প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক:Agarwood Farming: সাঁচিখেতিৰে স্বাৱলম্বী আমগুৰি বৰাহীবাৰীৰ কৃষক নৃপেন তামুলী

Last Updated :Apr 20, 2023, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.