ETV Bharat / state

প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈৰ - Plastic free Brahmaputra

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 5:06 PM IST

Plastic Free Assam : ক্ৰমান্বয়ে প্লাষ্টিক হৈ পৰিছে ৰাইজৰ বাবে অভিশাপস্বৰূপ ৷ তেনেক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্লাষ্টিকৰ পেলনীয়া বটলৰে নিৰ্মাণ কৰা নাৱত উঠি বগীবিলৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰাৰ বাবে প্ৰস্তুতি চলাইছে ডিব্ৰুগড়ৰ এজন ব্যক্তিয়ে ৷ সবিশেষ এই প্ৰতিবেদনত ৷

PLASTIC FREE BRAHMAPUTRA
প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য (Etv Bharat Assam)

মৰাণ, 30 মে’: প্লাষ্টিক এতিয়া প্ৰকৃতিৰ বাবে হৈ পৰিছে প্ৰদূষণৰ প্ৰধান কাৰক । ৰাজ্য চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক বৰ্জন কৰিবলৈ জনাই আহিছে আহ্বান ৷ এইক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও প্লাষ্টিকৰ ব্যৱহাৰ কমি যোৱা নাই সমাজৰ পৰা ।

প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈৰ (Etv Bharat Assam)

নদ-নদীৰ লগতে বাটে-পথে এতিয়া কেৱল ব্যৱহাৰৰ অনুপযোগী প্লাষ্টিকৰ দম । মহাবাহু ব্ৰহ্মপুত্ৰৰ দুই পাৰে দমে দমে উঠি গৈছে প্ৰতিদিনে প্লাষ্টিকৰ বটল আৰু প্লাষ্টিকৰ আন সামগ্ৰী । তেনে সময়ত ব্ৰহ্মপুত্ৰক প্লাষ্টিকমুক্ত কৰাৰ বাবে এজন ব্যক্তিয়ে লৈছে অভিনৱ প্ৰচেষ্টা ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস- গ্ৰহ বনাম প্লাষ্টিক - Earth Day 2024

ডিব্ৰুগড়ৰ বুমনি ওৰফে ধীৰাজ বিকাশ গগৈয়ে "প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ" ক বিষয়বস্তু হিচাপে লৈ এক অভিনৱ দুঃসাহসী যাত্রাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ লগতে সজাগতাৰ বাৰ্তা দিয়াৰ বাবে চেষ্টা চলাইছে । ২০২১ চনৰে পৰাই এই প্ৰচেষ্টা অব্যাহত ৰাখিছে ব্যক্তিগৰাকীয়ে ৷

এইবাৰ প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন বিশেষ নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ যাব ধীৰাজ ৷ প্লাষ্টিকৰ পেলনীয়া বটল বুটলি সংগ্ৰহ কৰা মুঠ প্ৰায় ৩,০০০ টা বটলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই নাওখন । ২৮ ফুট দীঘল ৫ ফুট বহল নাওখন লৈ বুমনিয়ে এক জুনত গুৱাহাটীলৈ যাত্রা আৰম্ভ কৰিব । ১৩ দিনীয়া এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰত পোৱা প্লাষ্টিকৰ পেলনীয়া বটল আৰু আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰিব ৷

লগতে পঢ়ক: কাজিৰঙা বেম্বো বটল: প্লাষ্টিকৰ বিৰুদ্ধে চলোৱা যুঁজত মন জিনিছে চন্দন নাথে

ব্যক্তিগৰাকীৰ আন তিনিজন বন্ধুৱে এই কাৰ্যসূচীত সংগ প্ৰদান কৰিব ৷ অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ নদী প্ৰদূষণমুক্ত কৰাৰ বাবে এয়া ক্ষুদ্ৰ প্ৰয়াস বুলি কয় ধীৰাজ বিকাশ গগৈয়ে ।

উল্লেখ্যযোগ্য যে, ২০২১ চনত প্লাষ্টিকৰ বটলৰে নিৰ্মিত নাৱেৰে বুমনিয়ে বগীবিলৰ পৰা মাজুলী, দিহিংমুখ আদি ঠাইলৈও একেই বিষয়বস্তুৰে যাত্রা কৰিছিল । উক্ত যাত্ৰাকালত তেওঁ ৰাইজৰ পৰা যথেষ্ঠ সঁহাৰি লাভ কৰিছিল । গতিকে এইবাৰো ৰাইজক এইক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে বুমনিয়ে ।

লগতে পঢ়ক: 15 মে'ৰ ভিতৰত প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ - Review Meeting In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.