ETV Bharat / bharat

শোকাৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 জন লোকৰ মৃত্যু - Road Accident

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:30 PM IST

Tragic Incident : ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 জন লোকৰ মৃত্যু ৷ দুৰ্ঘটনাত দুগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটি শিশুৰ মৃত্যু হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

ROAD ACCIDENT IN HASSAN KARNATAKA
দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 জন লোকৰ মৃত্যু (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 26 মে’ : এক শোকাৱহ পথ দুৰ্ঘটনাত এটি শিশুসহ 6জন লোকৰ মৃত্যু হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনে ট্ৰাকত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা ৷ নিহত সকলৰ ভিতৰত দুগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটি শিশু আছে ৷ মৃত আটাইকেইজন একে পৰিয়ালৰ লোক বুলি বুলি জানিব পৰা গৈছে ৷ কৰ্ণাটকৰ হাছানত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৷

এখন চাৰিচকীয়া বাহন আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত সংঘটিত এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 জন লোকৰ মৃত্যু হয় ৷ দেওবাৰে পুৱা হাছান চহৰৰ উপকণ্ঠৰ 75 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কন্দলি গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা ৷

দুৰ্ঘটনাত গাড়ীখনত যাত্ৰা কৰা দুগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটি শিশুৰ মৃত্যু হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ এই দুৰ্ঘটনাত নাৰায়ণপ্পা, সুনন্দা, ৰবিকুমাৰ, নেত্ৰা, চেতন (শিশু) আৰু ৰাকেশ (চালক)ৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

চিক্কাবল্লাপুৰা জিলাৰ পৰা অহা মৃত লোকেইজনে গাড়ীৰে মাংগালুৰুত চিকিৎসাধীন হৈ থকা আত্মীয়ক চাবলৈ গৈছিল ৷ পিচত মাংগালুৰুৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷ গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰি কাষৰ পথত জঁপিয়াই ট্ৰাকখনত খুন্দা মাৰে ৷ ছিন্নভিন্ন গাড়ীখনৰ পৰা মৃতদেহবোৰ আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰে ৷ ঘটনাৰ কাৰণ, পুৱাৰ ভাগত গাড়ী চলোৱাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

হাছানৰ আৰক্ষী অধীক্ষক মহম্মদ সুচিতাই ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰে ৷ ইতিমধ্যে হাছান গ্ৰাম্য থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক : চিকিৎসালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল 7 শিশু - Fire In Delhi Baby Care Hospital

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.