ETV Bharat / bharat

ধূলিৰ ধুমুহাত হৰ্ডিং খহি আঠজন নিহত, 60 জন আহত - MUMBAI billboard collapses

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:33 PM IST

Updated : May 14, 2024, 7:56 AM IST

HOARDING COLLAPSES IN GHATKOPAR : বৰষুণ আৰু ধুমুহা-বতাহে মুম্বাইৰ কিছু অংশত আঘাত হানিছিল ৷ এই সময়চোৱাত ঘাটকোপাৰ অঞ্চলৰ এটা পেট্ৰ'ল পাম্পত এখন ডাঙৰ লোৰ হৰ্ডিং খহি পৰে।

MUMBAI DUST STORM
বৃহৎ লোৰ হৰ্ডিং খহি অঘটন (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 13 মে’ : সোমবাৰে মুম্বাইৰ উপনগৰীয় ঘাটকোপাৰ অঞ্চলত বৰষুণ আৰু ধুমুহা-বতাহৰ মাজত এটা পেট্ৰ'ল পাম্পত এখন বৃহৎ লোৰ হৰ্ডিং খহি পৰাৰ ফলত কমেও আঠজন লোক নিহত হোৱাৰ লগতে 60 জন লোক আহত হয় বুলি জানিব পৰা গৈছে ৷ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ (এম চি জি এম)ৰ এজন বিষয়াই কয় যে ঘটনাটো বিয়লি প্ৰায় 4.30 বজাত ছেদা নগৰ জিমখানাৰ ওচৰত সংঘটিত হৈছিল ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত 12 জন লোক নিহত হৈছে ৷ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে বিষয়াজনে ৷

তেওঁ কয়- "ঘটনাটোত কমেও 35 জন লোক আহত হোৱাৰ লগতে 100 জন লোক হৰ্ডিঙৰ তলত আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে ৷" এম্বুলেন্সসমূহো ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছিল ৷

বি এম চিয়ে এই ঘটনাৰ বাবে বিজ্ঞাপন কোম্পানী ইগো মিডিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি উল্লেখ কৰে ৷ বি এম চিৰ জনসংযোগ কাৰ্যালয়ে জনোৱা মতে, দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি এজাহাৰ দাখিল কৰা হ’ব ৷

এম চি জি এমৰ আয়ুক্ত ভূষণ গাগ্ৰানীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰ অভিযানত এন ডি আৰ এফ (NDRF)ৰ এটা দলে যোগদান কৰিছে ৷ উদ্ধাৰ অভিযানৰ বাবে ক্ৰেন আৰু গেছ কাটাৰো ঘটনাস্থলীত উপস্থিত হৈছে বুলি তেওঁ কয় ৷ বিষয়াগৰাকীয়ে কয় যে আহত লোকসকলক চিকিৎসাৰ বাবে ৰাজাৱাদী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : বিধায়কৰ মুখত প্ৰচণ্ড চৰ নাগৰিকৰ - Andhra Pradesh Elections 2024

Last Updated : May 14, 2024, 7:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.