ETV Bharat / bharat

মুম্বাইত ধুমুহাৰ তাণ্ডৱ; হৰ্ডিং খহি নিহতৰ সংখ্যা ১৪ লৈ বৃদ্ধি - Mumbai Hoarding Collapse

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:50 AM IST

MUMBAI HOARDING TRAGEDY : মুম্বাইত ধুমুহাৰ ফলত বৃহৎ ক্ষতি হৈছে । দুটা পৃথক দুৰ্ঘটনাত, 14 জন লোকৰ মৃত্যু হয় আৰু 88 জন লোক আহত হয় । ইয়াৰ ভিতৰত ৭৪ জন লোকক উদ্ধাৰ কৰা হৈছে ।

MH Mumbai hoarding collapse update
ধুমুহাৰ ফলত বৃহৎ ক্ষতি (ETV BHARAT)

নেশ্যনেল ডেস্ক, 14 মে’ : প্ৰথমটো ধূলিৰ ধুমুহাই সোমবাৰে মায়া নগৰী মুম্বাইলৈ কঢ়িয়াই আনিলে দুৰ্যোগ । ধূলিৰ ধুমুহাত ঘাটকোপাৰত দুটাকৈ দুৰ্ঘটনা সংঘটিত হয় । ঘাটকোপাৰত ধুমুহাৰ ফলত হৰ্ডিং খহি পৰাত হোৱা মৃত্যুৰ সংখ্যা ১৪ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে আহত হৈছে ৮৮ জন । মুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি ইয়াৰে এজনৰ অৱস্থা সংকটজনক ৷

ইফালে ৩১জন আহতক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে এন ডি আৰ এফৰ দল সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শোক প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ঘটনাটোত নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কয়, "মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত হৰ্ডিং খহি পৰাৰ ফলত বহুলোকৰ প্ৰাণ হেৰুওৱাৰ খবৰ অতি দুখজনক । মই শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মই আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু সাহায্য আৰু উদ্ধাৰ অভিযানত সফলতা কামনা কৰিছো ৷"

উপ ৰাষ্ট্ৰপতি ধনখৰে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৷ উপ ৰাষ্ট্ৰপতি ধনখৰে এই শোকাৱহ ঘটনাত আহত আটাইকেইজনৰে আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায় । তেওঁ টুইটাৰযোগে কয়, ‘‘মুম্বাইৰ ঘাটকোপাৰত বিলবোৰ্ড পৰি যোৱা ঘটনাত মানুহৰ মৃত্যুৰ কথা জানি মই দুখী । এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা । মই আহত সকলোলোকৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।"

মুম্বাই আৰক্ষী আয়ুক্ত : মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰে এক্সত পোষ্ট কৰি ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । তেওঁ কয়, ‘‘আজি ঘাটকোপাৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । মুম্বাই আৰক্ষীৰ দলটো উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আমি নাগৰিকসকলক আশ্বাস দিছো যে এই দুৰ্ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’

তাৎপৰ্যপূৰ্ণভাৱে, সোমবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত তীব্ৰ বতাহ আৰু ধুমুহাৰ সৈতে ধাৰাসাৰ বৰষুণ হৈছিল । এই ধুমুহাৰ বৰষুণৰ ফলত মুম্বাইৰ ৱাডালা আৰু ঘাটকোপাৰত দুটা দুৰ্ঘটনা সংঘটিত হয় । ঘাটকোপাৰত, পেট্ৰ'ল পাম্পত ডাঙৰ হৰ্ডিং পৰি যোৱাৰ ফলত 14 জন লোকৰ মৃত্যু ঘটে । আহতসকল ৰাজাৱাড়ী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে : মুম্বাই আৰক্ষীয়ে পন্তনগৰ আৰক্ষী থানাত আইপিচি ৩০৪, ৩৩৮, ৩৩৭ আৰু ৩৪ ৰ অধীনত মালিক ভবেশ ভিদে আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । মুখ্যমন্ত্ৰী শিন্দেই এইটোও কৈছিল যে চৰকাৰে আহতসকলৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিব । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়েও মৃতকৰ আত্মীয়সকলক ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে ।

প্ৰত্যক্ষদৰ্শীয়ে ঘটনাটো বিতংভাৱে বৰ্ণনা কৰে । জানিব পৰা অনুসৰি, হৰ্ডিং পৰি যোৱাৰ সময়ত বহুতো গাড়ী, বাইক আৰু মানুহ আৱদ্ধ হৈ পৰে । ইয়াৰ পিচত ঘটনাস্থলীত চিঞৰ বাখৰ আৰম্ভ হয় ৷ উপস্থিত মানুহে আৱদ্ধ লোকসকলক বাহিৰলৈ উলিয়াই আনিবলৈ সহায়ত নামি পৰে । আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান ঘটনাস্থলীত উপস্থিত হয় । উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় ।

আন এটা পৃথক ঘটনাত, মুম্বাইৰ ৱাডালা অঞ্চলৰ এটা ৰাস্তাত এটা নিৰ্মাণৰত অৱস্থাত থকা ধাতুৰ পাৰ্কিং খহি পৰে ৷ যাৰ ফলত কমেও তিনিজন লোক নিহত হয় আৰু 59 জন আহত হয় ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰত হৰ্ডিং খহি ১৪ গৰাকীৰ মৃত্যু, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ - Mumbai Hoarding Collapse

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.