ETV Bharat / state

ধেমাজিত এদল শিক্ষিত যুৱকৰ কণীধান খেতিৰে সেউজ বিপ্লৱ - Agricultural Revolution In Dhemaji

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:42 PM IST

Agriculture Revolution : এখনি বিশাল সেউজীয়া পথাৰ ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা বৃহৎ সেউজীয়া পথাৰখনত আছে কণীধান । পথাৰত খেতিৰ ফচল দেখি কৃষকৰ মুখত বিৰিঙিছে হাঁহি ৷

Agriculture Revolution
ফক্সটেইল মিলেট খেতি (ETV BHARAT ASSAM)

ধেমাজি, ২৫ মে':'পথাৰ আমাৰ, বজাৰ আমাৰ' শ্নোগানেৰে প্ৰকৃতাৰ্থত ৰূপায়ণ কৰি অসমীয়াগিৰি প্ৰদৰ্শন কৰাৰ বাবে উঠিপৰি লাগিছে ধেমাজিৰ এচাম শিক্ষিত উদ্যমী কৃষকে ৷ এইসকল কৃষকে পৰিৱৰ্তনকামী চিন্তাৰে শালিখেতিৰ পিচত পৰি থকা কৃষিভূমিত উন্নতজাতৰ মিলেট বা কণীধানৰ খেতি কৰাৰ সিদ্ধান্ত ল'লে ৷ ভবা মতেই কাম ৷ চৰকাৰী চাকৰিয়ে শেষ কথা হ’ব নোৱাৰে বুলি মনোভাৱ গ্ৰহণ কৰিয়েই তেওঁলোকে আগুৱালে খেতিৰ বাবে ৷ ধেমাজি সদৰৰ সমীপৰ এৰাঢল পঞ্চায়তৰ অন্তৰ্গত বৰগাঁও আৰু বালি গাঁৱৰ পথাৰত পোন প্ৰথমবাৰৰ বাবে উন্নত জাতৰ মিলেট বীজ ৰোপণ কৰে ৷

ফক্সটেইল মিলেট খেতি (ETV BHARAT ASSAM)

প্ৰথম অৱস্থাত ৩০ বিঘা কৃষিভূমিত ফক্সটেইল মিলেট (কণীধান)ৰ খেতিৰে বিপ্লৱৰ সূচনা কৰে স্থানীয় সাতজনীয়া এটা উদ্যমী যুৱকৰ দলে । উল্লেখ্য যে জৈৱিকভাৱে উৎপাদন কৰা মিলেটৰ চাউলৰ চাহিদাও যথেষ্ট । সুস্বাদু খাদ্য হিচাবে সমাদৃত মিলেট বা কণী ধানৰ চাউলৰ পৰা বিভিন্ন শিশু আৰু প্ৰসূতি মাতৃৰ খাদ্যও প্ৰস্তত কৰে বহু কোম্পানীয়ে । সুবিশাল পথাৰত কৰা ইতিমধ্যে বিঘাই বিঘাই কণী ধান পকিবলৈ ধৰিছে ৷

ধেমাজিৰ খেতিয়কসকলৰ পথাৰত খেতিৰ ফচল দেখি মুখত বিৰিঙিছে ৷ পোন প্ৰথমবাৰৰ বাবে এই খেতি আৰম্ভ কৰিছে যদিও ইয়াৰ দ্বাৰা যথেষ্টখিনি লাভাম্বিত হোৱাৰ আশা প্ৰকাশ কৰিছে ৷ ইফালে, সকলো ঠিকে থাকিলে অথবা বজাৰখন ভবা মতে লাভ কৰিলে আগন্তক বৰ্ষত দুগুণ উৎসাহেৰে এই খেতিত ওচৰৰে খেতিয়কসকলক জড়িত কৰাই বহল ভিত্তিত এই ফক্সটেইল মিলেট বা কণী ধানৰ খেতিৰে নৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাব বুলি কয় এইসকল কৃষকে ।

লগতে পঢ়ক:Agricultural Revolution In Kaliabor: ডেৰ হাজাৰ বিঘা মাটিত কৃষি বিপ্লৱৰ জৰিয়তে নৱজাগৰণ যুৱ কৃষকৰ

Agriculture Revolution: এগৰাকী অৱসৰী শিক্ষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.