ETV Bharat / bharat

মেষ ৰাশিত থাকিব গণেশৰ কৃপা, তুলা ৰাশিৰ বাবে এটা সুুন্দৰ দিন... চাওক আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 23rd May

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:05 AM IST

Daily Horoscope For 23rd May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 23rd May 2024
আজিৰ দিনটোৰ ৰাশিফল- কি কয় ৰাশিচক্ৰই (SOURCE: ETV BHARAT ASSAM)

মেষ ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো এটা আনন্দপূৰ্ণ আৰু সাধাৰণ দিন ৷ বিভিন্ন সমস্যাবোৰ আপুনি সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু ক্ৰীড়াক্ষেত্ৰত লাভজনক ফল লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ যিয়ে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতিত সহায় কৰিব ৷ পিতৃৰ পৰা সু-খবৰ লাভ ৷ ঘৰলৈ অহা অতিথিৰ পৰা দামী উপহাৰ লাভ ৷ পত্নীৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰক ৷

বৃষ ৰাশি: কোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে শান্ত কৰি ৰাখক মন-মগজু ৷ ভুল সিদ্ধান্তই বিপদত পেলাব পাৰে ৷ পত্নীৰ লগত আলোচনা নকৰাৰ ফলত সম্পৰ্কত বুজা-পৰাৰ অভাৱে দেখা দিব ৷ মানসিক অশান্তিয়ে শাৰীৰিক সমস্যাৰ আৰম্ভণি কৰিব ৷ কামৰ ওপৰত তাৰ প্ৰভাৱ পৰিব ৷ যাৰ বাবে পাব লগা ফল নাপাবও পাৰে ৷ খৰচৰ মাত্ৰা বৃদ্ধি ৷ যিয়ে আপোনাৰ খং বৃদ্ধি কৰিব ৷ পত্নী আৰু ব্যৱসায়িক ক্ষেত্ৰৰ সহযোগীৰ সৈতে বুজাপৰা কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত দিনটো মিশ্ৰিতভাৱে পাৰ হ’ব ৷ জ্যেষ্ঠজনৰ পৰা উপদেশমূলক বাৰ্তা লাভ কৰিব ৷ সন্তানৰ পৰা সুখবৰ লাভ ৷ জীৱনসংগী লাভৰ ক্ষেত্ৰত উত্তম সময় ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: আপোনাৰ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ প্ৰভাৱ পৰিব ৷ যাৰ বাবে আপুনি জীৱনত সুৰক্ষিত অনুভৱ কৰিব ৷ কামত সফলতা আৰু উন্নতি লাভ ৷ ঘৰুৱা সমস্যাত আপোনাৰ বুদ্ধি কামত আহিব ৷ ঘৰ সজোৱাৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সহযোগিতা কৰক ৷ শৰীৰ উন্নত ৷ বৈবাহিক সুখ লাভ ৷

সিংহ ৰাশি: আজিৰ দিনটোত আপোনাৰ লক্ষ্য হ’ব আনক ন্যায় প্ৰদান কৰা ৷ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ যোগ ৷ কৰিবলৈ বিচৰা সকলো কামৰ ফল লাভজনক ৷ মাথো খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কৰ্মক্ষেত্ৰত শীৰ্ষ কাৰোবাৰ সৈতে মনোমালিন্য ঘটাৰ সম্ভাৱনা ৷ ধৰ্মীয় কাম কৰাৰ লগতে ধৰ্মীয় স্থান পৰিভ্ৰমণৰ যোগ ৷ মন শান্ত থাকিব ৷

কন্যা ৰাশি: খং আৰু কথাৰ ওপৰত লক্ষ্য় ৰাখক ৷ সোনকালে খং উঠা লোকসকলৰ বাবে সময় অনুকূল নহয় ৷ নতুন কামৰ আৰম্ভণি নকৰাই ভাল ৷ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ পৰা বিপদত পৰাৰ সম্ভাৱনা ৷ ভ্ৰমণ পৰিহাৰ কৰক ৷

তুলা ৰাশি: এটা সুন্দৰ দিন, হাঁহিৰে ভৰা দিন ৷ পুৰণি বন্ধুৰ সৈতে সাক্ষাতৰ সম্ভাৱনা ৷ মনলৈ অহা বেয়া চিন্তা আঁতৰ হ’ব ৷ চিনেমা চোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ অংশ লোৱা সকলো কামতে আনন্দ লাভ কৰিব ৷ প্ৰিয়জনৰ সৈতে বজাৰলৈ গৈ দামী অলংকাৰ কিনিব পাৰে ৷ সামাজিক সন্মান বৃদ্ধিৰ যোগ ৷

বৃশ্চিক ৰাশি: দিনটো শুভ, গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমৰ আৰম্ভণি কৰিবলৈ এটা শুভ দিন ৷ বিবাহৰ উত্তম যোগ ৷ প্ৰেম বা বিবাহত অলপ সময়ৰ দৰকাৰ ৷ মহিলা বন্ধুৰ সৈতে সাক্ষাতৰ সম্ভাৱনা ৷ পূৰ্বৰ তুলনাত কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ ৷ ধনৰ ক্ষেত্ৰতো সহকৰ্মীসকলৰ পৰা লাভ কৰিব সহায় ৷ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাগ্যই আপোনাক লগ দিব ৷ শৰীৰ উন্নত ৷

ধনু ৰাশি: সফলতা নোপোৱালৈকে যুঁজি থাকক ৷ আশা নেহেৰুৱাব ৷ আজিৰ দিনটো বৰ সহজ নহয়, আশা কৰা ধৰণৰ ফল লাভ নকৰিবও পাৰে ৷ আপোনাক দিয়া কাম শেষ হওঁতে অনাহকত পলম হ’ব ৷ সহযোগিতাৰ অভাৱ ৷ খং এৰাই চলক ৷ প্ৰিয়জন বা পত্নীৰ বাবে চিন্তিত ৷ সদ্যহতে ভ্ৰমণ পৰিহাৰ কৰক ৷

মকৰ ৰাশি: আজিৰ দিনটো মধ্যমীয়া ৷ চিন্তাৰ বাবেই ভাগৰুৱা আৰু এলাহ অনুভৱ হ’ব ৷ নিদ্ৰাহীনতাই অসুবিধাত পেলাব ৷ শান্ত হওক আৰু পাৰিলে এদিনৰ বাবে কামৰ পৰা বিৰতি লওক ৷ সু-চিন্তা কৰক আৰু মহিলাৰ পৰা আঁতৰি থাকক ৷ প্ৰিয়জনৰ লগত কথা পাতিলে সকাহ অনুভৱ কৰিব ৷ নিজে ৰন্ধা-বঢ়া কৰি ভালপোৱা খাদ্য গ্ৰহণ কৰক ৷

কুম্ভ ৰাশি: বেয়া সপোন বা চাৰিওফালে ঘটি থকা ঘটনাই আপোনাৰ মনক বিচলিত কৰাৰ সম্ভাৱনা ৷ অৱশ্যে দুপৰীয়ালৈ গ্ৰহৰ প্ৰভাৱত মনৰ অৱস্থাৰ পৰিৱৰ্তন ৷ পত্নী বা ভাতৃ-ভগ্নীৰ সৈতে সময় অতিবাহিত কৰক ৷ ওচৰতে ক’ৰবালৈ ফুৰিবলৈ যাওক, ভাল লাগিব ৷

মীন ৰাশি: কথা পাতোতে কি কথা পাতিছে বা কাৰ লগত পাতিছে মন কৰক ৷ ভুল বুজাবুজি আৰু কাজিয়াৰ সম্ভাৱনা ৷ কামত মনোনিৱেশ কৰক ৷ ব্যয় হ্ৰাসৰ চেষ্টা কৰক ৷ কাৰো পৰা ধন ধাৰে নল’ব আৰু কাকো ধাৰ নিদিব ৷ স্বাস্থ্যৰ দিশত গুৰুত্ব দিয়ক, কাৰণ এই বিষয়ত আপুনি বহুদিন চকু দিয়া নাই ৷ খোজকঢ়া, দৌৰা বা আন ব্যায়াম আপোনাৰ বাবে লাভজনক ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.