Drugs peddler arrested: বেহাৰবাৰীত এছটিএফৰ অভিযান, গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 12:59 PM IST

thumbnail

গুৱাহাটী, ১১ অক্টোবৰ: মহানগৰীৰ বেহাৰবাৰীত বুধবাৰে পুৱাই এছ টি এফে অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰীটোৰ নাম মিথিংগা বসুমতাৰী বুলি জনা হৈছে । অভিযানকাৰী দলটোৱে সৰবৰাহকাৰীটোৰ পৰা ৩৩ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে । 

জানিব পৰা মতে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীটোৱে লখৰা, বেহাৰবাৰীৰ বিভিন্ন অঞ্চলত খুচুৰাভাৱে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। এই সম্পৰ্কত আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও দীৰ্ঘদিনে চলি থকা ড্ৰাগছৰ এই ৰমৰমীয়া বেহা উৎখাত কৰিবলৈ সক্ষম হোৱা নাছিল। 

আজি পুৱাৰ ভাগত বেহাৰবাৰীৰ জে’ল ৰোডত STF ৰ এটা দলে অভিযান চলাই সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে, দুটা মোবাইল ফোন, নগদ ধন জব্দ কৰে STF এ। 

ইতিমধ্যে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি বশিষ্ঠ থানাত গতাই দিছে STF ৰ দলটোৱে। উল্লেখযোগ্য যে, সৰবৰাহকাৰীটোৱে পূৰ্বেও চুৰিকে ধৰি বিভিন্ন অসামাজিক কামত লিপ্ত আছিল ৷

লগতে পঢ়ক: Moral policing: আৰক্ষীৰ সকীয়নি, লিপ্ত নহ’ব মৰেল পুলিচিঙৰ সৈতে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.