ETV Bharat / state

আজিকোপতি চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা আশীৰোৰ্ধৰ এগৰাকী বৃদ্ধা - Deprived of Govt Schemes

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 7:45 PM IST

Updated : Apr 11, 2024, 9:10 PM IST

নিৰ্বাচন আহে নিৰ্বাচন যায় । জনসাধাৰণে নিৰ্বাচিত কৰি পঠিয়ায় চৰকাৰ । চৰকাৰেও প্ৰতিশ্ৰুতি দিয়ে । প্ৰস্তুত কৰে উন্নয়ন তথা স্বাৱলম্বিতাৰ বাবে বিভিন্ন আঁচনি । পৰিৱৰ্তন কৰিব বিচাৰে দুখীয়া জনসাধাৰণৰ জীৱনশৈলী । প্ৰশ্ন হয়- পৰিৱৰ্তন সচাঁকৈয়ে হৈছেনে ? প্ৰকৃততে আঁচনিসমূহ কোনে লাভ কৰে ? বাস্তৱ এখন প্ৰতিচ্ছবিৰ আধাৰত যুগুত কৰা হৈছে এই প্ৰতিবেদন ।

Poor Old Women of Sarupathar
সৰুপথাৰৰ এগৰাকী অসহায় বৃদ্ধা

সৰুপথাৰৰ এগৰাকী অসহায় বৃদ্ধা

সৰুপথাৰ,১১ এপ্ৰিল: কোন গাঁৱত ঘৰ ? ঘৰখন কেনে আছে ? পেটত পৰেনে খুদকণ এটা ? কোনে ৰাখে খবৰ ? জনপ্ৰতিনিধিৰ দুখীয়াৰ দুখৰ বুজ ল'বলৈ যেন নাই সময় !বলিছে নিৰ্বাচনী বতাহ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক নেতা । দিন-ৰাতি একাকাৰ কৰি ৰজাঘৰীয়া ব্যস্ত গাদী ৰক্ষাৰ যুঁজত । গণতন্ত্ৰৰ বৃহৎ উৎসৱৰ মহা আয়োজন । পিছে নিৰ্বাচনে কি দিব আইতাক ? পাবনে এটা চৰকাৰী গৃহ ?

  • " class="align-text-top noRightClick twitterSection" data="">

ধনশিৰি মহকুমাৰ বৰপথাৰৰ এখন মিচিং গাঁও । তাতেই বাস কৰে এগৰাকী নিঃসংগ বৃদ্ধাই । নাম দীনেশ্বৰী কাৰ্দং । কিছুবছৰৰ পূৰ্বে স্বামীক হেৰুওৱা আইতাৰ এতিয়া নাই কোনো আত্মীয় । বৃদ্ধাগৰাকীৰ বয়স আশীৰোৰ্ধৰ । লোকসভা নিৰ্বাচনৰ বাবে প'ষ্টেল বেলটৰ জৰিয়তে বৃদ্ধাগৰাকীৰ ভোট নিবলৈও আহিছিল বিষয়া । সেইখিনিলৈকে ঠিকেই আছিল । পিছে আইতাই নাপায় ৰেচন কাৰ্ডৰ চাউল । অৰুণোদয়, লাখপতি বাইদেউ আঁচনিৰ প্ৰসংগ নকলেও হ'ব, বৃদ্ধ পেঞ্চনো লাভ কৰা নাই বৃদ্ধাগৰাকীয়ে ।

ৰুগীয়া হৈ খোজ কাঢ়িব নোৱাৰে বৃদ্ধাগৰাকীয়ে । আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ বাবে দুখীয়া মানুহে লাভ কৰে ৫ লাখ টকাৰ সাহায্য । ৰোগৰ চিকিৎসা কৰাটো দুৰৰে কথা আধাৰকাৰ্ড নথকাৰ ফলত লাভ নকৰে দুঁসাজৰ কাৰণে চাউল । ইপিনে ওচৰ-চুবুৰীয়াৰ লোকে খোৱাপানী আনি দিয়ে আইতাক । ৰাইজৰ লোকে কিছু সহায়-সাৰথি কৰি কোনোমতে জীৱনটো চলাই নিছে আইতাৰ ।

শৌচালয় লাভ কৰাৰ কথা দূৰতে থাকিল চৰকাৰী বাসগৃহৰ আঁচনিও ঢুকি পোৱা নাই বৃদ্ধাগৰাকীক । গাঁৱৰ ৰাইজে মিলি পঁজা এটি সাঁজি দিছে । বৰষুণ দিলেই পানী পৰে ঘৰটোত । খোজ কাঢ়িব নোৱৰা আইতাই নিজেই যেনেতেনে কিবা এটা ৰান্ধি খায় অতিবাহিত কৰিছে জীৱন । কোনো ধৰণৰ আঁচনিয়েই কিয় ঢুকি পোৱা নাই দৰিদ্ৰ, অসহায়, নিঃসংগ দিনেশ্বৰী কাৰ্ডং নামৰ বৃদ্ধা মহিলাগৰাকীক ? সেয়া অঞ্চলবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন । ইমানৰ পিচতো জনপ্ৰতিনিধিয়ে চকু মুদা কুলিৰ ভাও ধৰিয়েই থাকিবনে ? সবকা সাথ সবকা বিকাশৰ শ্ল'গান দিয়া চৰকাৰখনৰ কেতিয়া সুদৃষ্টি পৰিব এইগৰাকী নিঃকিন আইতাৰ ওপৰত ?

লগতে পঢ়ক: প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মুখ্যমন্ত্ৰীয়ে; ভোট বৰ্জন হুংকাৰ পদুমণিবাসীৰ - Lok Sabha Elections 2024

Last Updated :Apr 11, 2024, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.