বিবিধ পাচলিৰ খেতিৰে বুঢ়ীদিহিঙৰ পাৰত কৃষি বিপ্লৱ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:31 PM IST

thumbnail

মৰাণ, 16 ফেব্ৰুৱাৰী: বুঢ়ীদিহিঙৰ পাৰৰ পলসুৱা মাটিত লহপহকৈ বাঢ়িছে বেঙুনীয়া, হালধীয়া ৰঙৰ ফুলকবি আৰু বন্ধাকবি ৷  উন্নত জাতৰ নানাৰঙী কবিৰ খেতিৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে টিংখাঙৰ এজন খেতিয়ক ৷ বুঢ়ীদিহিঙৰ পাৰৰ পলসুৱা মাটিত বিগত প্ৰায় 33 বছৰ ধৰি বিভিন্ন ঋতুকালীন কৃষি কাৰ্যৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হৈছে টিংখাঙৰ ধমন পঞ্চায়তৰ অন্তৰ্গত ২ নং কেন্দুগুৰি গাঁৱৰ আনন্দ কলিতা নামৰ কৃষকজন ।

বুঢ়ীদিহিঙৰ পাৰত  কবি, বেঙেনা, বিলাহী, আলু, জলকীয়া, বিট, নহৰু, পিয়াজকে ধৰি প্ৰায় সকলো ধৰণৰ শাক-পাচলিৰ খেতি কৰিছে আনন্দ কলিতাই ৷ প্ৰায় ১৫ বিঘাৰ বিশাল কৃষিভূমিত কৰিছে এই খেতি । বিশেষকৈ ভেলেনটিনা ( বেঙুনীয়া ফুলকবি ), কেৰেটিনা ( হালধীয়া ফুলকবি ), জুৱেল ( ৰঙা বন্ধাকবি ) এ বিশেষ চাহিদা লাভ কৰিছে । টিংখাঙৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰাণ, ভজো আদি ঠাইৰ পৰাও খুচুৰা বিক্ৰেতা আহি আনন্দ কলিতাৰ বাৰীৰ পৰা পাইকাৰী হাৰত এইসমূহ শাক-পাচলি ক্ৰয় কৰে । কৃষি কাৰ্যৰ জৰিয়তে বছৰি এটা সন্তোষজনক উপাৰ্জন লাভ কৰি আহিছে এইজন কৃষকে ।  কেৱল আনন্দ কলিতাই নহয় ধমন কেন্দুগুৰিৰ বুঢ়ীদিহিঙৰ পাৰৰ শ-শ বিঘা সাৰুৱা ভূমিত স্থানীয় বহু সংখ্যক কৃষকে ভিন্ন ধৰণৰ কৃষি কাৰ্যৰে কৃষি বিপ্লৱৰ সূচনা কৰি আহিছে ।

লগতে পঢ়ক: সেউজী পাম: য’ৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰা হৈছিল কাজি নেমু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.