ETV Bharat / state

ৰঙা ভোট জলকীয়াই কঢ়িয়াইছে আশাৰ বতৰা; ভাইজান বাইলুঙৰ মুখত আনন্দৰ হাঁহি - Ghost Chilly cultivation

Self Reliant Cultivator : ভোট জলকীয়া খেতিৰে কৃষি বিপ্লৱ সূচনা কৰিছে ভাইজান বাইলুং আৰু তেওঁৰ সহযোগীসকলে ৷ সপ্তাহত উৎপাদন কৰিছে ১০ কুইণ্টলৰো অধিক ভোট জলকীয়া ৷ কৃষিকৰ্মৰ জৰিয়তে লাভ কৰিছে ২০ টাকৈ পৰিয়ালে কৰ্মসংস্থাপন ৷

Self Reliant Cultivator
ৰঙা ভোট জলকীয়াই কঢ়িয়াইছে আশাৰ বতৰা; ভাইজান বাইলুঙৰ মুখত আনন্দৰ হাঁহি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 11:23 AM IST

তিনিচুকীয়া, ১৬ জুন : নিবনুৱা সমস্যা; বৰ্তমান সময়ত ৰাজ্যৰ এক ভয়াৱহ সমস্যা হিচাবে পৰিগণিত হৈছে ৷ চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ শ্ল’গান দি আহিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই ৷ তাৰ মাজতে স্বনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰিছে একাংশ যুৱ প্ৰজন্মই ৷

ৰঙা ভোট জলকীয়াই কঢ়িয়াইছে আশাৰ বতৰা; ভাইজান বাইলুঙৰ মুখত আনন্দৰ হাঁহি (ETV Bharat)

স্বনিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে বহুজনে এতিয়া সংস্থাপন দিছে বহু নিবনুৱা যুৱকক ৷ তাৰ মাজতে তিনিচুকীয়া জিলাৰ পানীতোলাৰ উদ্যমী যুৱক ভাইজান বাইলুঙে সূচনা কৰিছে কৃষি বিপ্লৱৰ ।

পানীতোলাৰ যুৱ উদ্যমী কৃষক ভাইজানৰ নেতৃত্বত তিনিচুকীয়াত কৃষি কৰ্মৰ জৰিয়তে কৰিছে স্বনিৰ্ভৰশীলতাৰ সংগ্ৰাম । তিনিচুকীয়া জিলাৰ গোবিন্দপুৰ নামৰ ঠাইত এনেই চন পৰি থকা প্ৰায় ৮ বিঘাকৈ মাটিত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে যথেষ্ট চাহিদা থকা ভোট জলকীয়াৰ খেতি ।

ভোট জলকীয়া বহু ৰোগৰ ক্ষেত্ৰত স্বাস্থ্যৰ বাবেও উপযোগী ৷ গতিকে গোবিন্দপুৰ অঞ্চলটোৰ চাৰিগৰাকীকৈ কৃষকক লগত লৈ আৰম্ভ কৰিছে ভোট জলকীয়াৰ খেতি । শাৰী শাৰীকৈ উন্নত পদ্ধতিৰে ৰোপণ কৰি থোৱা ভোট জলকীয়াৰ পুলিসমূহত এতিয়া লমালমে ফল লগাৰ লগতে পকিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক : জৈৱিক কৃষিকৰ্মৰে কৃষি বিপ্লৱৰ সূচনা তিনিচুকীয়াৰ ৰুবুল শ্বাহৰ - Agriculture Revolution

ভোট জলকীয়াসমূহ পকিবলৈ আৰম্ভ কৰাৰ লগতে হাঁহি বিৰিঙিছে কৃষকসকলৰ মুখত ৷ এই খেতিৰ পৰা সপ্তাহত প্ৰায় ১০ কুইণ্টলৰো অধিক ভোট জলকীয়া লাভ কৰিছে কৃষকসকলে ৷ এই উৎপাদিত ভোট জলকীয়াসমূহ বাণিজ্যিক চহৰ তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে যায় ।

কিন্তু তেওঁলোকৰ অভিযোগ যে ভোট জলকীয়াৰ যি উচিত মূল্য সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই কৃষকে ৷ একাংশ মধ্যস্থতাকাৰীৰ বাবে উচিত মূল্যৰ পৰা বঞ্চিত হৈছে কৃষকসকল ৷ গতিকে কৃষকে যাতে উচিত মূল্য লাভ কৰিব পাৰে তাৰ বাবে পৰিকল্পনা কৰিছে ভাইজান বাইলুঙৰ নেতৃত্বত কৃষকৰ দলটোৱে ।

লগতে পঢ়ক : জীৱনত তিনিবাৰকৈ ল’ব খুজিছিল চৰম সিদ্ধান্ত; আজি তেওঁ বহুতৰে আদৰ্শ - Self reliant woman

ভোট জলকীয়া খেতি কৰি লাখে লাখে টকা উপাৰ্জন কৰা ভাইজান বাইলুঙৰ খেতিৰ জৰিয়তে স্থানীয় ২০ টাকৈ পৰিয়ালৰ লোকে পাইছে কৰ্মসংস্থাপনৰ পথ । ইয়াৰ পূৰ্বে ভাইজান বাইলুঙে যথেষ্ট চাহিদা থকা তথা ঔষধি গুণযুক্ত লাৱণ্য ধানৰ (বেঙুনীয়া ধান) খেতি কৰিছিল ।

বছৰি বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱা ভাইজান বাইলুং এতিয়া তিনিচুকীয়াৰ গোবিন্দপুৰত ভোট জলকীয়াৰ খেতি কৰি বহু নিবনুৱা যুৱক যুৱতীৰ বাবে হৈ পৰিছে এক আদৰ্শবান খেতিয়ক । কুইণ্টেলে কুইণ্টেলে ভোট জলকীয়াৰ উৎপাদন হোৱা দেখি আনন্দিত হৈ পৰিছে কৃষকসকল আৰু চৰকাৰ তথা কৃষিবিভাগৰ তৰফৰ আশা কৰিছে প্ৰয়োজনীয় সঁহাৰিৰ ৷

লগতে পঢ়ক : কৃষিকৰ্মৰে বছৰি ২০ লাখ টকা উপাৰ্জন কৰা জন কুম্বাং - Self Reliant Cultivator

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.