ETV Bharat / state

জৈৱিক কৃষিকৰ্মৰে কৃষি বিপ্লৱৰ সূচনা তিনিচুকীয়াৰ ৰুবুল শ্বাহৰ - Agriculture Revolution

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 3:17 PM IST

Green Revolution in Tinsukia : এজন উদ্যমী খেতিয়ক ৷ যিয়ে সূচনা কৰিছে কৃষি বিপ্লৱৰ ৷ আনকি একক প্ৰচেষ্টাৰে প্ৰস্তুত কৰিছে কেঁচুসাৰ ৷ জৈৱিক পদ্ধতিৰে নিতৌ কৰি গৈছে কৃষিকৰ্ম ৷ আমি উল্লেখ কৰা খেতিয়কজনৰ নাম ৰুবুল শ্বাহ ৷ ৰুবুল শ্বাহৰ কথাৰে আজিৰ এই প্ৰতিবেদন...

Green Revolution in Tinsukia
সূচনা কৰিছে কৃষি বিপ্লৱৰ (Etv Bharat)

তিনিচুকীয়া, ৩০ মে’: অসম এখন কৃষিপ্ৰধান ৰাজ্য ৷ কিন্তু এতিয়া যেন ৰাজ্যত হ্ৰাস পাবলৈ ধৰিছে প্ৰতিবিধ খেতি ৷ কিয়নো কোনো কৃষকে যদি খেতিৰ উচিত মূল্য নাপায়, আন কোনো কৃষকৰ মাটি আকৌ উদ্যোগপতিয়ে ক্ৰয় কৰি গঢ়ি তুলিছে বিশাল উদ্যোগ ।

জৈৱিক কৃষিকৰ্মৰে কৃষি বিপ্লৱৰ সূচনা তিনিচুকীয়াৰ ৰুবুল শ্বাহৰ (Etv Bharat)

ইয়াৰে সমান্তৰালভাৱে এতিয়া অত্যধিক ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰৰ ফলত হ্ৰাস পাইছে অসমৰ বহু উৎপাদিত শস্যৰ চাহিদা ৷ তেনে সময়তে তিনিচুকীয়া জিলাৰ ডিচাওজান গাঁৱৰ এজন উদ্যমী কৃষক তথা পৰিৱেশ সংৰক্ষক ৰুবুল শ্বাহে গঢ়ি তুলিছে অন্য এক পৰিৱেশ ।

পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে নিৰলসভাৱে ২০১২ চনৰ পৰাই প্ৰচেষ্টা অব্যাহত ৰখা ৰুবুলে এতিয়া বৃহত্তৰ মাকুম, তিনিচুকীয়া অঞ্চলটোত কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে । ২০১২ চনতে গ্ল’বেল অৰ্গেনিক প্লান্ট নামৰ এক প্ৰতিষ্ঠান খুলি নিজা একক প্ৰচেষ্টাৰে কেঁচুসাৰ (Vermi Compose) ব্যৱসায়িক ভিত্তিত তেওঁ প্ৰস্তুত কৰিবলৈ লয় । বিগত বৰ্ষত বহুকেইটা টেংকিত ৩০ টনকৈও অধিক কেঁচুসাৰ প্ৰস্তুত কৰি আৰ্থিকভাৱে লাভৱান হৈছে উদ্যমী খেতিয়ক ৰুবুল শ্বাহ ।

লগতে পঢ়ক : ধেমাজিত এদল শিক্ষিত যুৱকৰ কণীধান খেতিৰে সেউজ বিপ্লৱ - Agricultural Revolution In Dhemaji

এই কেঁচুসাৰৰ ব্যৱসায়ৰ উপৰিও ৰুবুলে লাহে লাহে নিজৰ ঘৰৰ মাটিত জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰিবলৈ আৰম্ভ কৰে । প্ৰায় এক হেক্টৰ ভূমিত জৈৱিক চাহ খেতি, এক একৰ মাটিত ভোট জলকীয়া, আদা, শাক-পাচলি, ফলমূলৰ খেতি কৰি অসমৰ বিভিন্ন স্থানৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

নিজৰ চাহ বাগিচাত উৎপাদিত হোৱা কেঁচা চাহপাতসমূহ নিজেই নিৰ্মাণ কৰা প্ৰচেচিং মেচিনৰ সহায়ত ঘৰতে জৈৱিক গ্ৰীণ টি উৎপাদন কৰিও আৰ্থিকভাৱে সফল হৈছে ৰুবুল শ্বাহ । এই চাহপাতসমূহ তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটীৰ বিভিন্ন বজাৰলৈ ৰপ্তানি হয় ।

লগতে পঢ়ক : বিবিধ পাচলিৰ খেতিৰে বুঢ়ীদিহিঙৰ পাৰত কৃষি বিপ্লৱ

এইবোৰৰ উপৰিও ৰুবুলে উৎপাদন কৰা শাক-পাচলি, ফলমূল আদি সংৰক্ষণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ৷ যাৰ বাবে বহু ব্যৱস্থাও তেওঁ হাতত লৈছে । সূৰ্যৰ ৰশ্মিৰ পৰাও সৌৰশক্তি আহৰণৰ জৰিয়তে সৌৰশক্তি চালিত ড্ৰায়াৰ মেচিন নিজে তৈয়াৰ কৰি এই মেচিনত বিভিন্ন শাক-পাচলি, ফল-মূল আদি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰি সফল হৈছে ।

এইবোৰৰ উপৰিও তিনিচুকীয়া, মাকুম, ডুমডুমাৰ বিভিন্ন স্থান, শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰী, স্থানীয় কৃষক ৰাইজক পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা, কেঁচুসাৰ প্ৰস্তুতকৰণ, জৈৱিক কৃষি পদ্ধতিৰ ওপৰত সজাগতামূলক প্ৰশিক্ষণো প্ৰদান কৰি নিজৰ লগতে অঞ্চলটোক সজাগ কৰি তুলিছে ৰুবুল শ্বাহে ।

প্ৰধানকৈ পৰিৱেশ প্ৰদূষণৰ পৰা অঞ্চলসমূহক মুক্ত কৰাৰ উদ্দেশ্যে বিভিন্ন গঠনমূলক কাম কৰি থকা উদ্যমী কৃষক, পৰিৱেশ সংৰক্ষক ৰুবুল শ্বাহক লাগে এতিয়া বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰৰ পৰা উৎসাহ, প্ৰেৰণা আৰু সহযোগিতা ।

লগতে পঢ়ক : কৃষিকৰ্মৰে বছৰি ২০ লাখ টকা উপাৰ্জন কৰা জন কুম্বাং - Self Reliant Cultivator

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.