Moral policing: আৰক্ষীৰ সকীয়নি, লিপ্ত নহ’ব মৰেল পুলিচিঙৰ সৈতে

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:11 AM IST

Updated : Oct 11, 2023, 9:44 AM IST

thumbnail

মৰিগাঁও, 11 অক্টোবৰ : মৰেল পুলিচগিৰি কৰাসকল সাৱধান । মঙলবাৰে মৰিগাঁৱত মৰেল পুলিচগিৰি কৰাৰ অভিযোগত পাঁচ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কাৰো আইন হাতত তুলি লোৱাৰ অধিকাৰ নাই । পাঁচ অভিযুক্তৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব আইনগত ব্যৱস্থা । মঙলবাৰে এই মন্তব্য কৰিছে মৰিগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ।

মঙলবাৰে বিয়লি সংবাদ মেল সম্বোধন কৰি লগতে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত ভলুকাগুৰিত বিগত ২৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল এক মৰেল পুলিচগিৰিৰ ঘটনা । এই ঘটনাৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত পাঁচ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ঘটনাৰ বিৱৰণী মতে, বিগত ২৮ ছেপ্টেম্বৰৰ নিশা প্ৰায় দহ বজাত কালমৌবাৰী ভলুকাগুৰিত এজন যুৱকক এটা ঘৰত আবদ্ধ কৰি নিশা দলব্ধভাৱে আক্ৰমণ কৰিছিল এদল মানুহে ।

এই ঘটনাত জড়িত শ্বাহজাহান, এমৰাজুল ইছলাম, চুলেমান আলী, ৰাহুল হুছেইন আৰু ৰহমান আলী নামৰ পাঁচজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ইয়াৰে দুজনক সোমবাৰে আৰু মঙলবাৰে আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তৰ মতে, প্ৰেমজনিত কাৰণত সংঘটিত হৈছিল এই মৰেল পুলিচিঙৰ কাণ্ড । ঘটনাৰ সন্দৰ্ভত মিকিৰভেটা আৰক্ষী থানাত ২০৬/২৩ ভাৰতীয় দণ্ড বিধি ৩৪২/৩২৫/৩২৩/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি অব্যাহত ৰাখিছে তদন্ত । একেদৰে ঘটনাৰ পিচৰ পৰা সন্ধানহীন হোৱা যুৱকজনৰ সন্দৰ্ভতো অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : Moral policing incident: চৰাইদেউত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা

Last Updated : Oct 11, 2023, 9:44 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.