ETV Bharat / opinion

কাশ্মীৰ উপত্যকাত নিৰ্বাচনৰ পৰিৱৰ্তিত পৰিস্থিতি; অতীত আৰু বৰ্তমানৰ তুলনামূলক স্থিতি - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 3:38 PM IST

Elections in Kashmir Valley : আঁতৰি থকাৰ পৰা নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰালৈকে, এইবাৰৰ লোকসভা নিৰ্বাচনত কাশ্মীৰে বহু দূৰ আগবাঢ়িছে । ই উপত্যকাটোৰ ৰাজনৈতিক ইতিহাসত এক আৰ্হি পৰিৱৰ্তনৰ চিন স্বৰূপ হৈ পৰিছে । এই পৰিৱৰ্তন সন্দৰ্ভত ই টিভি ভাৰতৰ বিলাল ভাটৰ এক বিশ্লেষণ ।

Elections in Kashmir Valley
কাশ্মীৰত ভোটদানৰ বাবে ভোটাৰৰ শাৰী (Etv Bharat)

বিশেষ প্ৰতিবেদন, ২৩ মে' : দশক দশক ধৰি নিৰ্বাচনৰ পৰা আঁতৰি আছিল কাশ্মীৰ । ভোটদানৰ পৰিসংখ্যাৰ তালিকাৰ একেবাৰে তলৰ স্থানত কাশ্মীৰ । ভোটদানৰ হাৰ অতি কম । লগতে নিৰ্বাচনী প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি । কিয়নো উপত্যকাটোত ৰাজনৈতিক অস্থিৰতাৰ ঢৌ চলি আছিল ।

Elections in Kashmir Valley
ভোটৰ পৰিসংখ্যা (ETV Bharat)

ভোটদানৰ দিন মানেই ঘৰৰ ভিতৰত থকা দিন আছিল । কিয়নো ভোটদান কৰা আৰু আঙুলিত চিয়াঁহী লগোৱাৰ অৰ্থ হ’ব পাৰে নিজৰ জীৱনৰ সৈতে খেলা কৰা । কিন্তু এতিয়া আৰু নহ'ব । চলিত লোকসভা নিৰ্বাচনত ভোটদানৰ পৰিসংখ্যাই আশাব্যঞ্জক উত্থান দেখুওৱাৰ লগে লগে পৰিস্থিতিৰ সলনি হৈছে ।

উদাহৰণ চাওক : চলিত সংসদীয় নিৰ্বাচনত ২০ মে’ত পঞ্চম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা বাৰামুল্লা লোকসভা সমষ্টিত প্ৰায় ৬০ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে, যিটো ১৯৬৭ চনৰ সংসদীয় নিৰ্বাচনৰ পিছত সৰ্বাধিক ।

যিকোনো নিৰ্বাচন বিশ্লেষকৰ দৃষ্টিত এই পৰিসংখ্যা অসাধাৰণ হ’ব । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটদানৰ হাৰ অতি সামান্য, ৩৪.৮৯ শতাংশ আছিল । কিন্তু এইবাৰ আকৰ্ষণীয় কথাটো হ’ল, এসময়ত যিটো সমষ্টিক সন্ত্ৰাসবাদ-প্ৰৱণ বুলি গণ্য কৰা হৈছিল, উক্ত সমষ্টিটোৰ লোকসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে । উদাহৰণস্বৰূপে, এসময়ত অস্থিৰ হৈ থকা পট্টান, হাণ্ডৱাৰা, আনকি ত্ৰেহগাম (জে কে এল এফৰ প্ৰতিষ্ঠাপক মকবুল ভাটৰ জন্মস্থান) বিধানসভা সমষ্টিসমূহত এইবাৰ ৬০ শতাংশতকৈ অধিক ভোটদান হৈছে ।

ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বাবে ই সঁচাকৈয়ে এক সুখৰ মুহূৰ্ত । ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ পৰা দেশত চৰকাৰ গঠনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া কাশ্মীৰত প্ৰায় অন্তৰ্ধান হৈ আছিল, বিশেষকৈ ১৯৮৭ চনৰ পিছৰ পৰা ।

আনহাতে, সমগ্ৰ দেশে যেতিয়া নিৰ্বাচনী উৎসৱ উদযাপন কৰিব, তাৰ বিপৰীতে কাশ্মীৰ নীৰৱ হৈ থকাটো দৃষ্টিগোচৰ হৈ থাকিব আৰু উপত্যকাটোৰ ৰাজপথত ৰক্তপাতৰ সৃষ্টি হ’ব । নিৰ্বাচনসমূহ বহুলাংশে কষ্টকৰ আছিল আৰু প্ৰচাৰ অভিযান নাছিল । সেয়েহে প্ৰাৰ্থীসকলে অতি কষ্টেৰেহে নিজৰ ভোটাৰসকলক দেখা পাইছিল ।

শাসক আৰু যাৰ ওপৰত শাসন চলি আছিল তেওঁলোকৰ মাজত বৃহৎ ব্যৱধান আছিল । বিচ্ছিন্নতাবাদী সংগঠনে ভোট বৰ্জনৰ আহ্বান জনোৱাৰ পিছত এই ব্যৱধান আৰু অধিক বৃদ্ধি পালে । যিহেতু ভোটদান কৰিলে বিচ্ছিন্নতাবাদীক জোকাই ল'ব হ'ব আৰু মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আহিব বুলি বহুলভাৱে মানি লোৱা হৈছিল, সেয়ে তেওঁলোকে ইয়াৰ পৰা আঁতৰি আছিল ।

বিচ্ছিন্নতাবাদী শিবিৰটোৱে নিজেই নিৰ্বাচনৰ মাজলৈ আহিছিল আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা এজন ৰাজনীতিবিদৰ বাবে ভোটৰ মূল্য জানিছিল । ১৯৮৭ চনৰ নিৰ্বাচনত চৈয়দ চালাহুদ্দিন (হিজবুল মুজাহিদীনৰ মুৰব্বী) আৰু চৈয়দ আলী শ্বাহ গিলানী (প্ৰাক্তন হুৰিয়তৰ মুৰব্বী)ৰ দৰে লোকে যুঁজত নামিছিল । আনহাতে, কাৰাগাৰত বন্দী বিচ্ছিন্নতাবাদী নেতা মহম্মদ ইয়াচিন মালিকে তেওঁলোকৰ বাবে পোলিং এজেণ্ট হিচাপে প্ৰচাৰ চলাইছিল ।

তেওঁলোকে মুছলিম ইউনাইটেড ফ্ৰণ্ট (এম ইউ এফ)ৰ প্ৰতীক কলম আৰু পাত্ৰৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল । একেটা প্ৰতীকে এটা দশকৰ পাচত মুফতি মহম্মদ চয়ীদৰ পিপ'লছ ডেম’ক্ৰেটিক পাৰ্টীয়ে গ্ৰহণ কৰিছিল । বৰ্তমান ইয়াৰ নেতৃত্বত আছে তেওঁৰ কন্যা মেহবুবা মুফতি, যিগৰাকী জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।

ফাৰুক আব্দুল্লাৰ নেতৃত্বত নেচনেল কনফাৰেন্সে নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনত পৰাস্ত হোৱাৰ পিচত সমগ্ৰ এম ইউ এফৰ নেতৃত্ব নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল । বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ শাসনৰ অন্ত পেলোৱাৰ প্ৰয়াসত নেচনেল কনফাৰেন্সৰ বিৰুদ্ধে নিৰ্বাচন যুঁজিবলৈ একত্ৰিত হৈছিল । আনহাতে, একেধৰণৰ শক্তিসমূহে একত্ৰিত হৈ বিচ্ছিন্নতাবাদক সমৰ্থন কৰিবলৈ বিচ্ছিন্নতাবাদী দল গঠন কৰিছিল ।

কিন্তু নিজৰ অস্তিত্ব বিপদত পৰা দেখি তেওঁলোকে প্ৰথমে নিৰ্বাচনক অবৈধ প্ৰক্ৰিয়া আৰু অংশগ্ৰহণকাৰীসকলক অস্তিত্ববিহীন হিচাপে ঘোষণা কৰে । ভয় ভাবে বিৰাজ কৰাৰ লগে লগে সংসদ বা ৰাজ্যিক বিধানসভাত জনপ্ৰতিনিধিত্ব প্ৰথম ক্ষতিগ্ৰস্ত হৈছিল, কিয়নো ঘোষণা কৰা সেই বিজয়ীসকলক সমৰ্থন কৰিছিল ক্ষুদ্ৰ সংখ্যক ভোটাৰে । গোটেই অঞ্চলটোৰ বেছিভাগ মানুহেই নিৰ্বাচনৰ পৰা আঁতৰি থাকিল । ১৯৮৭ চনৰ পিছত অনুষ্ঠিত ৰাজ্যিক নিৰ্বাচনসমূহ বেছিভাগেই অতিমাত্ৰা নিৰাপত্তাৰক্ষীৰ নিয়োগ, কম ভোটাৰৰ ভোটদান আৰু তৃণমূল পৰ্যায়ত কোনো ধৰণৰ প্ৰচাৰ কাৰ্য হোৱা নাছিল ।

ইয়াৰ ফলত কেতিয়াও নিৰ্বাচন উদযাপনৰ পৰিৱেশ নাছিল । নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে উপত্যকাটোত উত্তেজনাই বিৰাজ কৰে । ২০২৪ চনলৈকে এটা সাধাৰণ ধাৰণা আছিল যে ১৯৮৭ চনৰ পৰা কাশ্মীৰৰ এক বৃহৎ অংশই ভোটদান কৰা নাছিল । ত্ৰিছ বছৰতকৈও অধিক সময় ধৰি মানুহে ভোটাধিকাৰ ব্যৱহাৰ কৰিব পৰা নাছিল । কাশ্মীৰৰ প্ৰথমবাৰ ভোটদান কৰা ভোটাৰজন হ’ব পাৰে এগৰাকী ৫০ বছৰীয়া ব্যক্তি, যিটো ভাৰতৰ বাকী অংশৰ দৰে নহয় । কিয়নো দেশৰ অন্য অংশত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰ হৈছে ভোটদানৰ বয়স পূৰণ কৰা যুৱক বা যুৱতী ।

এয়া গড় সংখ্যক কাশ্মীৰীৰ বাবে আছিল দীৰ্ঘদিনীয়া অপেক্ষা, যিয়ে নিজকে তুচ্ছ-তাচ্ছিল্য অনুভৱ কৰিছিল আৰু যিকোনো আঞ্চলিক বা ৰাষ্ট্ৰীয় দলৰ জয় বা পৰাজয়ক তেওঁৰ ওপৰত হোৱা এক নিষ্ঠুৰ ৰগৰ হিচাপে লক্ষ্য কৰিছিল । কাশ্মীৰৰ দহখন জিলাত নিৰ্বাচনী হিংসাত্মক পৰিস্থিতি আৰু বন্ধই বিৰাজ কৰে । অৱশ্যে এইবাৰ বতাহত এক উশাহ ল'বপৰা পৰিস্থিতি দেখা গ’ল । এসময়ত ভোটদান কৰাৰ সময়ত যিকোনো মূল্যৰ বিনিময়ত যিসকল লোকে কেমেৰা এৰাই চলিছিল, সেই লোকসকলে এতিয়া ছ’চিয়েল মিডিয়াত চিয়াঁহীলগা আঙুলিৰে চেলফি পোষ্ট কৰিছে, যিয়ে পৰিৱৰ্তন প্ৰতিফলিত কৰিছে ।

পূৰ্বতে বহুলাংশে খালী হৈ থকা একেবোৰ ৰাজপথ আৰু ভোটকেন্দ্ৰত এতিয়া ভোটাৰসকলে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ শাৰী পাতিছে । এই নিৰ্বাচনৰ আন এটা আকৰ্ষণীয় দিশ আছিল, যিসকল ৰাজনৈতিক বা ধৰ্মীয় গোটৰ নেতাই এটা সময়ত নিৰ্বাচনৰ পৰা আঁতৰি আছিল আৰু জনসাধাৰণকো একে কাম কৰিবলৈ পৰামৰ্শ দিছিল, তেওঁলোকে এতিয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে ।

কেৱল ভোটাৰেই নহয়, নিৰ্বাচন চলাবলৈ নিয়োজিত চৰকাৰী বিষয়াসকলেও সকাহৰ হুমুনিয়াহ কাঢ়িলে । বিগত সময়ত কাশ্মীৰত কৰ্তব্য পালন কৰি থকাৰ সময়তে এনে কেইবাজনো বিষয়াই প্ৰাণ হেৰুৱাইছিল । মৃতক কোনো বিশেষ পক্ষৰ হ’লে শোকসন্তপ্ত লোকৰ শোক প্ৰকাশ কৰাৰো কোনো অধিকাৰ নাছিল । শোকসন্তপ্তসকলে মৃতকক নীৰৱে কবৰ দিব লাগিছিল । ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন পৰিচালনা কৰা শিক্ষক আৰু চৰকাৰী বিষয়াসকলে ভোটদান শেষ নোহোৱালৈকে যেন চোকা কটাৰীৰ ওপৰতহে আছিল । তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোক নিৰাপদে ঘৰলৈ উভতি যোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিল । নিৰ্বাচনৰ পিচত ক’লা ৰঙৰ চিয়াঁহীৰ দাগ থকা আঙুলিবোৰ দেখা গ’লে কাটি পেলোৱা হৈছিল । কাশ্মীৰৰ ৰাজপথত মৃত্যুৰ তাণ্ডৱ নৃত্যৰ সাক্ষী হ’বলগা হৈছিল ভোটগ্ৰহণ কৰ্মী ।

২০২৪ চনৰ সৈতে উক্ত দিনবোৰক তুলনা কৰিলেই সহজেই কাশ্মীৰৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখযোগ্য পৰিৱৰ্তন বুলি ক’ব পাৰি । যিটো সকলোকে আচৰিত কৰি, ২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ মাত্ৰ পাঁচ বছৰৰ পাছত আহিছে । এতিয়া যেতিয়া সমগ্ৰ উপত্যকাটোৱে আন কোনো ঠাইৰ পৰা পৃথক নোহোৱাকৈ নিৰ্বাচন উদযাপন কৰিছে, তেনে সময়ত মানুহৰ ভোটদানৰ সিদ্ধান্তত কিহে প্ৰভাৱ পেলায় আৰু কিয় পেলায় সেয়া বুজাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে । প্ৰাথমিক প্ৰশ্নটো হ’ল- দৰদামৰ স্তৰ ৰাজ্যত্বলৈ হ্ৰাস কৰা হৈছে নে পৰিৱৰ্তনৰ বাবে ভোট দিয়া হৈছে ?

কেন্দ্ৰত চকীদাৰ সলনিৰ বাবে গুৰুত্ব দিব পৰাকৈ কাশ্মীৰ হৈছে একেবাৰে সৰু ঠাই । আনকি ক্ষমতা লাভ কৰা দলটোক পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰতো ইয়াৰ বিশেষ প্ৰভাৱ নপৰে । এই সংখ্যা ইমানেই কম যে ৫৪৩ জনীয়া সংসদৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই । কাশ্মীৰীয়ে বেলেগ ধৰণে চিন্তা কৰিব বিচাৰিব । তেওঁলোকে বিচাৰিব যে তেওঁলোকৰ বেলটৰ কিছু প্ৰভাৱ হওক । এইবাৰ হয়তো তেওঁলোকে চিনি পোৱা আৰু ভোট দিয়া সংসদ সদস্যৰ সংখ্যা আটাইতকৈ কম পাব পাৰে ।

লগতে পঢ়ক :এইবাৰ পাক্ অধিকৃত কাশ্মীৰ দখলৰ হুংকাৰ অমিত শ্বাহৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.