ETV Bharat / health

বুদ্ধ পূৰ্ণিমাৰ দিনা ভুলতো নকৰিব এই কাম, অন্যথা ঘৰলৈ আহিব দাৰিদ্ৰতা - Buddha Purnima 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:52 PM IST

Buddha Purnima 2024 Remedies: হিন্দু আৰু বৌদ্ধ ধৰ্ম উভয়ৰে বাবে বুদ্ধ পূৰ্ণিমাৰ গুৰুত্ব অতি বিশেষ বুলি গণ্য কৰা হয় । সেয়ে হিন্দু ধৰ্মত আজিৰ দিনটোৰ বিশেষ গুৰুত্ব আছে ৷ এই দিনটোত আমি কিছুমান কাম কৰাৰ পৰা বিৰত থকাটো উচিত যাৰ ফলত মা লক্ষ্মী ৰুষ্ট হ’ব পাৰে ৷

Do not do these things on Buddha Purnima
বুদ্ধ পূৰ্ণিমাৰ দিনা ভুলতো নকৰিব এই কাম অন্যথা ঘৰলৈ আহিব দৰিদ্ৰতা (FREEPIK)

হিন্দু ধর্মত পূৰ্ণিমা তিথিক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ৷ এবছৰত মুঠ ১২টা পূৰ্ণিমা তিথি থাকে ৷ ইয়াৰে এটা হ'ল বুদ্ধ পূৰ্ণিমা ৷ চলিত বৰ্ষৰ ২৩ মে' অৰ্থাৎ বৃহস্পতিবাৰে পৰিছে বুদ্ধ পূৰ্ণিমা ৷ বুদ্ধ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীক পূজা কৰা হয় ৷ বিশ্বাস কৰা হয় যে বুদ্ধ পূৰ্ণিমাৰ দিনা দেৱী লক্ষ্মীয়ে ঘৰত বিৰাজ কৰে ৷ সেয়ে বুদ্ধ পূৰ্ণিমা দিনটোত আমি কিছু কাম কৰাৰ পৰা বিৰত থাকিব লাগে, নহ'লে দেৱী লক্ষ্মী ৰুষ্ট হৈ পৰে ৷

বুদ্ধ পূৰ্ণিমাৰ দিনা সুৰাপানৰ উপৰিও নকৰিব এই কাম

এই দিনটোত লক্ষ্মীয়ে ৮টা ঐশ্ব্যৰিক ৰূপ লৈ পৃথিৱীত বিচৰণ কৰে ৷ এই দিনটোত দেৱী লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে ৷ এই পৰিস্থিতিত এটা কথা মন কৰিবলগীয়া যে বুদ্ধ পূৰ্ণিমাৰ দিনা মাংস, মদ, ধুমপান আদি কৰিব নালাগে ৷

এই সামগ্ৰী দান নকৰিব

বুদ্ধ পূৰ্ণিমাৰ দিনটোত কোনো ক'লা বস্তু যেনে ক'লা দালি, ক'লা কাপোৰ, ক'লা তিল আদি দান কৰাটো উচিত নহয় ৷ কাৰণ এই দিনটোত ক'লা বস্তু দান কৰিলে ৰাহুৰ কু-প্ৰভাৱ বৃদ্ধি পায় ৷ ৰাহুৰ কু-প্ৰভাৱৰ বাবে ঘৰত ঋণাত্মক শক্তিৰ প্ৰবাহ বাঢ়িবলৈ ধৰে ৷

এই ৰঙৰ কাপোৰ নিপিন্ধিব

বুদ্ধ পূৰ্ণিমাৰ দিনটোত ক'লা-বগা দুই ৰঙৰ কাপোৰ পিন্ধিব নালাগে ৷ এই দিনটোত এই দুই ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি গণ্য কৰা হয় ৷ লগতে ক'লা ৰঙে নেতিবাচক শক্তিৰ সঞ্চাৰণ কৰে ৷ ইফালে বগা ৰঙৰ কুপ্ৰভাৱত পৰিয়ালত বিসংগতি বৃদ্ধি পায় আৰু শান্তি বিঘ্নিত হয় ৷

কাকো অপমান নকৰিব

পূৰ্ণিমাৰ দিনা চিন্তা-বাক্য-কর্মত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক কোনো ধৰণৰ অপব্যৱহাৰ বা অপমান কৰাটো উচিত নহয় ৷ ইয়াৰ ফলত দেৱতাৰ লগতে পূৰ্বপুৰুষৰ খং উঠে ৷

লগতে পঢ়ক: Buddha Purnima 2023: বুদ্ধ পূৰ্ণিমা পালন কৰাৰ ৬ টা বিশেষ কাৰণ কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.