ETV Bharat / bharat

চিকিৎসালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল 7 শিশু - Fire in Delhi Baby Care Hospital

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 9:36 AM IST

Updated : May 26, 2024, 11:48 AM IST

FIRE INCIDENT IN DELHI : এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত 7 টাকৈ শিশুৰ মৃত্যু ৷ অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জ্বলি গৈছিল চিকিৎসালয়খন । সবিশেষ চাওক এই প্ৰতিবেদনত ৷

Fire in Delhi Baby Care Hospital
চিকিৎসালয়ত অগ্নিকাণ্ড (Source : Etv Bharat)

নেশ্যনেল ডেস্ক, 26 মে’: শনিবাৰৰ নিশাটোৱে যে এক ভয়ংকৰ খবৰ কঢ়িয়াই আনিব কোনেও ভবা নাছিল ৷ এখন চিকিৎসালয়ত সংঘটিত হৈছে এক অগ্নিকাণ্ড ৷ এই ঘটনাত মৃত্যুক সাৱটি লৈছে 7 টি শিশুৱে ৷ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত চিকিৎসালয়খনত ভৰ্তি হৈ আছিল 12 টিকৈ শিশু ৷

অগ্নিকাণ্ডৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী ৷ স্থানীয় লোকসকলৰ সহায়ত অগ্নি নিৰ্বাপক বাহিনীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ শনিবাৰে নিশা 6 টি শিশুৰ মৃত্যু ঘটাৰ পিছতে সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা আন 6 টি শিশুক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ দেওবাৰে পুৱা চিকিৎসাধীন অৱস্থাত এটি শিশুৰ মৃত্যু ঘটে ৷

প্ৰায় এঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনী ৷ এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে চিকিৎসালয়খনৰ সমীপৰ অট্টালিকালৈকে বিয়পিছিল জুই ৷

অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ অনুসন্ধানৰ অন্তত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সঠিক কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে ৷ প্ৰত্যক্ষদৰ্শীয়ে ব্যক্ত কৰা অনুসৰি, এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ আশংকা প্ৰকাশ কৰা অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত ঘটিছিল জুইৰ ৷

সম্প্ৰতি এই অগ্নিকাণ্ডৰ ঘটনাত 7 টিকৈ শিশুৰ মৃত্যু ঘটাত শোকৰ ছা পেলাইছে অঞ্চলটোত ৷ অৱশ্যে এই ঘটনা অসমৰ নহয়, ৰাজধানী চহৰ নতুন দিল্লীৰ বিবেক বিহাৰ এলেকাত থকা এখন শিশু হাস্পতালতহে শনিবাৰে নিশা প্ৰায় 11.32 বজাত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷

উক্ত অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় বিধায়ক তথা দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোয়েল ৷ গোয়েলে প্ৰকাশ কৰা অনুসৰি, এই মৰ্মন্তুক ঘটনাটো সংঘটিত হোৱাৰ সময়ত হাস্পতালখনত ভৰ্তি হৈ আছিল 11 টিকৈ শিশু ৷

ইফালে চিকিৎসালয়খনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত ভগত সিং সেৱা দলৰ সভাপতি পদ্মশ্ৰী জিতেন্দ্ৰ সিং শান্তীয়ে প্ৰকাশ কৰিছে যে, এটা প্ৰচণ্ড বিস্ফোৰণৰ পিছত এই অগ্নিকাণ্ড সংঘটিত হৈছিল । অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত চিকিৎসালয়খনৰ বাহিৰত এম্বুলেন্সত অক্সিজেন ৰিফিলিঙৰ কাম কৰি থকা হৈছিল ৷

এই অক্সিজেন ৰিফিলিঙৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । একেলেথাৰিয়ে তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ পিছত চিকিৎসালয়খনত জুইৰ সূত্ৰপাত ঘটে ৷ এই জুইৰ মাত্ৰা ইমানে ভয়ংকৰ আছিল যে, চিকিৎসালয়খনৰ সমীপৰ অট্টালিকালৈ জুই বিয়পে ৷

উল্লেখ্য যে, দিল্লীৰ শিশু চিকিৎসালয়ত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত শোকপ্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যম এক্সযোগে নিহত শিশুকেইটাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷

ইতিমধ্যে বিষয় সন্দৰ্ভত দিল্লীৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তদন্ত ৷ আৰক্ষীয়ে এই নিৰ্দেশৰ পিছতে চিকিৎসালয়খনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷ পিছে এই ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ৷

লগতে পঢ়ক: গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire Incident

Last Updated : May 26, 2024, 11:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.