Illegal Arunachali liquor seized: বিশ্বনাথত 8 লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ - 15 নং ৰাষ্ট্ৰীয় ঘাইপথ

🎬 Watch Now: Feature Video

thumbnail
বিশ্বনাথত 8 লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ (undefined)

By ETV Bharat Assamese Team

Published : October 11, 2023 at 7:42 PM IST

Choose ETV Bharat

গহপুৰ, 11 অক্টোবৰ : ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ বুধবাৰে বিশ্বনাথ জিলাৰ হেলেমৰ বুৰৈঘাটত বহিঃৰাজ্যলৈ নি থকা অৱস্থাত কাৰ্টনে কাৰ্টনে অৰুণাচলী সুৰা জব্দ হয় ৷ 

জিলাখনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই উদ্ধাৰ হৈছে ট্ৰাকে ট্ৰাকে অবৈধ অৰুণাচলী সুৰা। হেলেমৰ বুৰৈঘাটত এক গোপন সূত্ৰৰ পম খেদি হেলেম আৰক্ষীয়ে অবৈধভাৱে কঢ়িয়াই অনা এক ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । AS 01 NC 6977 নম্বৰৰ ট্ৰাকখনত 696 কাৰ্টন অবৈধ অৰুণাচলী সুৰা অৰুণাচল প্ৰদেশৰ পৰা বহিঃৰাজ্যলৈ নি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় হেলেম আৰক্ষীয়ে । হেলেম আৰক্ষীয়ে লগতে দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। 

উল্লেখ্য যে জব্দকৃত সুৰাখিনিৰ আনুমানিক মূল্য প্ৰায় 8 লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে  ৷

লগতে পঢ়ক: Firing Incident: যোৰহাটত দিন দুপৰতে গুলীচালনা, সংকটজনক অৱস্থা গুলীবিদ্ধ যুৱকৰ