ETV Bharat / state

বানৰ প্ৰলয়; এতিয়ালৈকে ৮ জনৰ মৃত্যু, প্ৰভাৱিত তিনি লক্ষাধিক লোক - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 11:36 AM IST

Flood in Assam : ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ ৷ ইতিমধ্যে প্ৰলয়ংকাৰী বানত বৰ্তমানলৈকে ৮ জনৰ মৃত্যু হোৱাৰ লগতে তিনি লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

গুৱাহাটী, ১ জুন : ভয়াৱহ বানৰ কবলত পৰিছে ৰাজ্য । বাৰিষাৰ প্ৰথমটো বানত এতিয়ালৈকে প্লাৱিত হৈছে ৰাজ্যৰ ‍১১ খনকৈ জিলা । ফেনে-ফোটোকাৰে বাঢ়িছে ৰাজ্যৰ নৈ-উপনৈসমূহ । প্লাৱিত হৈছে ৰাজ্যৰ বিভিন্ন জিলা আৰু নতুন নতুন অঞ্চল । বিশেষকৈ বৰাক আৰু মধ্য অসমত বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে । এই পৰ্যন্ত বানত ৮ জনকৈ লোকৰ মৃত্যু ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য মতে বৰ্তমান ৰাজ্যৰ ১১ খন জিলা বানৰ কবলত পৰিছে আৰু ৩ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । তথ্য মতে, কপিলী নদী, বৰাক নদী, কাটাখাল আৰু কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । ইফালে অসমৰ বিশেষকৈ বৰাকৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰই প্ৰেৰণ কৰিছে এন ডি আৰ এফৰ অতিৰিক্ত টিম ।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগ ৰেমল ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ টুইটাৰযোগ কয়, ‘‘দুৰ্ভাগ্যজনকভাৱে ৰেমল ঘূৰ্ণীবতাহৰ ফলত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিম বংগত প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ব লগাত পৰিছে । মোৰ প্ৰাৰ্থনা তাত প্ৰভাৱিত হোৱা সকলোৰে লগত আছে ।’’

বানত আঠজনৰ মৃত্যু :

কালৰূপ ধাৰণ কৰা ভয়াৱহ বানত এতিয়ালৈকে আঠজনৰ মৃত্যু হৈছে । শেহতীয়াকৈ ছয়জনৰ মৃত্যু হৈছে আৰু ইয়াৰ পূৰ্বে দুজনৰ মৃত্যু হৈছিল । বানত কৰিমগঞ্জ জিলাত শিশুসহ তিনিজনৰ মৃত্যু হৈছে । হাইলাকান্দি জিলাত শিশুসহ দুজনৰ মৃত্যু হৈছে । পশ্চিম কাৰ্বি আংলং জিলাত এজনৰ মৃত্যু হৈছে । ইয়াৰ পূৰ্বে হাইলাকান্দি জিলাৰ লালাৰ এজন আৰু কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰৰ এজন লোকৰ মৃত্যু হৈছিল ।

এঘাৰখন জিলা বানৰ কবলত :

বৰ্তমানলৈকে বানৰ কবলত পৰিছে ৰাজ্যৰ ১১ খনকৈ জিলা । কাৰ্বি আংলং, ধেমাজি, হোজাই, কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড়, নগাঁও, হাইলাকান্দি, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলা ভয়াৱহ বানৰ কবলত পৰিছে । এই ১১ খন জিলাৰ ২৫ টা ৰাজহ চক্ৰৰ ৫৬০ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত সৰ্বাধিক কাছাৰ জিলাৰ ১৯২ খন আৰু কৰিমগঞ্জ জিলাৰ ১৫৭ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি বানত নগাঁও জিলাৰ ১০৬ খন গাঁও প্ৰভাৱিত হৈছে ।

লগতে পঢ়ক : বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ; আতংকিত নৈপৰীয়া - Assam flood 2024

তিনি লক্ষাধিক লোক ক্ষতিগ্ৰস্ত :

বানৰ কবলত পৰিছে ৰাজ্যৰ ১১ খন জিলাৰ ৩,৪৯,০৪৫ গৰাকী লোক । ইয়াৰ ভিতৰত ১৪৪২৪৬ জন পুৰুষ, ১২৬৬৩৮ গৰাকী মহিলা আৰু ৭৮১৬১ টি শিশু আছে । আনহাতে কাছাৰ জিলাৰ সৰ্বাধিক ১১৯৯৯৭ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ ৪৯৭৫২ জন পুৰুষ আৰু ৫২৩০১ গৰাকী মহিলা আৰু ১৭৯৪৪ টি শিশু বানৰ কবলত পৰিছে ।

Flood in Assam
চলিছে ব্যাপক উদ্ধাৰ অভিযান (ETV Bharat Assam)

সেইদৰে বানত ডিব্ৰুগড় জিলাৰ ৩৮৫৭ গৰাকী, ডিমা-হাচাওৰ ৩০৪ গৰাকী, হাইলাকান্দিৰ ১০১৬৫ গৰাকী, হোজাইৰ ৭৭০৩০ গৰাকী, পশ্চিম কাৰ্বি আংলং জিলাৰ ৬২৫২ গৰাকী, কৰিমগঞ্জ জিলাৰ ৫২৬৮৪ গৰাকী আৰু নগাঁৱৰ ৭৮৭৫৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

বানত শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন :

প্ৰলয়ৰ সৃষ্টি কৰা বানত ১১ খন জিলাৰ ৪৯৩১ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত হোজাই জিলাৰ সৰ্বাধিক ১৮৫০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলাৰ ১৩৫৫ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ৭৫ হেক্টৰ, গোলাঘাট জিলাৰ ৬৯ হেক্টৰ আৰু হাইলাকান্দি জিলাৰ ২৮ হেক্টৰ আৰু নগাঁও জিলাৰ ১৫৫৩ হেক্টৰ কৃষিভূমি ।

সাহায্য আৰু আশ্ৰয় শিবিৰ :

বান প্ৰভাৱিত ৰাজ্যৰ ১১ খন জিলাত ১৮৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । ইয়াৰে কাছাৰ জিলা সৰ্বাধিক ৮৩ টা, কৰিমগঞ্জ জিলাত ২৮ টা, হাইলাকান্দি জিলাত ২৩ টা, হোজাই জিলাত ৩৩ টা, ডিমা-হাচাও জিলাত ৪ টা, নগাঁও জিলাত ১৫ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাত এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । এই শিবিৰত আশ্ৰয় লৈ আছে ২৮৩১৭ গৰাকী লোকে । ইয়াৰ ভিতৰত ৪৭ গৰাকী গৰ্ভাৱতী মহিলা আৰু ১০ জন বিশেষভাৱে সক্ষম লোক আছে ।

তদুপৰি আশ্ৰয় শিবিৰত ১১৬০৬ জন পুৰুষ, ১১১৩৭ গৰাকী মহিলা আৰু ৫৫১৭ টি শিশু আছে । কাছাৰ জিলাৰ সৰ্বাধিক ১৫৬২৬ জন লোক আশ্ৰয় শিবিৰত আছে । ইফালে সাহায্য সামগ্ৰী বিতৰণৰ বাবে স্থাপন কৰা শিবিৰত আছে ৪০৩১৪ জন লোক ।

লগতে পঢ়ক : ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকে, বন্যাৰ্তৰ হাহাকাৰ - Flood Situation of Barak

বানত ক্ষতিগ্ৰস্ত দহ লক্ষাধিক পশুধন :

ৰাজ্যৰ ১১ খন জিলা বানৰ কবলত পৰিছে । বানৰ কৱলত পৰা জিলাসমূহৰ ১০,২৩,০৬৩ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ১৪৫৪৫১ টা ডাঙৰ প্ৰজাতিৰ আৰু ৮৮৭৭৯ টা সৰু প্ৰজাতিৰ পশুধন । সেইদৰে পলিট্ৰি ফাৰ্মিঙৰ ৭৮৮৮৩৩ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে কৰিমগঞ্জ জিলাত সৰ্বাধিক ৭০৯৮২০ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে । অৱশ্যে এতিয়ালৈকে বানৰ পশুধনৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই ।

বানত ৰাজ্যৰ বিস্তৰ ক্ষয়ক্ষতি :

ত্রাসৰ সৃষ্টি কৰা বাৰিষাৰ প্ৰথমটো বানত শেহতীয়াকৈ ধ্বংস হৈছে ২০০ টা আংশিকভাৱে কেঁচা ঘৰ আৰু ৫০ টা আংশিকভাৱে পকীঘৰ । আনহাতে প্ৰলয়ংকাৰী বানত শেহতীয়াকৈ ১১ টা পথ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাত ৭ টা, হোজাই জিলাত এটা আৰু নগাঁও জিলাত ৩ টা পথ ক্ষতিগ্ৰস্ত হৈছে ।

সেইদৰে বানত হাইলাকান্দি জিলাত তিনিটা মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে । বান প্ৰভাৱিত জিলাসমূহত বিভিন্ন আন্তঃগাঠনিৰো ব্যাপক ক্ষতিসাধন হৈছে । বিশেষকৈ শিক্ষানুষ্ঠানৰ ব্যাপক ক্ষতিসাধন হৈছে ।

চলিছে ব্যাপক উদ্ধাৰ অভিযান :

বান প্ৰভাৱিত জিলাসমূহত এতিয়া হাহাকাৰ পৰিস্থিতি । দিশাহাৰা হৈ পৰিছে বানাক্ৰান্ত ৰাইজ । ইফালে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ লগতে উদ্ধাৰ অভিযান জোৰদাৰ কৰি তোলা হৈছে । এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, অগ্নি আৰু আপাতকালীন সেৱা, স্থানীয় প্ৰশাসন আৰু চিভিল ডিফেন্সকে ধৰি বিভিন্ন সংস্থা উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে ।

Flood in Assam
কালৰূপ ধাৰণ কৰিছে ভয়াৱহ বানে (ETV Bharat Assam)

সেইদৰে নিয়োজিত হৈ আছে চিকিৎসা সেৱা প্ৰদানৰ দলো । নাৱেৰে ইতিমধ্যে সহস্ৰাধিক লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়া হৈছে । বানাক্ৰান্তৰ মাজত শেহতীয়াকৈ ১১৪৭ কুইণ্টল চাউল, ২৭৭ কুইণ্টল দাইল, ৬০ কুইণ্টল নিমখ আৰু ২১৮৪ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে । সেইদৰে শিশুৰ বাবেও খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে । আনহাতে পশুধনৰ বাবেও খাদ্যৰ যোগান ধৰা হৈছে ।

নগৰীয়া বান :

নগৰীয়া বানৰ কবলত পৰিছে ৰাজ্যৰ তিনিখন জিলা । কামৰূপ, কাছাৰ আৰু যোৰহাট জিলা নগৰীয়া বানৰ কবলত পৰিছে । কামৰূপৰ উত্তৰ গুৱাহাটী, কাছাৰৰ শিলচৰ আৰু যোৰহাটৰ পূব যোৰহাট বানৰ কবলত পৰিছে । নগৰীয়া বানত ক্ষতিগ্ৰস্ত হৈছে ৯৮৫৯ গৰাকী লোক । সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিলচৰ চহৰ ।

লগতে পঢ়ক : এটাৰ পিছত আনটো প্ৰাকৃতিক দুৰ্যোগ, 9 জিলাৰ 2 লাখ লোক বানত ক্ষতিগ্ৰস্ত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.