যাত্ৰীবাহী ৰে’লৰ খুন্দাত হোজাইত নিহত এজন - Hojai train collision

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:14 AM IST

thumbnail
যাত্ৰীবাহী ৰে’লৰ খুন্দাত হোজাইত নিহত এজন (ETV Bharat Assam)

হোজাই, 13 মে’ : হোজাই জিলাত অঘটন ৷ হোজাইৰ লংকা 2 নং ৰে’ল গেটত দেওবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা । নমনিমুৱা অবধ আসাম যাত্ৰীবাহী ৰে’লৰ খুন্দাত নিহত হয় এজন যুৱক । নিহত যুৱকজনৰ বয়স অনুমানিক 40 বছৰ ৷ সংবাদ মাধ্য়মৰ আগত এমই কথা সদৰী কৰিছে লংকা আৰক্ষীয়ে ৷

বাতৰি যুগুত কৰা পৰলৈকে উদ্ধাৰ হোৱা নাই নিহত যুৱকজনৰ পৰিচয় ৷ জানিব পৰা মতে, প্ৰথমতে স্থানীয় লোকে ৰে’ল লাইনৰ কাষতে প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ ৷ তাৰ পাচত স্থানীয় লোকে খবৰ দিয়ে লংকা আৰক্ষীৰ লগতে ৰে’ল আৰক্ষীক ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই নিশাই উক্ত স্থানত লংকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত ৷

লগতে পঢ়ক : চামগুৰিৰ হদহদী জলপ্ৰপাতত যুৱকৰ মৃতদেহ উদ্ধাৰ - DEATH BY DROWNING

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.