ETV Bharat / bharat

মহাৰাষ্ট্ৰত হৰ্ডিং খহি ১৪ গৰাকীৰ মৃত্যু, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ - Mumbai hoarding collapse

author img

By ANI

Published : May 14, 2024, 9:22 AM IST

MUMBAI HOARDING TRAGEDY : মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত সোমবাৰে এখন হৰ্ডিং খহি পৰি ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয় । ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । ঘটনাৰ দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস মুম্বাই আৰক্ষীৰ ।

Mumbai hoarding collapse
মহাৰাষ্ট্ৰত হৰ্ডিং খহি ৮ জনৰ মৃত্যু, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ (ANI)

নেশ্যনেল ডেস্ক,১৪ মে': মহাৰাষ্ট্ৰত লোৰ হৰ্ডিং খহি ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ৰো অধিক লোক আহত হয় । সোমবাৰৰ এই ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও এই দুৰ্ঘটনাত নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় । লগতে ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে ।

এক্সৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, "মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত এখন হৰ্ডিং খহি পৰাৰ ফলত কেইবাজনো লোক হতাহত হোৱাৰ খবৰ অত্যন্ত দুখজনক । মই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু সাহায্য আৰু উদ্ধাৰ অভিযানৰ সফলতা কামনা কৰিছো ।"

একেদৰে উপ-ৰাষ্ট্ৰপতি ধনখড়েও এই শোকাৱহ ঘটনাত আহত সকলো লোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে । মুম্বাইৰ আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰে এক্সৰ এটা পোষ্টত ঘটনাটোৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ।

তেওঁ লিখিছে, "ঘাটকোপাৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । উদ্ধাৰ অভিযানৰ বাবে মুম্বাই আৰক্ষীৰ দলটো ঘটনাস্থলীত আছে । আমি নাগৰিকসকলক আশ্বাস দিছো যে এই দুৰ্ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

উল্লেখ্য যে সোমবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ ঘাটকোপাৰত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত এখন বৃহৎ হৰ্ডিং খহি পৰে । হৰ্ডিঙৰ তলত বহু লোক আৱদ্ধ হৈ পৰে । এই ঘটনা ৮ গৰাকী লোক প্ৰাণ হেৰুওৱায় । মুম্বাই আৰক্ষীয়ে পন্তনগৰ আৰক্ষী থানাত ভবেশ ভিদে আৰু একাংশ লোকৰ বিৰুদ্ধে আইপিচি ৩০৪, ৩৩৮, ৩৩৭ আৰু ৩৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও মৃতকৰ আত্মীয়লৈ ৫ লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিছে । লগতে চৰকাৰে আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ বাবে সকলো খৰচ বহন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে ।

লগতে পঢ়ক :ধূলিৰ ধুমুহাত হৰ্ডিং খহি আঠজন নিহত, 60 জন আহত - MUMBAI Billboard Collapses
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.