ETV Bharat / state

জুইশলাৰ বাকচতো সুৰৰ সৃষ্টি হয়, আমাৰ এই কাহিনীয়ে তাকে কয়... - Jorhat Artist

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:41 AM IST

Jorhat Exceptional Artist: অসমৰ সাংস্কৃতিক জগতখনত এনে কিছু লোক আছে যি নিজস্ব চিন্তাৰে কিছু অগতানুগতিক কাম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । তেনে এক অসাধাৰণ কৰ্মৰে বহু গুণী শিল্পীকো মুগ্ধ কৰিবলৈ সক্ষম হোৱা এগৰাকী শিল্পীৰ কথাৰে এই প্ৰতিবেদন ।

Exceptional Talent
এটা জুইশলা বাকচ আৰু এজন বিশেষ ব্য়ক্তি (ETV Bharat Assam)

এটা জুইশলা বাকচ আৰু এজন বিশেষ ব্য়ক্তি (ETV Bharat Assam)

যোৰহাট, ২৩ মে': জুবিন গাৰ্গলৈ এজন চহা শিল্পীৰ অনুৰোধ । জুইশলা বাকচত সুৰৰ লহৰ তোলা এগৰাকী শিল্পী । কিন্তু তেওঁ আজি অৱহেলিত । অসমত এনে কিছু প্ৰতিভা আছে যি সকলোতকৈ ব্যতিক্ৰম । অভাৱত পৰি নিজস্ব শৈলীৰে কৰি গৈছে কলাৰ সাধনা । বহু গুণী শিল্পীৰ সান্নিধ্য লাভ কৰি হৈছে মহীয়ান । কিন্ত তেনে কিছু বৰ্ষীয়ান শিল্পী আজি হয়তো হৈ পৰিছে অৱহেলিত । ইয়াৰ ভিতৰত এগৰাকী বৰ্ষীয়ান চহা শিল্পী হ'ল যোৰহাটৰ পদুমনিৰ মাজ গাঁৱৰ চন্দ্ৰ কুমাৰ হাজৰিকা । ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীৰ সান্নিধ্য লাভ চন্দ্ৰ কুমাৰৰ ।

এই বিশেষ চহা শিল্পীগৰাকীয়ে সৰুৰে পৰাই ৰেডিঅ'ৰ গীত শুনি হাতত মাত্ৰ এটা জুইশলাৰ বাকচ লৈ তালে তালে বজাইছিল আৰু সেয়া এটা সময়ত নিচালৈ পৰিৱৰ্তন হ'ল । জনসংযোগ বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই বিভিন্ন অনুষ্ঠানত নিজে গীত গাই জুইশলা বাকচত বজাই ৰাইজৰ বিপুল সমাদৰ লাভ কৰি আহিছে । বৰ্ষীয়ান চহা শিল্পী চন্দ্ৰ কুমাৰ হাজৰিকাই এটা মাত্ৰ জুইশলাৰ বাকচত সুৰৰ লহৰ তোলে, তেওঁ সুৰৰ লহৰত সকলো লোক মুগ্ধ হৈ পৰা দেখা যায় । শিল্পীগৰাকীয়ে বিশেষত প্ৰয়াত গীতিকাৰ নগেন বৰাৰ গীত পৰিৱেশন কৰি আহিছে ।

এইগৰাকী বৰ্ষীয়ান ব্যক্তিয়ে ৰাজ্যৰ বিভিন্ন সুৰকাৰ, গীতিকাৰ সান্নিধ্য লাভ কৰি আহিছে । তেওঁ সৃষ্টিৰাজীয়ে পূৰ্বৰ দৰে বৰ্তমানো সমাদৰ লাভ কৰি আহিছে । এই গৰাকী ব্যক্তিয়ে বিশেষ স্থানলৈ গ'লে ৰাইজ অনুৰোধত জুইশলা বাকচত সুৰৰ লহৰ তুলি ৰাইজক আপ্লুত কৰি আহিছে । পিছে সময়ৰ সোঁতত যেন অৱহেলিত হৈছে বহু পুৰস্কাৰ তথা সন্মান লাভ কৰা শিল্পীগৰাকী । আৰ্থিক দৈন্যতায়ো হতাশ কৰিছে শিল্পীগৰাকীক । হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ লগতো জুইশলা বাকচত বাদ্য়ত সংগত কৰা শিল্পীগৰাকীয়ে বিচাৰিলে আৰ্থিক সহায় । আশা কৰো শিল্পীগৰাকীয়ে লাভ কৰক স্বীকৃতি । মানৱদৰদী শিল্পী হিচাপে সমাদৃত হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ সাৰথি হওঁক চন্দ্ৰ কুমাৰ হাজৰিকাৰ । জীয়াই ৰাখক এই ব্যতিক্ৰমী শিল্প ।

লগতে পঢ়ক: চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এগৰাকী লোকশিল্পী - Deprived Of Govt Schemes

বাঁহৰ পেঁপাৰ সুৰত ৰজনজনাইছে চৌদিশ - Hornpipe Pepa

বিহুলৈ বুলি পেঁপা, গগনা আদি প্ৰস্তুত কৰাত ব্যস্ত ধেমাজিৰ ভোগেশ্বৰ গগৈ - Rangali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.