Firing Incident: যোৰহাটত দিন দুপৰতে গুলীচালনা, সংকটজনক অৱস্থা গুলীবিদ্ধ যুৱকৰ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:14 PM IST

thumbnail

যোৰহাট, 11 অক্টোবৰ : মুখ্যমন্ত্ৰীৰ যোৰহাট ভ্ৰমণৰ পূৰ্বে বুধবাৰে লিচুবাৰীত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বসন্ত দাস নামৰ এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা দুজনীয়া দুৰ্বৃত্তৰ এটা দলৰ । AS 03 AH 9322 নম্বৰৰ নিজ গাড়ীৰে আহি থকা যুৱকজনক লক্ষ্য কৰি গুলীচালনা কৰে আন এখন ছুইফ্ট বাহনত অহা দুজনীয়া যুৱকৰ এটা দলে। যুৱকজনৰ মুখৰ তলৰ অংশত গুলীটো লাগিছে বুলি জানিব পৰা গৈছে ৷ 

লগে লগে সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হয় যুৱকজনক। পৰৱৰ্তী সময়ত যুৱকজনৰ অৱস্থা অধিক সংকটজনক হোৱাত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে যুৱকজন পূৰ্বতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, কাইলৈ অৰ্থাৎ 12 অক্টোবৰত কেইবাটাও অভিলাসী প্ৰকল্পৰ শিলান্যাস কৰিবলৈ দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত উপস্থিত হ’বহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: Drugs peddler arrested: বেহাৰবাৰীত এছটিএফৰ অভিযান, গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.