পিতৃয়ে গচকি হত্যা কৰিলে তিনিমহীয়া সন্তানক - FATHER KILLED THREE MONTH OLD CHILD

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:42 PM IST

thumbnail
পিতৃয়ে গচকি হত্যা কৰিলে তিনিমহীয়া সন্তানক (ETV BHARAT ASSAM)

মৰাণ, 23 মে’ : ডিব্ৰুগড় জিলাৰ মৰাণৰ কচুমাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । পিতৃ-মাতৃৰ কাজিয়াৰ মাজতে পাষাণ পিতৃয়ে গচকি হত্যা কৰিলে তিনিমহীয়া সন্তানক। 

জানিব পৰা অনুসৰি গাঁওখনৰ বুধন গড় আৰু সোণমণি গড়ে বুধবাৰে নিশা প্ৰথমে কাজিয়াত লিপ্ত হয় । এই কাজিয়াৰ মাজতে বুধন গড়ে নিজৰ তিনিমহীয়া পুত্ৰ সন্তানক গচকে । তাৰ পিছতে আজি দিনত শিশুটোৱে মাতৃৰ দুগ্ধপান কৰিছিল যদিও কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নকৰাত বৃহস্পতিবাৰে সন্ধিয়া শিশুটোৰ মৃত্যু হয় ।

তাৰ পিছতে স্থানীয় লোকে এই ঘটনাৰ খবৰ কচুমাৰি গাঁওৰক্ষী বাহিনীক অৱগত কৰে ৷ খবৰ লাভ কৰিয়েই গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হৈ মৰাণহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে পিতৃ-মাতৃক আটক কৰে । মৰাণহাট আৰক্ষীয়ে ইতিমধ্যে পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে । সম্প্ৰতি শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক: এজন আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি; পৰিস্থিতি উত্তেজনাপূৰ্ণ - Khelmati police station

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.