ETV Bharat / bharat

বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমৰ মৃতদেহ কলকাতাত উদ্ধাৰ - Bangladesh MP Anwarul Azim

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:41 PM IST

Bangladesh MP Anwarul Azim: ভাৰতত সন্ধানহীন হৈ থকা বাংলাদেশৰ শাসকীয় দলৰ সাংসদ আনোৱাৰুল আজিমৰ মৃতদেহ উদ্ধাৰ ৷ কলকাতাৰ নিউটাউন অঞ্চলৰ এটা ফ্লেটত উদ্ধাৰ হয় সাংসদৰাকীৰ মৃতদেহ । ১২ মে’ত চিকিৎসাৰ বাবে কলকাতালৈ অহা সাংসদগৰাকী ১৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল ।

Bangladesh MP Anwarul Azim
ভাৰতত নিৰুদ্দেশ বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমক মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 22 মে’: বাংলাদেশৰ প্ৰবীণ সাংসদ আনোৱাৰুল আজিম অনাৰৰ মৃতদেহ বুধবাৰে পুৱা কলকাতাৰ উপকণ্ঠ অঞ্চলৰ নিউটাউনৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ কৰা হয় । চিকিৎসাৰ বাবে ভাৰতলৈ অহা সাংসদগৰাকী বিগত আঠ দিন ধৰি সন্ধানহীন হৈ আছিল । বাংলাদেশৰ শাসকীয় দল আৱামী লীগৰ তিনিবাৰৰ সাংসদগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত তেওঁৰ মৃত্যুৰ কাৰণক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

বিধান নগৰ আৰক্ষী আয়ুক্তৰ চোৰাংচোৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ই টিভি ভাৰতক কয়, "আমি যৎপৰোনাস্তি চেষ্টা কৰি সাংসদজনৰ সন্ধান উলিয়ালোঁ । আজি নিউটাউনৰ এটা বাসগৃহত তালাচীৰ সময়ত এটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ বৰ্তমান ঘটনাৰ তদন্ত চলি আছে । বাসগৃহটোৰ চিচি টিভি ফুটেজৰ তদাৰক কৰা হৈছে । নিৰাপত্তাৰক্ষীকো সোধা-পোছা কৰা হৈছে ।"

এছ টি এফ আৰু আই বিৰ বিষয়াইও এই তালাচী অভিযানত সহযোগ কৰাৰ কথা জানিব পৰা হৈছে । কলকাতালৈ অহাৰ পাছৰে পৰা আনোৱাৰুলে ব্যৱহাৰ কৰি থকা বাহনখনৰো সন্ধান পোৱা গৈছে ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আৱামী লীগৰ সাংসদ আনোৱাৰুল আজিমৰ সৈতে আন দুজন ব্যক্তিও আছিল । আৰক্ষীয়ে প্ৰথমে সন্দেহ কৰিছিল যে তেওঁলোক হয়তো প্ৰত্যক্ষভাৱে এই কাণ্ডৰ সৈতে জড়িত আছিল আৰু হয়তো এই কাণ্ডৰ কিছু সময়ৰ পিচতে দেশ এৰি পলায়ন কৰিছিল । বৰ্তমান আৰক্ষীয়ে আনোৱাৰুল আজিমক হত্যা কৰা হৈছে নে নাই সেই সন্দৰ্ভত তদন্ত কৰি আছে ।

আনোৱাৰুল বাংলাদেশৰ ঝেনৈদা-৪ সমষ্টিৰ সাংসদ আছিল । ১২ মে’ত তেওঁ দৰ্শনা সীমান্ত পাৰ হৈ ভাৰতত অৱতৰণ কৰে । তেওঁ কলকাতাৰ কাষতে থকা বাৰানগৰত থকা বন্ধু গোপাল বিশ্বাসৰ ঘৰত আছিল । ১৪ মে’ত বন্ধুৰ ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হয় । এই সন্দৰ্ভত বৰানগৰ থানাত এখন এজাহাৰ দাখিল কৰা হয় ।অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

১৪ মে’ৰ পৰা সাংসদ আনোৱাৰুল আজিমৰ ফোনটো চুইচ অফ হৈ থকাৰ বাবে তেওঁ যোগাযোগহীন হৈ পৰে । আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ কলকাতালৈ আহি সাধাৰণতে বৰানগৰৰ এই বন্ধুৰ ঘৰত থাকিছিল । যোৱা মঙলবাৰে ঘৰৰ পৰা ওলোৱাৰ সময়ত তেওঁ গোপালৰ পৰিয়ালৰ লোকক কৈছিল যে তেওঁ সেই নিশা বা সম্ভৱ নহ’লে পিছদিনা ঘূৰি আহিব । কিন্তু তেতিয়াৰ পৰা তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল বুলি আৰক্ষীয়ে জনায় ।

লগতে কলকাতালৈ অহাৰ পিছত তেওঁ ব্যৱহাৰ কৰা মোবাইল নম্বৰটোও চুইচ অফ দেখুৱায় । শ্বেখ হাছিনাৰ দলৰ সাংসদগৰাকীৰ ঘৰ ঝেনাইদাৰ কালিগঞ্জ উপ-জিলাৰ নিচিন্তাপুৰ গাঁৱত । ২০১৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাবে নিৰ্বাচিত হৈছিল আনোৱাৰুল আজিম ।

লগতে পঢ়ক: ভাৰতত চিকিৎসা কৰাবলৈ আহি সন্ধানহীন বাংলাদেশী সাংসদ; পাঁচদিনে নাই সন্ধান - Bangladesh MP Anwarul Azim

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.