নলবাৰীৰ মুকালমুৱাত ই-ৰিক্সা আৰু বাইকৰ মুখামুখি সংঘৰ্ষত স্কুলীয়া ছাত্র আহত - Accident at Mukalmua

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:49 PM IST

thumbnail
ই-ৰিক্সা আৰু বাইকৰ মুখামুখি সংঘৰ্ষত স্কুলীয়া ছাত্র আহত (ETV BHARAT ASSAM)

নলবাৰী, 13 মে’ : নলবাৰীৰ মুকালমুৱাৰ হাজো-দৌলাশাল পথত সোমবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ ই-ৰিক্সা আৰু এখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ফলত ই-ৰিক্সাখনত উঠি বিদ্যালয়লৈ গৈ থকা এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয় ৷ আহত ছাত্ৰজনৰ নাম ৰেকিবুল হুছেইন (14) বুলি জানিব পৰা গৈছে ৷

আহত ছাত্ৰজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত ছাত্ৰজন নাৰায়ণপুৰ হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ৷ দুৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহনখনৰ নম্বৰ AS-09 J-5087 আৰু ই-ৰিক্সা খনৰ নম্বৰ AS-14 ER-2810 ৷ দুয়োখন বাহন বৰ্তমান মুকালমুৱা আৰক্ষীৰ জিম্মাত আছে ৷ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় চি চি টিভিত ৷ 

লগতে পঢ়ক : যাত্ৰীবাহী ৰে’লৰ খুন্দাত হোজাইত নিহত এজন - Hojai Train Collision

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.