ETV Bharat / state

এনেকৈয়ো জীৱন চলেনে ? সাত বছৰ ধৰি শৌচালয়ত জীৱন নিৰ্বাহ এটা পৰিয়ালৰ - Life in a toilet

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 8:10 PM IST

Majuli poor family: 7 বছৰ পূৰ্বে কাল ধুমুহাই ভাঙিলে ঘৰ ৷ কিন্তু ভগা ঘৰটো বনাবলৈ উপায় নাছিল সত্যজিতৰ ৷ চাৰিজনীয়া পৰিয়ালটোক লৈ থাকিব ক’ত ? উপায়বিহীন হৈ এটা শৌচালয়কেই ঘৰ হিচাপে ব্যৱহাৰ কৰি সাত বছৰ তাতেই জীৱন কটালে সত্যজিতৰ পৰিয়ালে ৷ চাওক এই প্ৰতিবেদনত...

Majuli poor family
Life in a toilet (ETV Bharat Assam)

মাজুলী, 23 মে’: ভাষণে-বিজ্ঞাপনে দেশ তথা ৰাজ্যৰ বহু উন্নয়ন হ’ল ৷ মানুহে বিনামূলীয়া ৰেচন লাভ কৰিলে, চৰকাৰৰ মতে দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিল বহু পৰিয়াল ৷ মাহে 1200 টকাকৈ লাভ কৰা হিতাধিকাৰীও বহু হ’ল ৰাজ্যত ৷ মুঠতে চৰকাৰে দাবী কৰা ধৰণৰেই ৰাজ্যৰ দশো-দিশে বলিছে উন্নয়নৰ বতাহ ৷ কিন্তু এই বতাহজাকে বহুতকেই চুই যাব পৰা নাই ৷ 2016 চনত বিজেপি ৰাজ্যৰ শাসনলৈ অহাৰ পৰা 2021 চনলৈ সৰ্বানন্দ সোণোৱালে আৰু তেওঁৰ পিছত বিজেপিৰেই ভুবন গামে প্ৰতিনিধিত্ব কৰি অহা মাজুলী সমষ্টিৰ এটা পৰিয়ালৰ বিলাই-বিপত্তি দেখিলে আপোনাৰো চকু সেমেকি উঠিব ৷

শৌচগাৰেই হ’লগৈ ঘৰ (ETV Bharat Assam)

এটা শৌচাগাৰত জীৱন কটাই আহিছে পৰিয়ালটোৱে ৷ পৰিস্থিতিয়ে এই পৰিয়ালটোক বাধ্য কৰিছে শৌচাগাৰটোতেই জীৱন নিৰ্বাহৰ বাবে ৷ সুদীৰ্ঘ 7 টা বছৰ এই ঘৰটোতেই বাস কৰি আহিছে পৰিয়ালটোৱে ৷ আপুনি জানি আচৰিত হ’ব মাজুলীৰ বিধায়ক ভুবন গামৰ নিজা গাঁও 2 নং ফুটুকীৰেই দৃশ্য এয়া ৷ দুই পুত্ৰ আৰু পত্নীসহ এইদৰে এটা শৌচাগাৰত দিন কটাব লগীয়া হৈছে সত্যজিৎ গাম নামৰ ব্যক্তিগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাজপথত মাৰিছে মাছ; অভিনৱ প্ৰতিবাদেৰে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - Artificial Flood in Kalgachia

পূৰ্বতে সত্যজিৎ গামৰ মাটিৰ বেৰ আৰু খেৰৰ চালিৰ এটা ঘৰ আছিল ৷ কিন্তু ধুমুহাই ঘৰটো ভাঙি পেলোৱাৰ পিচত থাকিবলৈ ঠাই নোহোৱা হ’ল সত্যজিতৰ পৰিয়ালটোৰ ৷ অৱশেষত শৌচাগাৰতেই বসবাসৰ পথ বাচি ল’লে তেওঁ ৷ ৰন্ধা-বঢ়া-খোৱাৰ বাবে শৌচাগাৰটো ব্যৱহাৰ কৰাৰ বিপৰীতে ৰাতি শুবলৈ গা-ধোৱা ঘৰটো ব্যৱহাৰ কৰে তেওঁলোকে ৷ ৰেচন কাৰ্ডখনৰ বাদে কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই এই দাল-দৰিদ্ৰ পৰিয়ালটোৱে ৷ কিন্তু ৰেচন কাৰ্ডতকৈ এটা চৰকাৰী আবাসৰহে প্ৰয়োজন তেওঁলোকক ৷

লগতে পঢ়ক: কথা আছিল মাটি দিয়াৰ, কিন্তু দিলে কুপন : ‘‘অ’ চৰকাৰ আমি নামানো’’ - EVICTION IN GORUKHUTI

সামাজিক মাধ্যমৰ যোগেদি পোহৰলৈ অহাৰ পিছত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । খোদ শাসকীয় দলৰ বিধায়কৰ নিজ গাঁৱৰ দৰিদ্ৰ মানুহেই যদি এনে অৱস্থাত দিন কটাব লগীয়া হয়, তেন্তে আন লোকৰ অৱস্থা কি হ’ব ? কেউফালে উন্নয়নৰ ধ্বনি গুঞ্জৰিত হোৱা এইখন ৰাজ্যত এইদৰে জনতাই জীৱন কটাইছে বুলি কল্পনা কৰিব পাৰিনে ? মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ৫০০ মিটাৰ দূৰত্বত থকা ২ নং ফুটুকী গাঁৱৰ সত্যজিৎ গামৰ নিঃকিন অৱস্থাৰ এই ছবিখনে উন্নয়নৰ উদাত্ত শ্ল’গানক বাৰুকৈয়ে ভেঙুচালি কৰিছে ৷ সত্যজিতৰ পৰিয়ালটোক এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ জনপ্ৰতিনিধিৰ সদভাৱ উপজিবনে ? সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: জুইশলাৰ বাকচতো সুৰৰ সৃষ্টি হয়, আমাৰ এই কাহিনীয়ে তাকে কয়... - Jorhat Artist

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.