কৃষিকৰ্মৰে বছৰি ২০ লাখ টকা উপাৰ্জন কৰা জন কুম্বাং - Self Reliant Cultivator

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:53 PM IST

thumbnail
মুৰ্কংছেলেক ছেলেক গাঁৱৰ আদৰ্শ খেতিয়ক (ETV BHARAT ASSAM)

জোনাই, ২৯ মে': কৰ্মস্পৃহাই মানুহক সদায় উদ্যমী কৰি ৰাখে । তাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে জোনাইৰ আদৰ্শ খেতিয়ক জন কুম্বাঙে । জোনাই মহকুমাৰ মুৰ্কংছেলেক গাঁৱৰ খেতিয়ক তথা জোনাই মহকুমা প্ৰশাসনৰ দ্বাৰা সন্মানিত জন কুম্বাঙে এশ বিঘা ভূমিত জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষিকৰ্মৰে জীৱনৰ সপোন ৰচিছে । তিনি বিঘা ভূমিত চাৰি হাজাৰ জোপা ভোট জলকীয়া, ১৬ বিঘা ভূমিত গোমধান, বাঁওধানৰ লগতে বিশাল আকাৰৰ পুখুৰীত মীন পালন কৰিছে ।  

খেতিৰে বছৰত বিশ লক্ষাধিক টকা উপাৰ্জন কৰিছে আদৰ্শ খেতিয়ক জন কুম্বাঙে । তেওঁ চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি অথবা কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সময় নষ্ট নকৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায় । তদুপৰি জৈৱিক পদ্ধতিৰে কেনেকৈ খেতি কৰিব লাগে তাৰো বিনামূলীয়াকৈ বিদ্যালয়-মহাবিদ্যালয়সমূহত প্ৰশিক্ষণ দি আহিছে এইজন খেতিয়কে ।   

লগতে পঢ়ক:Bhut Jolokia Cultivation: ভোট জলকীয়া খেতিৰে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে গহপুৰৰ এখন গাঁৱৰ ৰাইজে

Self Reliant Youth: কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন মাজুলীৰ যুৱকৰ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.