বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ; আতংকিত নৈপৰীয়া - Assam flood 2024 - FLOOD AND EROSION IN ASSAM

🎬 Watch Now: Feature Video

thumbnail
কপিলী নৈৰ জলস্তৰ বৃদ্ধি (Etv bharat assam)

By ETV Bharat Assamese Team

Published : May 31, 2024 at 10:05 AM IST

1 Min Read
Choose ETV Bharat

হোজাই, 31 মে’: বৃদ্ধি পাইছে হোজাই জিলাৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ জলস্তৰ ৷ পূৰ্বৰ তুলনাত জলস্তৰ বৃদ্ধি হোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া লোক । বৰষুণ আৰু খাদং বান্ধৰ 7 খনকৈ গেট খুলি দিয়াৰ বাবে লংকাৰ অকান্তু, ঠাইচুৱালী আদি অঞ্চলত ফেনে-ফোটোকাৰে কপিলী নৈৰ পানী বৃদ্ধি পাইছে বুলি স্থানীয় লোকে জনায় ৷

স্থানীয় লোকে মথাউৰি ভঙাৰ আশংকা নাই যদিও নৈৰ সমীপৰ মন্দিৰ, প্ৰাথমিক বিদ্যালয়ত কপিলী নৈৰ বাঢ়নী পানী সোমাইছে বুলি জনায় । সমান্তৰালভাবে ডবকা অঞ্চলৰ চাৰ্লক, বগৰী, নগঞাপাম, পশ্চিম বগৰী আদি অঞ্চলো প্লাৱিত কৰিছে বানে । মানুহৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় লোক । সম্প্ৰতি ডবকাৰ কেবাখনো অঞ্চলৰ লোকে ওখ ঠাইলৈ ঢাপলি মেলিছে ।

আনহাতে শস্যপথাৰো বানৰ কবলত পৰাত ক্ষতিগ্ৰস্ত হৈছে কৃষক ৰাইজ ৷ পথৰ ওপৰেৰে পানী বাগৰি যোৱাত বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়াত পৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: বানৰ তাণ্ডৱ : যোগাযোগ বিচ্ছিন্ন ডিমা হাছাও জিলাত - ASSAM FLOOD

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details