ETV Bharat / state

আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি ; পৰিস্থিতি উত্তেজনাপূৰ্ণ - Attack On Khelmati Out Post

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 11:04 AM IST

Updated : May 23, 2024, 12:23 PM IST

Assam Police: লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । এজন লোকৰ মৃত্যুক কেন্দ্র কৰি প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি ধাৰণ । আৰক্ষীলৈ নিক্ষেপ কৰিলে শিলগুটি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা ৷ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

KHELMATI POLICE STATION
খেলমাটি আৰক্ষী চকী উত্তপ্ত (Source : Etv Bharat Assam)

খেলমাটি আৰক্ষী চকী উত্তপ্ত (Source : Etv Bharat Assam)

লখিমপুৰ, 23 মে’: লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী অভিযুক্তৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি ৷

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ পশ্চিম চান্দমাৰীৰ বাসিন্দা আৰ্চভ আলী নামৰ এগৰাকী 42 বছৰীয়া ব্যক্তিৰ বুধবাৰে নিশা খেলমাটি থানাত মৃত্যু ঘটে ৷ এটা চুৰি ম’বাইলৰ গেঙৰ সৈতে জড়িত হোৱাৰ অপৰাধত আৰক্ষীয়ে ব্যক্তিগৰাকীক আটক কৰিছিল ৷ পিছে আলীয়ে থানাৰ ভিতৰত শাৰিৰীক অসুস্থতা অনুভৱ কৰি চকীত বহি থকা অৱস্থাৰ পৰা মাটিত বাগৰি পৰে ৷

ততাতৈয়াকৈ আৰক্ষীয়ে ব্যক্তিগৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই ৷ এই কথাৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতে বৃহস্পতিবাৰে পুৱা শতাধিক ৰাইজে থানা ঘেৰাও কৰি আৰক্ষীলৈ শিল নিক্ষেপ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় ৷

অৱশ্যে এই ঘটনাৰ ক্ষীপ্ত তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ আৰক্ষীৰ সঞ্চালকপ্ৰধান গৰাকীয়ে সামাজিক মাধ্যম এক্সযোগে এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ নিৰ্দেশ দিয়ে ৷ ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে দুজনকৈ আৰক্ষীৰ লগতে গৃহ বিভাগৰ এজন লোকক ৷ নিলম্বিত হোৱা আৰক্ষী দুগৰাকী হৈছে ক্ৰমে খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাই, কনিষ্টবল ভৈৰৱ দেউৰী আৰু গৃহৰক্ষী বিভাগৰ জোৱান অনিল বৰা ৷

ইতিমধ্যে আৰক্ষীৰ উপ মহা পৰিদৰ্শকৰ নিৰ্দেশ অনুসৰি এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰা হৈছে । ঘটনাটোক কেন্দ্র কৰি বৃহস্পতিবাৰে পুৱাৰ পৰাই সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ এতিয়াও শাম কটা নাই ।

ইতিমধ্যে জিলাখনৰ বিভিন্ন থানাৰ পৰা আৰক্ষীৰ লোক আনি ঘটনাস্থলীত মোতায়েন কৰা হৈছে । আৰক্ষীৰ সমান্তৰালকৈ অৰ্ধ সামৰিক বাহিনী, আৰক্ষীৰ বেটালিয়ন আদিয়েও পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে । প্ৰতিবাদ দমন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীও সাজু হৈ আছে । পৰৱৰ্তী সময়ত এই ঘটনাই কোন দিশে মোৰ লয় সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: পানীতোলা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি; আৰক্ষীৰ শূন্যলৈ গুলী, লাঠীচাৰ্জ - Panitola Outpost Firing Case

Last Updated : May 23, 2024, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.