ৰঙাপৰাত পবিত্ৰ বুদ্ধ পূর্ণিমা পালন - Holy Buddha Purnima

By ETV Bharat Assamese Team

Published : May 23, 2024, 9:55 PM IST

thumbnail
ৰঙাপৰাত পবিত্ৰ বুদ্ধ পূর্ণিমা পালন (ETV BHARAT ASSAM)

ৰঙাপৰা, 23 মে’: আজি দেশজুৰি পালন কৰা হৈছে বুদ্ধ পূর্ণিমা । সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত অতি উলহ-মালহেৰে পবিত্র বুদ্ধ পূর্ণিমা পালন কৰা হয় । বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম ধর্মীয় উৎসৱ বুদ্ধ পূৰ্ণিমা ৷ এই বুদ্ধ পূৰ্ণিমাৰ দিনটো গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে ৷

ৰঙাপাৰাৰ ১ নং নামনিগাঁৱত ১৯৪৯ স্থাপিত হোৱা ঐতিহাসিক লুম্বনী বৌদ্ধ বিহাৰত ভান্টে আৰু অঞ্চলটোৰ বৰুৱা, মগ, আহোম, চাকমা, সাক্য, লামা আদি লোকসকল উপস্থিত থাকে ৷ উপস্থিত লোকসকলে 'বুদ্ধং শৰণং গচ্ছামি' উচ্চাৰণৰে অঞ্চলটোৰ পৰিৱেশ মুখৰিত হৈ পৰে । এই ধর্মীয় আলোচনা সভাত লুম্বিনী বৌদ্ধ বিহাৰৰ বৌদ্ধ ভিক্ষুৱে বুদ্ধদেৱৰ জীৱন আদর্শ অনুসৰণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনায় । লগতে উপস্থিত ৰাইজে ভিক্ষুৰ প্রৱচন আৰু বুদ্ধৰ বাণী শুনে। এই পবিত্র বুদ্ধ পূর্ণিমাত বাজুলি, ফুলগুৰি, ধূলাপাদুং, নামনিগাঁও আদি ঠাইৰ পৰা ৰাইজসকল বৌদ্ধ বিহাৰত উপস্থিত হয়হি ।

উল্লেখ্য যে, হিন্দুসকলৰ বাবেও এই দিনটো অতি পবিত্ৰ দিন হিচাপে বিবেচিত হৈ আহিছে । হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে ।

লগতে পঢ়ক: বুদ্ধ পূৰ্ণিমাৰ দিনা ভুলতো নকৰিব এই কাম, অন্যথা ঘৰলৈ আহিব দাৰিদ্ৰতা - Buddha Purnima 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.