ETV Bharat / health

ঘৰৰ পৰা ওলাওতে চশমা পিন্ধাটো বাঞ্ছনীয় কিয় জানক - Protect Yourself from Air Quality

Air Pollution: ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা প্ৰদূষণে ঘৰৰ বাহিৰলৈ যোৱা লোকক চিন্তাত পেলাইছে ৷ এই প্ৰদূষণৰ মাজত যদি আপুনি ঘৰৰ বাহিৰলৈ ওলাই গৈছে তেন্তে কিছুমান দিশত গুৰুত্ব দিয়াটো খুবেই জৰুৰী ৷ অন্যথা এই প্ৰদূষণে আপোনাৰ হাওঁফাওঁ আৰু ডিঙি আদিৰ ক্ষতি কৰিব পাৰে ৷ গতিকে ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে জানো আহক...

How To Protect Yourself From Air Pollution
ঘৰৰ পৰা ওলাওতে চশমা পিন্ধাটো বাঞ্চনীয় কিয় জানক
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 4:07 PM IST

|

Updated : March 27, 2024 at 6:54 PM IST

2 Min Read
Choose ETV Bharat

ভাৰতকে ধৰি বিশ্ববাসীৰ বাবে বায়ু প্ৰদূষণ এক প্ৰধান চিন্তাৰ কাৰণ হৈ পৰিছে ৷ দূষিত বায়ুৰ ফলত কাহ, ডিঙিত বিষ আৰু ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰিছে ৷ হৃদৰোগ আৰু হাঁপানী ৰোগীৰ পৰিস্থিতি আৰু বেয়া ৷

এক গৱেষণাত বিষাক্ত বায়ুকো Corona ভাইৰাছ মহামাৰীৰ ফলত হোৱা মৃত্যুৰ কাৰকৰ সৈতে জড়িত কৰা হৈছে ৷ বিশ্বৰ চৰকাৰসমূহে বায়ু প্ৰদূষণ বন্ধ কৰাৰ বাবে নিজৰ নিজৰ স্তৰত প্ৰচেষ্টা চলাই থকাৰ সময়তে ভাৰততো কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে ৷ কিন্তু, বৰ্ধিত বায়ু প্ৰদূষণৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি সেই প্ৰশ্নৰ উত্তৰ জনাটো অতি প্ৰয়োজনীয় ৷

ঘৰৰ বাহিৰলৈ ওলাই যাওঁতে এইবোৰ কথা মনত ৰাখিব:-

মাস্কৰ প্ৰয়োজন

যদি আপুনি ঘৰৰ পৰা ওলাই যায়, তেন্তে নিশ্চিতভাৱে মাস্ক পৰিধান কৰক ৷ উন্নত মানৰ মাস্কে আপোনাক প্ৰদূষণৰ পৰা হাত সাৰিবলৈ বহুখিনি সহায় কৰিব পাৰে ৷ বজাৰ, অফিচ, স্কুল-কলেজলৈ যোৱাৰ সময়ত আৰু ল’ৰা-ছোৱালীকো মাস্ক পৰিধান কৰিবলৈ শিকাওক ৷

চশমাও পিন্ধিব পাৰে

যদি আপুনি, এই প্ৰদূষণে চকুত বিৰক্তিও সৃষ্টি কৰে ৷ গতিকে চকুৰ সুৰক্ষাৰ বাবে চশমা পিন্ধিব পাৰে ৷ গাড়ীৰে যাওক বা খোজকাঢ়ি যাওক ৷ চশমা পৰিধান কৰিবলৈ নাপাহৰিব ৷

অকাৰণে ঘৰৰ বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক

অফিচ, স্কুল-কলেজ আদিলৈ যাবলগীয়া হোৱা মানুহবোৰ ঘৰৰ বাহিৰলৈ ওলোৱাটো প্ৰয়োজনীয় হৈ পৰে ৷ কিন্তু যিসকল লোকৰ কাম নাই তেওঁলোকৰ বাবে অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা ওলাই নোযোৱাটোৱেই ভাল হ’ব ৷ যেনে ল’ৰা-ছোৱালীক পাৰ্ক বা ৰাস্তাত খেলা-ধূলা কৰিবলৈ খুব কমেইহে পঠিয়াব লাগে আৰু সম্ভৱ হ’লে ঘৰতে থাকিবলৈ ক’ব লাগে ৷

ব্যায়াম প্ৰয়োজনীয়

বাহিৰত প্ৰদূষণ আছে, গতিকে যিমান পাৰি ঘৰতে থাকিলে স্বাস্থ্যৰ বাবে উপকাৰী৷ যদিও প্ৰদূষণৰ বাবে পাৰ্কলৈ যাব পৰা নাই ৷ কিন্তু নিজকে সুস্থ কৰি ৰাখিবলৈ ঘৰতে ব্যায়াম কৰিব পাৰে ৷

লগতে পঢ়ক: আপোনাৰ জানিবলৈ মন যায় নে বাৰু মানুহ কিমান বছৰলৈ জীয়াই থাকিব পাৰে ?

Last Updated : March 27, 2024 at 6:54 PM IST