ETV Bharat / politics

অনাৰক হত্যাৰ বাবে বন্ধুৱে দিছিল ৫ কোটি টকা : পশ্চিমবংগ আৰক্ষী - Bangladesh MP murder

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 2:09 PM IST

West Bengal Police : বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম অনাৰৰ হত্যাকাণ্ডৰ নতুন ক্লু লাভ আৰক্ষীৰ ৷ ইতিমধ্যে এই গোচৰৰ ভাৰ অৰ্পণ কৰা হৈছে চি আই ডিক ৷ চি আই ডিয়ে কৰিছে কেইবাটাও বৃহৎ তথ্য প্ৰকাশ ৷ বুধবাৰে বাংলাদেশৰ সাংসদগৰাকীৰ মৃতদেহ কলকাতাৰ নিউ টাউনৰ এটা ফ্লেটত উদ্ধাৰ হৈছিল ৷

BANGLADESH MP MURDER
বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম অনাৰৰ হত্যাকাণ্ড (Etv Bharat)

নেশ্যনেল ডেস্ক, 23 মে’: বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম অনাৰৰ হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে কেতবোৰ বিস্ফোৰক তথ্য ৷ সাংসদগৰাকীৰ এজন বন্ধুৱে তেওঁক হত্যা কৰিবলৈ প্ৰায় ৫ কোটি টকা ব্যয় কৰিছিল ৷ বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷

বিগত ১৩ মে’ৰ পৰা কলকাতাত নিৰুদ্দেশ হোৱা অনাৰৰ মৃতদেহ বুধবাৰে পুৱা নিউ টাউনৰ এটা ফ্লেটত উদ্ধাৰ হৈছিল ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল তিনিজন লোকক ৷ বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে বুধবাৰে প্ৰকাশ কৰিছিল এই কথা ।

লগতে পঢ়ক: ভাৰতত চিকিৎসা কৰাবলৈ আহি সন্ধানহীন বাংলাদেশী সাংসদ; পাঁচদিনে নাই সন্ধান - Bangladesh MP Anwarul Azim

উল্লেখ্য যে, পশ্চিমবংগ আৰক্ষীয়ে এই গোচৰৰ তদন্ত ৰাজ্যৰ চি আই ডিৰ হাতত অৰ্পণ কৰা বুলি সদৰী কৰিছিল ৷ এই হত্যাকাণ্ডটো সু-পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

সাংসদগৰাকীৰ হত্যাৰ বিনিময়ত অপৰাধীক প্ৰায় ৫ কোটি টকা দিয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ৷ যি কাম কৰিছিল সাংসদগৰাকীৰে এগৰাকী বন্ধুই ৷ আৱামি লীগৰ সাংসদগৰাকীৰ বন্ধু বৰ্তমান আমেৰিকাৰ নাগৰিক আৰু তেওঁৰ কলকাতাত এটা ফ্লেট থকা বুলি জানিব পৰা গৈছে ৷

বুধবাৰে চি আই ডিৰ পৰিদৰ্শক অখিলেশ চতুৰ্বেদীয়ে এই সন্দৰ্ভত কয় যে, সাংসদগৰাকীৰ এয়া স্বাভাৱিক মৃত্যু নহৈ এক পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰা হৈছে ৷

তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ কলকাতাৰ বৰানগৰৰ বাসিন্দা তথা বাংলাদেশী ৰাজনীতিবিদগৰাকীৰ পৰিচিত গোপাল বিশ্বাস নামৰ এজন লোকে স্থানীয় আৰক্ষীক সাংসদগৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ ৷ চিকিৎসাজনিত কাৰণত ১২ মে’ত কলকাতাত উপস্থিত হোৱা অনাৰ সন্ধানহীন হৈছিল ১৮ মে’ত ।

এজাহাৰত বিশ্বাসে উল্লেখ কৰা অনুসৰি, ১৩ মে’ৰ বিয়লি অনাৰে বাৰানগৰৰ নিজা বাসগৃহৰ পৰা চিকিৎসকৰ এপইণ্টমেণ্টৰ বাবে ওলাই গৈছিল ৷ একে সময়তে তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ঘৰলৈ উভতি আহিব বুলিও কৈ গৈছিল বিশ্বাসক ৷

বিশ্বাসে দাবী কৰে যে, বাংলাদেশৰ সাংসদগৰাকী বিগত ১৭ মে’ৰ পৰা যোগাযোগবিহীন হৈ পৰে ৷ যাৰ বাবে এই ঘটনাৰ এদিন পিছতে তেওঁ স্থানীয় আৰক্ষী থানাত সাংসদগৰাকীৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল ।

লগতে পঢ়ক: বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমৰ মৃতদেহ কলকাতাত উদ্ধাৰ - Bangladesh MP Anwarul Azim

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.