ETV Bharat / health

বায়ু প্ৰদূষণে কেনেদৰে স্নায়ুৰ ৰোগৰ ওপৰত প্ৰভাৱ পেলাব পাৰে জানেনে ? - Pollution

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 7:59 PM IST

Pollution: বায়ু প্ৰদূষণে কেনেদৰে স্নায়ু ৰোগৰ ওপৰত প্ৰভাৱ পেলায় ? এই সন্দৰ্ভত জনালে হৃদয়, বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ পৰিচালন সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই ।

Doctor Advice
বায়ু প্ৰদূষণে কেনেদৰে স্নায়ুৰ ৰোগৰ ওপৰত প্ৰভাৱ পেলায় জানেনে ? (FREEPIK)

গুৱাহাটী, 5 জুন: বৰ্তমান সময়ত সকলোৱে সন্মুখীন হোৱা এটা ভয়াৱহ সমস্যা হৈছে প্ৰদূষণৰ সমস্যা ৷ বিশেষকৈ বায়ু প্ৰদূষণ ৷ দিল্লী আদিকে ধৰি ভাৰতৰ কেইবাখনো চহৰ সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে ৷ এইক্ষেত্ৰত পিচপৰি ৰোৱা নাই গুৱাহাটী মহানগৰীও ৷ লেতেৰা চহৰসমূহৰ ভিতৰত গুৱাহাটী মহানগৰীৰো স্থান আছে ৷ সমান্তৰালভাৱে বায়ু প্ৰদূষণো গুৱাহাটী মহানগৰীত খুবেই বেছি ৷ এই প্ৰদূষণৰ ফলত আমাৰ জনস্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পৰে ৷ বায়ু প্ৰদূষণে বিশেষকৈ হাওঁফাওঁৰ ওপৰত প্ৰভাৱ পেলায় ৷ হাওঁফাওঁৰ ভিন্ন ৰোগ হোৱাৰ উপৰিও হৃদপিণ্ডৰ ৰোগ হোৱাৰ সম্পৰ্কে সকলোৱে অৱগত ৷

ডাঃ বসন্ত কুমাৰ বৈশ্য (ETV BHARAT)

কিন্তু এই বায়ু প্ৰদূষণৰ ফলত কেৱল হাওঁফাওঁৰে নহয় স্নায়ুৰ ৰোগৰ ক্ষেত্ৰতো বহু প্ৰভাৱ পেলায় ৷ ২০১২ চনৰ পৰা সমগ্ৰ বিশ্বজুৰি Global Health Societyয়ে ইয়াৰ ওপৰত কৰা বহু আলোচনাৰ ভিত্তিত এই কথাত উপনীত হোৱা গৈছে যে, বায়ু প্ৰদূষণৰ ফলত ইয়াৰ প্ৰভাৱ স্নায়ুৰ ৰোগৰ ক্ষেত্ৰতো পৰে ৷

বায়ু প্ৰদূষণে কেনেদৰে স্নায়ুৰ ৰোগৰ ওপৰত প্ৰভাৱ পেলায় ?

বায়ু প্ৰদূষণৰ ফলত যিবোৰ Particulate Matter যাক PM বুলি কোৱা হয় ৷ PM 2.5 মাইক্ৰন বা তাতকৈ যদি কমি থাকে তেন্তে এই ধৰণৰ মাইক্ৰনবোৰৰ পৰা ষ্ট্ৰ'কজনিত কাৰণৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই Particulate বোৰ বিশেষকৈ গাড়ী-মটৰ, কয়লা পুৰিলে আৰু খৰিৰে ভাত ৰান্ধিলে বেছিকৈ ওলায় ৷ ইয়াৰ পৰা ওলোৱা Particulate অতি সৰু থাকে আৰু ই বিস্তৃত আকাৰত বিয়পি ফুৰে ৷ ইয়াৰ ওজন কম হোৱাৰ বাবে ই বতাহতে উপঙি থাকে আৰু ই বহু দিনলৈ ক্ৰিয়া কৰি থাকিব পাৰে ৷ যাৰ ফলত ই আমাৰ শৰীৰত ভিন্ন ধৰণে প্ৰভাৱ পেলাই ষ্ট্ৰ'কৰ কাৰণ হৈ পৰে ৷

ইয়াৰোপৰি বায়ুত থকা বিভিন্ন ধৰণৰ জৈৱিক-অজৈৱিক কণিকাৰ বাবে স্নায়ুৰ ভিন্নৰোগ হ'ব পাৰে ৷ বৰ্তমান সময়ত স্মৃতি ভ্ৰমৰ সমস্যা আমাৰ সমাজত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ স্মৃতি ভ্ৰমৰ সমস্যা এটা মূল কাৰণ হৈছে বায়ু প্ৰদূষণ ৷ আনহাতে, এল'জিমাল, পাৰ্কিচন আদিকে ধৰি বহুৰোগ ক্ষেত্ৰত বায়ু প্ৰদূষণে ক্ৰিয়া কৰে ৷

সেয়ে প্ৰদূষণমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত সকলো লোকেই সজাগ হোৱাটো খুবেই জৰুৰী ৷

লগতে পঢ়ক: ঘৰৰ পৰা ওলাওতে চশমা পিন্ধাটো বাঞ্ছনীয় কিয় জানক - Protect Yourself from Air Quality

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.