ETV Bharat / state

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এগৰাকী লোকশিল্পী - Deprived Of Govt Schemes

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:50 PM IST

Folk Artist deprived of govt schemes
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এগৰাকী লোকশিল্পী

কলিয়াবৰৰ এগৰাকী লোকশিল্পী, আজিও হৈ আছে এলাগী ! তেওঁৰ কন্ঠৰে ৭৩ বছৰ বয়সতো নিগৰে হৰিনাম, গোৱালপৰীয়া লোকগীত । পিছে আজিও কিয় এলাগী হৈ আছে হাতীফান্দী হিচাপে পৰিচিত এই বিশেষ লোকজন ?

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এগৰাকী লোকশিল্পী

কলিয়াবৰ,১২ এপ্ৰিল: এওঁ এগৰাকী লোকশিল্পী । এসময়ত তেওঁ আছিল হাতীফান্দী । কিন্তু আজি তেওঁ এলাগী, টুকিছে চকুপানী । কলিয়াবৰৰ এইগৰাকী লোকশিল্পী, আজি হৈ ৰৈছে এলাগী ! এসময়ত তেওঁৰ এটা পৰিচয় আছিল, হাতীফান্দী ৰবীন্দ্ৰ দাস । কণ্ঠত তেওঁৰ সৰস্বতীৰ বাস । হাতীফান্দী হিচাপে পৰিচিত ৰবীন্দ্ৰ দাসৰ কন্ঠৰে ৭৩ বছৰ বয়সতো নিগৰে হৰিনাম, গোৱালপৰীয়া লোকগীত । তবলা, দোতাঁৰা, হাৰমনিয়াম, খোল আদি বাদ্য বজোৱাত পাৰ্গত ৰবীন্দ্ৰ যেন আজি ৰণত পৰি কলীয়া হ'ল ।

  • " class="align-text-top noRightClick twitterSection" data="">

হাতীফান্দী হিচাপে কাৰ্বি-আংলং, নগাৱঁত ৮ টামান হাতী ধৰাৰ পিচতে চৰকাৰী বাধা-নিষেধৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল হাতী ধৰা । ফান্দী হিচাপে কৰ্মৰত হৈ থকা সময়তে বহুকেইটা বাদ্যৰ জ্ঞান আহৰণ কৰা ৰবীন্দ্ৰৰ বহুমুখী প্ৰতিভাৰ আজিও নাপালে কোনো স্বীকৃতি । কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰিলে কলিয়াবৰ নিজ চিলাবন্ধাৰ দৰিদ্ৰ ৰবীন্দ্ৰ তথা পৰিয়ালটোক । আজিলৈকে নাপালে অৰুণোদয়, নাপালে চৰকাৰী গৃহও । ৰবীন্দ্ৰ দাসৰ বৃদ্ধ পেঞ্চনটোও বন্ধ হৈ আছে কেইবাবছৰ ধৰি ।

এতিয়া ৰঙালী বিহুৰ বতৰ, চৌদিশে শিল্পীৰ সমাদৰ । বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চৰকাৰে প্ৰদান কৰিছে ধন । কিন্তু এনে সময়তো কোনোমতে পেটে-ভাতে খাই জীৱন অতিবাহিত কৰা এইসকলক কেতিয়া ঢুকি পাব চৰকাৰী আঁচনিয়ে, কেতিয়াকৈ পাব এনে বহুমুখী প্ৰতিভাই আদৰ ? চৰকাৰে স্বীকৃতি নিদিলেও এইবাৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই পহিলা ব'হাগত প্ৰতিবছৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱত লোকশিল্পীগৰাকীক সম্বৰ্দ্ধনা জনাব বুলি জানিব পৰা গৈছে । শিল্পীগৰাকীয়ে লাভ কৰক স্বীকৃতি, ৰজাঘৰীয়াই চাওক চকু মেলি ।

লগতে পঢ়ক: আজিকোপতি চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা আশীৰোৰ্ধৰ এগৰাকী বৃদ্ধা - Deprived Of Govt Schemes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.