ETV Bharat / state

পানীতোলা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি; আৰক্ষীৰ শূন্যলৈ গুলী, লাঠীচাৰ্জ - panitola outpost firing case

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:23 AM IST

Panitola outpost firing case : পানীতোলা আৰক্ষী চকীত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ চোৰৰ সন্দেহত শ্ৰমিকক আটক কৰি মাৰধৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷

Panitola outpost firing case
পানীতোলা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি: আৰক্ষীৰ শূন্যলৈ গুলী, লাঠীচাৰ্জ (Etv Bharat Assam)

পানীতোলা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি: আৰক্ষীৰ শূন্যলৈ গুলী, লাঠীচাৰ্জ (Etv Bharat Assam)

তিনিচুকীয়া, 14 মে’ : তিনিচুকীয়া জিলাৰ পানীতোলা আৰক্ষী চকীত মঙলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠীচাৰ্জ কৰাৰ লগতে আৰক্ষীয়ে শূন্যলৈ গুলী নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

ঘটনাৰ সবিশেষ অনুসৰি, যোৱা 11 মে’ত পানীতোলা চাহ বাগিচাৰসহ পৰিচালক স্বাগত দাসৰ বাসগৃহত নিশা এক চুৰিকাণ্ড সংঘটিত হয় ৷ তাৰ পিচতেই বাগিচাৰ পৰিচালকগৰাকীয়ে থানাত গোচৰ দিয়ে ৷ গোচৰ দিয়াৰ পাচতেই আৰক্ষীয়ে চাৰিগৰাকী পুৰুষসহ এগৰাকী মহিলা মুঠ পাঁচগৰাকীক আটক কৰি সোধপোছ কৰে ৷ আটকাধীনকেইজন ক্ৰমে ৰঞ্জিত প্ৰধান, জীতেন মুঢ়া, বিনোদ ওৰাং বুলি জানিব পৰা গৈছে ৷

কিন্তু তাৰ মাজতে পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটকাধীন কেইজনক স্বীকাৰোক্তিৰ বাবে বাধ্য কৰাবলৈ বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে ৷ তাৰ পিচতে আটকাধীন শ্রমিককেইজন কোনো কাৰণতে চুৰি কাৰ্যত জড়িত নহয় বুলি দাবী কৰি বাগিচাখনে শ শ চাহ শ্রমিক উত্তেজিত হৈ বাগিচাৰ সকলো কাম এৰি পানীতোলা আৰক্ষী চকী বিয়লি ঘেৰাও কৰে ।

প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰি কয় যে আটক কৰা লোকসকলক অচিৰেই উলিয়াই দিব লাগে ৷ আৰক্ষীয়ে উচিত তদন্ত নকৰাকৈ শ্ৰমিককেইজনক আটক কৰি আনিছে সোমবাৰে বিয়লিৰ পৰা পানীতোলা আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াতেই ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে আৰক্ষী চকীৰ চৌহদৰ পৰা উলাই আহি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

উপায়হীন হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ লাঠীচালনা কৰাৰ লগতে শূন্যলৈ তিনি জাঁই গুলী নিক্ষেপ কৰে ৷ লগতে আটকাধীন লোক কেইগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি পৰিস্থিতিৰ নিয়ন্ত্ৰণ হৈছে যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.