ETV Bharat / bharat

পুনৰ দুটা মৃতদেহ উদ্ধাৰ; হৰ্ডিং খহি নিহত লোকৰ সংখ্য়া 16 জনলৈ বৃদ্ধি - Mumbai Hoarding Collapse

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 11:14 AM IST

MUMBAI HOARDING TRAGEDY: সোমবাৰে মুম্বাইৰ ঘাটকোপাৰৰ হৰ্ডিং খহি পৰি মৃত্যু ঘটিছিল 14 গৰাকীকৈ লোকৰ ৷ পুনৰায় এই হৰ্ডিঙৰ তলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী পুৰুষ আৰু মহিলাৰ মৃতদেহ ৷

MUMBAI HOARDING TRAGEDY
নিহত হোৱা লোকৰ সংখ্য়া 16 জনলৈ বৃদ্ধি (Etv Bharat)

নেশ্যনেল ডেস্ক, 16 মে’: মায়ানগৰী মুম্বাইলৈ বিপৰ্যয় মাতিলে এজাক প্ৰচণ্ড ধূলিৰ ধুমুহাই ৷ এই ধূলিৰ ধুমুহাৰ প্ৰকোপ ইমানে বেছি আছিল যে, চহৰখনৰ ঘাটকোপাৰ এলেকাত সংঘটিত হৈছিল দুটাকৈ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল 14 গৰাকীলৈ লোকে ৷ সম্প্ৰতি নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 16 গৰাকীলৈ ৷

স্থানীয় প্ৰশাসনে সদৰী কৰা অনুসৰি, 120 ফুট দীঘল হৰ্ডিঙখনৰ ভেটি মাত্ৰ মাটিৰ পৰা 4-5 ফুট তলত স্থাপন কৰা হৈছিল ৷ অভিযানৰ দায়িত্বত থকা বিষয়াসকলে দুৰ্বল ভেটি হৰ্ডিং খহি পৰাৰ অন্যতম কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

প্ৰাপ্ত তথ্য় অনুসৰি, এখন হৰ্ডিঙৰ অৱশিষ্ট অংশ আঁতৰাবলৈ অভিযানকাৰী দলক প্ৰয়োজন হ’ব 24 ঘণ্টা সময়ৰ ৷ বাকী থকা তিনিখন হৰ্ডিং আঁতৰাবলৈ প্ৰায় এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ব ৷ বিগত 48 ঘণ্টাতকৈও অধিক সময় ধৰি এই উদ্ধাৰ অভিযান অব্যাহত আছে ৷ খহি পৰা হৰ্ডিঙখনৰ তলত দুচকীয়া বাহনকে ধৰি বহুকেইখন বাহন আৱদ্ধ হৈ থকা বুলি ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, পৌৰ আয়ুক্তগৰাকীয়ে চহৰখনৰ সকলো অবৈধ হৰ্ডিঙৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে যদিও দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ভূমিভাগ ৰে’ল আৰক্ষীৰ হোৱা হেতুকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নগ’ল ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা হৰ্ডিংসমূহ আঁতৰাই মুকলি কৰিব পৰাৰ পিছতহে অবৈধ হৰ্ডিঙৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব পৌৰ নিগমে ৷

ইফালে এই ঘটনাত আহত হোৱা ৩১ গৰাকী ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে, এন ডি আৰ এফৰ দল সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনাত শোকপ্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ঘটনাটোত নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: মুম্বাইত ধুমুহাৰ তাণ্ডৱ; হৰ্ডিং খহি নিহতৰ সংখ্যা ১৪ লৈ বৃদ্ধি - Mumbai Hoarding Collapse

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.