ETV Bharat / entertainment

কাইলৈ অনুৰাগীক সাক্ষাৎ কৰিবলৈ ৰামোজী ফিল্ম চিটিলৈ আহি আছে প্ৰভাস - Kalki 2898AD

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 7:45 PM IST

Kalki 2898AD: হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত এক বৃহৎ অনুষ্ঠানৰ বাবে সাজু হৈছে টিম কল্কি ২৮৯৮ খ্ৰীষ্টাব্দ । ছবিখনত ভৈৰৱ চৰিত্ৰৰ চৰিত্ৰত অভিনয় কৰা প্ৰভাসে প্ৰমোচনৰ সময়ত অনুৰাগীক সাক্ষাৎ কৰিব । এই অনুষ্ঠানতে প্ৰভাসে নিজৰ অনুৰাগীক এটা ডাঙৰ উপহাৰ দিবলৈ ওলাইছে ।

Get Ready! Prabhas and His 'Bujji' from Kalki 2898 AD to Meet Fans at Ramoji Film City Tomorrow
কাইলৈ অনুৰাগীক সাক্ষাৎ কৰিবলৈ ৰামোজী ফিল্ম চিটিলৈ আহি আছে প্ৰভাস (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 21 মে’: দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসৰ অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি কল্কি 2898 AD মুক্তিৰ বাবে মাজত মাথো এমাহ আৰু এসপ্তাহ বাকী ৷ আগন্তুক ২৭ জুনত মুক্তি পাব ছবিখনে ৷ প্ৰভাসৰ অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে কল্কি 2898 AD ছবিখন মুক্তিৰ বাবে ৷ একে সময়তে প্ৰভাসেও নিজৰ অনুৰাগীক বহুত দীঘলীয়া সময় অপেক্ষা কৰিবলৈ বাধ্য কৰাইছে যদিও ছবিখন মুক্তিৰ পূৰ্বে প্ৰভাসে অনুৰাগীক এটা ডাঙৰ উপহাৰ দিবলৈ ওলাইছে ৷ কাইলৈ ​​অৰ্থাৎ ২২ মে'ত অনুৰাগীৰ মাজত আহি আছে কল্কি 2898 ADৰ নিৰ্মাতাসকল ৷

কাইলৈ প্ৰভাসৰ অনুৰাগীসকলে পাব উপহাৰ

কল্কি ২৮৯৮এডিৰ নিৰ্মাতা বিজয়ন্তী মুভিয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত পোষ্টাৰ শ্বেয়াৰ কৰাৰ সময়তে কয় যে, কাইলৈ ​​২২ মে’ৰ সন্ধিয়া ৫ বজাত ৰামোজীয়ে ফিল্ম চিটিত এক অনুষ্ঠানৰ বাবে আহি আছে ৷ ইয়াত তেওঁ চিনেমাখনৰ বুজ্জী এক্স ভৈৰৱক চিনাকি কৰাই দিব ৷

এই পোষ্টটোত দেখুওৱা পোষ্টাৰখন চোৱাৰ পিছত স্পষ্ট হৈ পৰে যে ছবিখনত প্ৰভাস থিয় হৈ আছে ৷ ইয়াত প্ৰভাসৰ মুখখন দেখা নাযায় ৷ তেওঁক কেৱল হাতত অস্ত্ৰ লৈ থিয় হৈ থকাহে দেখা গৈছে ৷

কল্কি 2898 ADৰ কাহিনী কিহৰ ওপৰত আধাৰিত

কল্কি ২৮৯৮এডি হৈছে এখন পিৰিয়ড পৌৰাণিক কাহিনী ছবি, যিয়ে আপোনাক 2898 চনৰ যাত্ৰাত লৈ যাব ৷ এই ছবিখনত প্ৰভাস আৰু দীপিকা পাডুকনক মুখ্য চৰিত্ৰত দেখা যাব ৷ একে সময়তে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ ভূমিকা খলনায়কৰ চৰিত্ৰ বুলি কোৱা হৈছে ৷ আনহাতে ছবিখনত বলীউডৰ মোহময়ী অভিনেত্ৰী দিশা পাটানীকো দেখা যাব ৷ কেৱল এয়াই নহয়, মহানায়ক মেগাষ্টাৰ অমিতাভ বচ্চনো এই ছবিখনৰ এক অংশ ৷ ছবিখনত বিগ বিৰ চৰিত্ৰৰ নাম অশ্বত্থামা ৷ ইফালে এই ছবিখনৰ পৰিচালনা কৰিছে নাগ অশ্বিনে ৷

লগতে পঢ়ক: বিশেষ কোনোবা আহি আছে প্ৰভাসৰ জীৱনলৈ - prabhas new movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.