ETV Bharat / bharat

বিধায়কৰ মুখত প্ৰচণ্ড চৰ নাগৰিকৰ - Andhra Pradesh elections 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:07 PM IST

Andhra Pradesh elections 2024: ভোটকেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি ৷ বিধায়কৰ মুখত প্ৰচণ্ড চৰ ভোটাৰৰ ৷ ক’ত, কিয় এই ঘটনা বিস্তৃত খবৰৰ বাবে পঢ়ক এই প্ৰতিবেদন---

YSRCP MLA Sivakumar slaps voter at polling booth in Andhra Pradesh, gets it back
বিধায়কৰ মুখত প্ৰচণ্ড চৰ নাগৰিকৰ (Etv bharat)

নেশ্যনেল ডেস্ক, 13 মে’: বিধায়কৰ মুখত চৰ শোধালে নাগৰিকে ৷ অপ্ৰীতিকৰ এই ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ টেনালিৰ আইতানগৰত ৷ জানিব পৰা মতে, YSRCP তেনালীৰ বিধায়ক অন্নবাথুনী শিৱ কুমাৰে সোমবাৰে ৰাজ্যখনত অনুষ্ঠিত হৈ থকা লোকসভা নিৰ্বাচনৰ ভোটদানৰ বাবে আইতানগৰৰ নিৰ্দিষ্ট ভোটকেন্দ্ৰটোত উপস্থিত হয় ৷ অৱশ্যে বিধায়কগৰাকীয়ে শাৰী পতাৰ পৰিৱৰ্তে আগবাঢ়ি যাবলৈ চেষ্টা কৰে ৷

শাৰী পতাৰ পৰিৱৰ্তে পোনপটীয়াকৈ ভোট দিবলৈ যাবলৈ ইচ্ছা কৰাৰ বাবে শাৰী পাতি থকা এগৰাকী ভোটাৰে আপত্তি প্ৰকাশ কৰে । এই কথাতে ক্ষুব্ধ হৈ বিধায়ক শিৱকুমাৰে ভোটাৰৰ গালত প্ৰচণ্ড চৰ শোধায় । প্ৰতিক্ৰিয়া স্বৰূপে লগে লগে ভোটাৰজনেও বিধায়কজনৰ গালত এটা পূৰ্ণহতীয়া চৰ শোধায় । ইয়াৰ পাচতে দলীয় কৰ্ম-কৰ্তা তথা বিধায়কগৰাকীৰ সমৰ্থকে ভোটাৰজনক নিৰ্বিচাৰে আক্ৰমণ কৰে । যাৰ ফলত ভোটকেন্দ্ৰটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ’ল । অৱশ্যে ভোটকেন্দ্ৰটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

নিৰ্বাচনী বিষয়াৰ প্ৰতিক্ৰিয়া

টেনালিৰ আইতানগৰত ভোটাৰ-বিধায়কৰ মাজত ঘটা অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয়াসকলে ৷ ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে বিশেষ আৰক্ষী পৰ্যবেক্ষক দীপক মিশ্ৰই । মিশ্ৰই চিচিটিভি কেমেৰাৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিস্থিতি পৰিদৰ্শন কৰি ভোটাৰজনৰ ওপৰত জনপ্ৰতিনিধিৰ আক্ৰমণৰ চিচিটিভি ফুটেজ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

বিভিন্নজনৰ প্ৰতিক্ৰিয়া

ভোটাৰক আক্ৰমণ কৰাৰ বাবে বিধায়কগৰাকী শিৱকুমাৰক তীক্ষ্ণ সমালোচনা কৰিছে বিভিন্নজনে ।

এজন X ব্যৱহাৰকাৰী কে পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে "ক্ষমতাৰ ভয়ংকৰ অহংকাৰ !"

এই চাঞ্চল্যকৰ চৰ কাণ্ডৰ লগত জড়িত বিধায়ক তথা ভোটাৰ দুয়োজনে ভোটগ্ৰহণ বিষয়াক ঘটনা সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে । চলিত নিৰ্বাচনত শাসকীয় ৱাই এছ আৰ চি পিৰ ‘গুণ্ডাগিৰি’ বন্ধ কৰাৰ দাবী জনায় নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে বিৰোধী দল তেলেগু দেশম পাৰ্টিয়ে ।

লগতে পঢ়ক: নিৰ্বাচনৰ মাজতে পশ্চিমবংগত টিএমচি কৰ্মীক হত্যা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.