ETV Bharat / entertainment

এখন বিশেষ বিয়া : দুটাকৈ প্ৰি-ৱেডিঙৰ অনুষ্ঠানৰ সৈতে ঘোষণা কৰিলে তাৰিখ - anant radhika wedding

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 3:53 PM IST

Updated : May 31, 2024, 11:12 AM IST

Anant Radhika wedding: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ উৎসৱ ১২ ৰ পৰা ১৪ জুলাইলৈ মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ'ব । অনুষ্ঠানবোৰৰ ভিতৰত আছে শুভ বিবাহ অনুষ্ঠান, শুভ আশীৰ্বাদ অনুষ্ঠান আৰু মংগল উৎসৱ ।

'Save The Date': Anant Ambani and Radhika Merchant's Grand Wedding Announced
অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ উৎসৱ (etv bharat)

চিটাৰা ডেস্ক, 30 মে’ : অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াখন ওচৰ চাপি আহিছে, অহা ১২ জুলাইত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান । বিশেষ দিনটো ওচৰ চাপি অহাৰ লগে লগে আম্বানী পৰিয়ালে কেইবাজনো অতিথিলৈ ‘ছেভ দ্য ডেট’ৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগে লগে আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰও পঠিয়াবলৈ আৰম্ভ কৰিছে ।

ৰঙা আৰু সোণালী ৰঙেৰে পৰম্পৰাগতভাৱে সজাই তোলা এই জটিল ডিজাইনৰ আমন্ত্ৰণী পত্ৰখনে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া বিবাহ অনুষ্ঠানৰ সবিশেষ উন্মোচন কৰিছে । ১২ জুলাই শুকুৰবাৰে শুভ বিবাহ অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হ’ব এই উৎসৱ, য’ত অতিথিসকলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে । পিছদিনা অৰ্থাৎ ১৩ জুলাই শনিবাৰে শুভ আশীৰ্বাদ অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অতিথিসকলক ভাৰতীয় আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

অন্তিম অনুষ্ঠানটো 14 জুলাই, দেওবাৰে মংগল উৎসৱ বা বিবাহৰ অভ্যৰ্থনাৰ সৈতে অনুষ্ঠিত হ'ব, য'ত অতিথিসকলক ভাৰতীয় আকৰ্ষণীয় পোছাক পিন্ধিবলৈ কোৱা হৈছে । তিনিওটা অনুষ্ঠান বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ অত্যাধুনিক জিঅ' ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হ'ব ।

বৰ্তমান আম্বানী পৰিয়ালে ইটালীৰ পৰা ফ্ৰান্সলৈ ক্ৰুজত বিবাহৰ পূৰ্বে এক অতিৰিক্ত আড়ম্বৰপূৰ্ণ উদযাপনৰ আয়োজন কৰিছে, য’ত অংশগ্ৰহণ কৰিছে বলীউডৰ জনপ্ৰিয় চেলেব্ৰিটী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলে । অতিথিৰ তালিকাখনত সমগ্ৰ বিশ্বৰ পৰা প্ৰায় 300 জন ভি.আই.পি. আছে ৷ ইয়াৰ পূৰ্বে মাৰ্চত অনুষ্ঠিত হৈছিল প্ৰথমটো প্ৰি-ৱেডিং অনুষ্ঠান ৷

লগতে পঢ়ক : টোগা পাৰ্টীত ভাগ ল’বলৈ গৈছে ইগৰাকীৰ পিচত সিগৰাকী বলীউড তাৰকা - Anant Radhika 2nd Pre Wedding

Last Updated : May 31, 2024, 11:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.