ETV Bharat / bharat

তিনি যুৱকৰ নিকৃষ্টকাণ্ড: 15 বছৰীয়া কিশোৰীক অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণ - minor girl kidnapped and gang raped

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 11:04 AM IST

YOUNG MAN GANG RAPE TEENAGER: পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ গৰু চৰাবলৈ যোৱা কিশোৰী কামনাৰ বলি হ’ল তিনি পাষাণৰ ৷

YOUNG MAN GANG RAPE TEENAGER
তিনি যুৱকৰ নিকৃষ্টকাণ্ড: 15 বছৰীয়া কিশোৰীক অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণ (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 27 মে’ : উত্তৰ প্ৰদেশৰ ফতেহপুৰত জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে দুটা অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

ঘটনাৰ বিৱৰণ :

কিষাণপুৰৰ এখন গাঁৱত যোৱা 23 মে’ৰ বিয়লি এগৰাকী কিশোৰীয়ে প্ৰতিদিনৰ দৰে গৰু চৰাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷ কিশোৰীগৰাকীৰ বয়স 15 বছৰ ৷ সেই সময়চোৱাত গাঁৱখনৰ ঝুৰি, ধৰমপাল আৰু নানকাই নামৰ তিনি যুৱক সেই ঠাইত উপস্থিত হয় ৷ তাৰ পিচতে তিনি যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি দলৱদ্ধভাৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীৰ পিতৃয়ে অভিযোগ উত্থাপন কৰে ৷

তাৰ পিচতে সন্ধ্যালৈকে কিশোৰীগৰাকী উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হয় ৷ লগে লগে পৰিয়ালৰ সদস্যসকলে কিশোৰীগৰাকীক বিচাৰ-খোচাৰ কৰে ৷ কিন্তু কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ নাপায় ৷

কিশোৰীগৰাকীৰ বিৱৰণ : এই ঘটনাৰ পিচতে নিশা কিশোৰীগৰাকী কান্দি কান্দি ঘৰলৈ উপস্থিত হয় ৷ কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পিছত পৰিয়ালৰ লোকে লগে লগে কিষাণপুৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে । কিশোৰীগৰাকীয়ে কোৱা অনুসৰি অভিযুক্ত তিনিটাই এই জঘন্য ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তকেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । গোচৰটোৰ সন্দৰ্ভত এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ভুক্তভোগী কিশোৰীগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

দেওবাৰে, এটা ফৰেনচিক দলে ঘটনাস্থলী পৰীক্ষা কৰে আৰু প্ৰমাণ সংগ্ৰহ কৰে । ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক সুনীল কুমাৰ সিঙে ঘটনাস্থলীত উপস্থিত হয় গাঁওবাসীৰ ভাষ্য লিপিবদ্ধ কৰে ৷ ।

আৰক্ষী বিষয়া সুনীল কুমাৰ সিঙে কয় যে, POCSO আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে । চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত অনুসন্ধান কৰা হ'ব । কিশোৰীগৰাকীৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে । পলাতক অভিযুক্ত দুটাৰ সন্ধান অব্যাহত আছে ৷

লগতে পঢ়ক: শোকাৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 জন লোকৰ মৃত্যু - Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.