নুমলীগড়ত অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ - Arunachali Liquor Seized

By ETV Bharat Assamese Team

Published : May 21, 2024, 7:58 PM IST

thumbnail
চিমেন্টৰ তলত সুৰা (ETV BHARAT ASSAM)

গোলাঘাট, ২১ মে': এইবাৰ চিমেন্টৰ তলত সুৰা । বোকাখাতৰ নুমলীগড় তিনিআলিত আবকাৰী বিভাগে নাগালেণ্ডৰ পৰা অহা এখন ট্ৰাকখন জব্দ কৰে । NL 01 AE 5393 নম্বৰৰ ট্ৰাকখনে চিমেণ্টৰ তলত অতি কৌশলেৰে ইটানগৰৰ পৰা ডিমাপুৰলৈ কঢ়িয়াইছিল অৰুণাচলী সুৰা । পূৰ্বৰ পৰাই খাপপিটি থকা গোলাঘাট-বোকাখাতৰ আবকাৰীৰ দল এটাই চালকসহ জব্দ কৰে ট্ৰাকখন ।

নাগালেণ্ডৰ জনৈক ৰাজু নামৰ এটা কুখ্যাত সুৰা মাফিয়া এই কাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ট্ৰাকখনৰ চালক দিলীপ মাহাতোৱে । পিচত আবকাৰী বিভাগে ট্ৰাকখন জব্দ কৰি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ অনা হয় । উল্লেখযোগ্য যে বিভিন্ন সময়ত গোলাঘাট জিলাৰ ৩৭ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ হৈ আহিছে । কিন্তু ৰহস্যজনক বিষয় এই যে কেনেকৈ কেইবাখনো জিলা অতিক্ৰম কৰে এই সুৰা সমূহ ?

লগতে পঢ়ক:Illegal Arunachali Liquor Seized: বিশ্বনাথত 8 লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ

Liquor Seized: ডিব্ৰুগড়ত জব্দ কৰা অৰুণাচলী সুৰা ভৰ্তি দুখন ট্ৰাকক লৈ ৰহস্য

  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.