ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ হৰ্ডিংকাণ্ডৰ তদন্তৰ বাবে SIT গঠন - Mumbai Hoarding Collapse

author img

By ANI

Published : May 22, 2024, 12:07 PM IST

Special Investigation Team: মায়ানগৰী মুম্বাইৰ হৰ্ডিং খহি পৰা ঘটনাৰ আঁৰত আছে কোন ? কাৰ দোষৰ বাবে প্ৰাণ হেৰুৱাইছিল ১৬ জন লোকে ?

Special Investigation Team
বিশেষ অনুসন্ধান দল (ETV BHARAT)

নেশ্যনেল ডেস্ক, ২২ মে’: যোৱা ১৩ মে'ত মায়ানগৰী মুম্বাইত এজাক প্ৰচণ্ড ধূলিৰ ধুমুহাই বিপৰ্যয় সৃষ্টি কৰাৰ সময়ত চহৰখনৰ ঘাটকোপাৰ এলেকাত সংঘটিত দুৰ্ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধান দল (এছ আই টি) গঠন কৰা হৈছে । এই তদন্তৰ বাবে এটা ছজনীয়া বিশেষ অনুসন্ধান দল (এছ আ ইটি) গঠন কৰিছে মুম্বাই অপৰাধ শাখাই ।

এই সন্দৰ্ভত বুধবাৰে মুম্বাই অপৰাধ শাখাৰ বিষয়াই কয়, "মাহটোৰ আৰম্ভণিতে প্ৰচণ্ড ধুমুহাৰ ফলত এক বৃহৎ হৰ্ডিং খহি পৰাৰ ফলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৫ জন আহত হৈছিল । মুম্বাই অপৰাধ শাখাই যোৱা সপ্তাহত এই ঘটনাৰে জড়িত হৰ্ডিঙৰ মালিক ভৱেশ ভিদেক ৰাজস্থানৰ উদয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰি মুম্বাইলৈ আনিছে" ৷

এই ঘটনাৰ পিচতেই মুম্বাই আৰক্ষীয়ে পন্তনগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০৪, ৩৩৮, ৩৩৭ আৰু ৩৪ ৰ অধীনত মালিক ভৱেশ ভিদে আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । মুম্বাই অপৰাধ শাখাৰ বিষয়াই পুনৰ কয়, "আৰক্ষীয়ে ভিদেক কেনেকৈ হৰ্ডিঙৰ চুক্তি প্ৰদান কৰা হৈছিল আৰু তেওঁ কিমান উপাৰ্জন কৰিছিল সেয়া অনুসন্ধান কৰি আছে" ৷

মুম্বাই অপৰাধ শাখাই ঘটনাটোৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে এতিয়া বিষয়টো তদন্ত কৰিব । এছ আই টিয়ে মুখ্য অভিযুক্ত ভৱেশ ভিদেৰ বাসগৃহ পৰীক্ষা কৰি তাৰ পৰা গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে ।

এক চৰকাৰী বিবৃতি মতে, ভিদেৰ বিভিন্ন বেংকত মুঠ ৭ টা বেংক একাউণ্ট আছে । তেওঁ কেনেকৈ হৰ্ডিঙৰ চুক্তি লাভ কৰিছিল আৰু কিমান উপাৰ্জন কৰিছিল সেয়াও আৰক্ষীয়ে অনুসন্ধান কৰি আছে ।

বিবৃতিটোত পুনৰ উল্লেখ কৰা হৈছে যে, এছ আই টিয়ে ভিদেৰ কোম্পানীৰ কেইজনমান বিষয়াৰ ভাষ্যও লিপিবদ্ধ কৰিছে । এই ঘটনাটোৰ এদিন পিছত বিজেপি নেতা কিৰিট চোমাইয়াই পূৰ্বৰ মহাৰাষ্ট্ৰ চৰকাৰক লৈ এক মন্তব্য় কৰি কৈছিল যে, 2019 ৰ 28 নৱেম্বৰত উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰে এই সম্পত্তিটো ।

এইটো তেতিয়াৰ মহাৰাষ্ট্ৰ চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰেই বুলিও তেওঁ মন্তব্য় কৰে । এই ঘটনাটোৰ পিছত বৃহৎ মুম্বাই পৌৰ নিগমৰ (বিএমচি) আয়ুক্তই কয় যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে হৰ্ডিঙৰ বৈধতা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:মুম্বাইত ধুমুহাৰ তাণ্ডৱ; হৰ্ডিং খহি নিহতৰ সংখ্যা ১৪ লৈ বৃদ্ধি - Mumbai Hoarding Collapse

পুনৰ দুটা মৃতদেহ উদ্ধাৰ; হৰ্ডিং খহি নিহত লোকৰ সংখ্য়া 16 জনলৈ বৃদ্ধি - Mumbai Hoarding Collapse

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.