ETV Bharat / bharat

নিশা ঘৰত প্ৰৱেশ কৰি সেনা জোৱানৰ পত্নীক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ - Ranchi gang rape

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:57 PM IST

Gang rape of army jawan's wife: লেহত নিয়োজিত সেনা জোৱানৰ পত্নীৰ সৈতে সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা । এই গোচৰত চাৰিজন লোকৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰা হৈছে । আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যস্ত আৰক্ষী ।

Gang rape of army jawan's wife
RANCHI GANG RAPE (Getty images)

নিউজ ডেস্ক, ২৮ মে’: দেশত যেন এতিয়া সুৰক্ষিত নহয় মহিলা ৷ নিতৌ এটাৰ পিচত আন এটা নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে ৷ এইবাৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী সেনা জোৱানৰ পত্নী ৷ মাজনিশা চাৰিজন লোকে জোৱানজনৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পত্নীক ধৰ্ষণ কৰে । লেহত দেশৰ নিৰাপত্তাৰ সেৱাত নিয়োজিত হৈ আছে সেনা জোৱানগৰাকী ৷ এই ঘটনাৰ পিচতেই গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ খাৰসীদাগ অঞ্চলত ৷

সমগ্ৰ ঘটনাটো কি ?

সেনা জোৱানজনৰ পত্নীয়ে খাৰসীদাস আৰক্ষী চকীত দাখিল কৰা এজাহাৰত কৈছে যে তেওঁ মাত্ৰ ১৫ দিন পূৰ্বে নতুন ঘৰটোত থাকিবলৈ আহিছিল । সোমবাৰে নিশা প্ৰায় ১২ বজাত চাৰিজন যুৱকে তেওঁৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰে । মহিলাগৰাকীৰ মতে, ধৰ্ষণকাৰীৰ কোনো এজনকো তেওঁ চিনি নাপায় । তথ্য অনুসৰি ভুক্তভোগী মহিলাগৰাকী ঘৰটোত সন্তান দুটিৰ সৈতে শুই আছিল ৷ সেই সময়ছোৱাত চাৰিজন যুৱকে ঘৰত সোমাই পণবন্দী কৰি মহিলাগৰাকীক ধৰ্ষণ কৰিছিল । মহিলাগৰাকীৰ স্বামী ভাৰতীয় সেনাবাহিনীত কৰ্মৰত আৰু তেওঁৰ পোষ্টিং বৰ্তমান লেহত ।

লগতে পঢ়ক: তিনি যুৱকৰ নিকৃষ্টকাণ্ড: 15 বছৰীয়া কিশোৰীক অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণ - minor girl kidnapped and gang raped

ঘটনাস্থলীত উপস্থিত আৰক্ষী :

আনহাতে, ৰাঁচীৰ গ্ৰাম্য আৰক্ষী অধীক্ষক সুমিত আগৰৱালা আৰু মুখ্য কাৰ্যালয়ৰ ডি এছ পি অমৰ পাণ্ডেই ভুক্তভোগী মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ ঘটনাৰ তথ্য লাভ কৰি তদন্ত কৰে । ভুক্তভোগী মহিলাগৰাকীয়েও দুয়োজন বিষয়াৰ আগত নিজৰ এই ঘটনাৰ কথা কয় । ৰাঁচী গ্ৰাম্য আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই কয় যে শেহতীয়াকৈ ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ নতুনকৈ নিৰ্মাণ কৰা ঘৰত থাকিবলৈ আহিছিল ।

লগতে পঢ়ক: ধৰ্ষণৰ 30 বছৰৰ পিচত ন্যায় বিচাৰ: দুই অভিযুক্তক 30 টকা জৰিমনাসহ 10 বছৰৰ কাৰাদণ্ড - Rape victim got justice

গ্ৰাম্য আৰক্ষী অধীক্ষকৰ মতে, ভুক্তভোগী মহিলাগৰাকীয়ে ধৰ্ষণ কৰা চাৰিজন অপৰাধীৰ কোনো এজনকো চিনি নাপায় । ভুক্তভোগী মহিলাগৰাকীৰ মতে, নিশা ১২ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰত চাৰিটা অপৰাধীয়ে তেওঁৰ ঘৰত প্ৰৱেশ কৰি দলবদ্ধ ধৰ্ষণ কৰে । ভুক্তভোগী মহিলাগৰাকীৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি গোচৰ ৰুজু কৰা হৈছে । মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰা হৈছে । এই অপৰাধত জড়িত অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বন্ধুৱে ডিঙি ৰেপি হত্যা কৰিলে বন্ধুক, কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ - Man Slits Throat Of Friend

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.