ETV Bharat / state

কোনে কয় মানুহে মানুহৰ বাবে নাভাবে বুলি ? - HELPLESS OLD WOMAN

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:31 PM IST

Helpless Old Woman: মঙলদৈৰ এখন গাঁৱত শোকাকুল পৰিৱেশ । সকলোৱে চকুলো টুকি বিদায় দিছে । উচুপি উচুপি বিদায় লৈছে বিদায় লওতাগৰাকীয়েও । কিন্তু এই বিদায় বেলাই দি থৈ গৈছে এক বিশেষ বাৰ্তা । কোনে কাক বিদায় দিওঁতে উঠিল উচুপি ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Unity we the Blood Donors ngo rescues grandmother with Orphan child
কোনে কয় মানুহে মানুহৰ বাবে নাভাবে বুলি ? (ETV Bharat Assam)

মঙলদৈ, ২৩ মে': আইতা আজি গ'লগৈ । অশ্ৰুসিক্ত নয়নৰে আইতাক বিদায় দিলে গাঁওবাসীয়ে । লগতে লৈ গ'ল চেনেহৰ নাতিটোকো । এতিয়াৰে পৰা দূৰ হ'ব আইতাৰ যন্ত্ৰণা । জিৰাব নিৰিবিলি পৰিৱেশে বিৰাজ কৰা এক মনোৰম স্থানত । নাতিয়ে লাভ কৰিব শিক্ষা । তথাপিয়ো চকু সেমেকি উঠিল গাঁওবাসীৰ ।

কোনে কয় মানুহে মানুহৰ বাবে নাভাবে বুলি ? (ETV Bharat Assam)

হয়, মঙলদৈ নাহৰবাৰী গাঁৱত দেখা গ'ল এক শোকাকুল পৰিৱেশ । গাঁওখনত দীৰ্ঘদিনে একমাত্ৰ নাতিসহ দুৰ্বিসহ জীৱন কটোৱা যোগেশ্বৰী ডেকাই ত্যাগ কৰিলে গাঁওখন । কিছুদিন আগলৈকে চৰকাৰৰ কোনো ধৰনৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা ৰ'দে-বৰষুণে জৰাজীৰ্ণ এটি পঁজাই আশ্ৰয়স্থল আছিল নাতি আৰু আইতা যোগেশ্বৰী ডেকাৰ । প্ৰথমতে পিতৃ তাৰ পিছত মাতৃক হেৰুওৱা দুৰ্ভগীয়া শিশুটিক বুকুত সাৱটি ডাঙৰ কৰাৰ স্বাৰ্থতে ভোক আৰু দুঃচিন্তাৰে আন্ধাৰ ৰাতিবোৰ পাৰ কৰিছিল আইতাগৰাকীয়ে ।

কোনো পোহৰৰ ব্যৱস্থা নোহোৱা ভঙা পঁজাত দিনৰ পোহৰত নাতিক পঢ়িবলৈ দি নিজে ভিক্ষা মাগিবলৈ যায় আইতাই । একমাত্ৰ কণমানি নাতিৰ সৈতে মঙলদৈ নাহৰবাৰী গাঁৱৰ যোগেশ্বৰী ডেকাৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছিল কেইদিনমান পূৰ্বে । তাৰ পাছতে ওলাই আহিছিল এটি স্বেচ্ছাসেৱী সংগঠন । গাঁওবাসীৰ লগতে স্বেচ্ছাসেৱী সংগঠন ইউনিটি উই দা ব্লাড ড'নাৰ নামৰ এটি সংগঠনটি আগবাঢ়ি আহিল আইতাক সহায় কৰিবলৈ ।

সেই অনুসৰি বৃহস্পতিবাৰে অশ্ৰুশিক্ত নয়নেৰে মঙলদৈৰ নিৰিবিলি বৃদ্ধাৱাসলৈ লৈ যোৱা হ'ল আইতাক । লগতে কেইদিনমানৰ কাৰণে আইতাকৰ লগতে পাঁচ বছৰীয়া শিশুটিকো ৰখাৰ ব্যৱস্থা কৰা হয় । ইয়াৰ পিছতে সম্পূৰ্ন চৰকাৰী নীতি-নিয়ম অনুসৰিয়েই শিশুটিৰ পঢ়া-শুনাৰ ব্যৱস্থা গ্ৰহণ কৰিব স্বেচ্ছাসেৱী সংগঠনটোৱে । গাওঁবাসীয়েও বেজাৰ মনে বিদায় দিলে যোগেশ্বৰী ডেকা আৰু শিশুটিক । এই দৃশ্যই পুনৰ প্ৰমাণ কৰিলে যে এতিয়াও জীয়াই আছে মানৱতা । এতিয়াও বাদ দিয়া নাই মানুহে মানুহৰ বাবে ভাবিবলৈ ।

লগতে পঢ়ক: এনেকৈয়ো জীৱন চলেনে ? সাত বছৰ ধৰি শৌচালয়ত জীৱন নিৰ্বাহ এটা পৰিয়ালৰ - Life In A Toilet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.