ETV Bharat / bharat

ধৰ্ষণৰ 30 বছৰৰ পিচত ন্যায় বিচাৰ: দুই অভিযুক্তক 30 টকা জৰিমনাসহ 10 বছৰৰ কাৰাদণ্ড - Rape victim got justice

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:46 PM IST

Justice after 30 years: সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি ৷ পলমকৈ হ’লেও সত্য পোহৰলৈ আহিবই ৷ এটা ধৰ্ষণৰ গোচৰে পুনৰ এবাৰ এই কথা প্ৰমাণ কৰিলে ৷ ধৰ্ষণৰ 30 বছৰৰ পিছত ন্যায় লাভ কৰিলে ধৰ্ষিতাই ৷

Justice after 30 years
Rape victim got justice (ANI)

নিউজ ডেস্ক, 22 মে’: 30 বছৰ পূৰ্বে সংঘটিত এটা দলবদ্ধ ধৰ্ষণৰ গোচৰৰ শুকুৰবাৰে ৰায় দিলে আদালতে ৷ 3 বছৰ পূৰ্বে দাখিল হৈছিল এই ধৰ্ষণকাণ্ডৰ গোচৰ ৷ বিচা প্ৰক্ৰিয়াৰ অন্তত দুই অভিযুক্তক 10 বছৰৰ বাবে কাৰাদণ্ড বিহা হয় ৷ এই ঘটনাটো আন ধৰ্ষণৰ ঘটনাত কৈ পৃথক ৷ ঘটনাটোৰ সবিশেষ জানিলে আপুনিও আচৰিত নহৈ নোৱাৰে ৷

পুত্ৰই তৰিলে মাতৃৰ ধৰ্ষণৰ গোচৰ : 1994 চনত 12 বছৰীয়া এগৰাকী নাবালিকাৰ সৈতে সংঘটিত হৈছিল ধৰ্ষণৰ ঘটনাটো ৷ এই কাণ্ড সংঘটিত কৰিছিল দুই ভাতৃয়ে ৷ ঘটনাৰ 27 বছৰ পিছত সেই ধৰ্ষিতাগৰাকীৰ পুত্ৰই আৰক্ষীৰ ওচৰত দাখিল কৰে মাতৃৰ সৈতে সংঘটিত এই অপৰাধৰ বিৰুদ্ধে এজাহাৰ ৷ দুই অভিযুক্ত ভাতৃয়ে এই ঘটনা অস্বীকাৰ কৰিছিল যদিও ধৰ্ষিতাগৰাকীৰ পুত্ৰৰ সৈতে তেওঁলোকৰ ডিএনএ পৰীক্ষা কৰাবলৈ আদালতে নিৰ্দেশ দিয়ে ৷ ডিএনএ পৰীক্ষাত তিনিওৰে ডিএনএৰ মিল থকাটো প্ৰমাণিত হয় ৷ তাৰ পিচতেই আদালতে দুই ভাতৃক দহ বছৰৰ বাবে কাৰাদণ্ড বিহে ৷ আৰক্ষীয়ে কয় যে আদালতৰ নিৰ্দেশত এফআইআৰ পঞ্জীয়ন কৰাৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰি ডিএনএ পৰীক্ষা কৰোৱা হয় ৷ তাৰ পিছত আদালতে অভিযুক্তক শাস্তি প্ৰদান কৰিছে । ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ ৷

কি হৈছিল 30 বছৰৰ পূৰ্বে : বিচাৰ বিভাগৰ মতে, 1994 চনত 12 বছৰীয়া কিশোৰীগৰাকীয়ে শ্বাহজাহানপুৰৰ ভগ্নী আৰু ভাতৃৰ ঘৰত বাস কৰিছিল । দুয়োজনেই চৰকাৰী কৰ্মচাৰী আছিল আৰু দুয়োজনেই ৰাতিপুৱা কামলৈ গৈছিল । তাৰ সুযোগ লৈয়েই একেটা চুবুৰীতে বাস কৰা নাকি হাছান আৰু গুড্ডুৱে ঘৰত প্ৰৱেশ কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ।

লগতে পঢ়ক: হিট্ এণ্ড ৰাণ: নাবালকৰ গাড়ীৰ খুন্দাত নিহত প্ৰেমিক-প্ৰেমিকা; ৰাজ্যৰ ৰাজনীতি গৰম কৰিছে এই দুঘৰ্টনাই - Pune Porsche Accident

লোকলজ্জাৰ ভয়ত কাকো একো ক’ব নোৱাৰিলে ভুক্তভোগীয়ে । ইয়াৰ সুযোগ লৈ দুয়োজনে কিশোৰীগৰাকী ধৰ্ষণ কৰি থাকিল । ফলত 13 বছৰ বয়সত গৰ্ভৱতী হয় কিশোৰীগৰাকী । ইয়াৰ পিছত কেনেবাকৈ ভুক্তভোগীৰ ভগ্নী আৰু ভাতৃয়ে এই কথা গম পোৱাৰ লগে লগে দুই ভাতৃক সোধা-পোচা কৰে যদিও অভিযুক্তই ভাবুকি দি তেওঁলোকৰ মুখ বন্ধ কৰে ।

ইয়াৰ পিছত ভগ্নী আৰু ভাতৃয়ে কিশোৰীগৰাকীক ৰামপুৰলৈ লৈ যায় । তাতেই তেওঁ এটি পুত্ৰ সন্তান জন্ম দিয়ে । পিছত পুত্ৰক কোনো আত্মীয়ক ডাঙৰ-দীঘল কৰিবলৈ দি ভুক্তভোগী কিশোৰীগৰাকীক বিয়া কৰাই দিয়া হয় ।

পোহৰলৈ আহিল সত্য : ঘটনাটোৱে এটা নতুন মোৰ ল’লে যেতিয়া ভুক্তভোগীয়ে 17 বছৰীয়া পুত্ৰৰ আগত নিজৰ সেই অধ্যায়ৰ কথা ক’লে । ইয়াৰ পিছতে পুত্ৰই 21 চনৰ মাৰ্চ মাহত সদৰ বজাৰ থানাত অভিযুক্ত নাকি হাছান আৰু গুড্ডু দুয়োৰে বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল ৷ কিন্তু অভিযুক্তই ধৰ্ষণৰ ঘটনাটো অস্বীকাৰ কৰিছিল । ইয়াৰ পিছতে আদালতৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে ভুক্তভোগীৰ পুত্ৰ আৰু অভিযুক্তৰ ডিএনএ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । তদন্তত ডিএনএৰ মিল থকাৰ পিছত নাকি হাছান আৰু গুড্ডু দুয়োজনেই মহিলাগৰাকীক ধৰ্ষণ কৰা বুলি নিশ্চিত হয় ।

30 বছৰৰ পিচত ন্যায় লাভ: ডিএনএ মিল থকাৰ লগতে ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত অতিৰিক্ত সত্ৰ ন্যায়াধীশ লৱী যাদৱে ধৰ্ষণৰ অভিযুক্ত নাকি হাছান আৰু গুড্ডুক 10 বছৰৰ বাবে কাৰাদণ্ড দিয়াৰ লগতে 30 টকাকৈ জৰিমনাও আৰোপ কৰে ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ হৰ্ডিংকাণ্ডৰ তদন্তৰ বাবে SIT গঠন - Mumbai Hoarding Collapse

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.