ETV Bharat / state

প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মুখ্যমন্ত্ৰীয়ে; ভোট বৰ্জন হুংকাৰ পদুমণিবাসীৰ - Lok sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 8:29 AM IST

প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মুখ্যমন্ত্ৰীয়ে; ভোট বৰ্জন হুংকাৰ পদুমণিবাসীৰ
প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মুখ্যমন্ত্ৰীয়ে; ভোট বৰ্জন হুংকাৰ পদুমণিবাসীৰ

Erosion in Majuli: ভকত চাপৰি 1 নং পদুমণিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া ৷ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ক্ষোভিত ৰাইজৰ ৷ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভুক্তভোগী ৰাইজৰ ৷

প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মুখ্যমন্ত্ৰীয়ে; ভোট বৰ্জন হুংকাৰ পদুমণিবাসীৰ

মাজুলী, 10 এপ্ৰিল: ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া শীঘ্ৰে প্ৰতিকাৰৰ ব্যৱস্থা কৰিব নোৱাৰিলে সমাগত লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ মাজুলীৰ ভকত চাপৰি 1 নং পদুমণিবাসী ৰাইজৰ ৷ সমস্যাৰ সমাধান বিচাৰি বাৰাম্বাৰ বিধায়ক-সাংসদক আবেদন জনায় অহা হৈছে যদিও কোনেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

পদুমণিবাসী ৰাইজে এই সন্দৰ্ভত কয়, "ভোট দিবলৈ আমি ঘৰ এৰো কেনেকৈ, ভোট দিবলৈ যোৱাৰ সময়ত যদিহে আমাৰ ভেটিটো ব্ৰহ্মপুত্ৰত জাহ যায় ৷ কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে কিছু দূৰত ভোট বিচাৰি আহিছিল যদিও আমাৰ অৱস্থাৰ বুজ ল’বলৈ এবাৰো নাহিল বিধায়কগৰাকী । আনকি তেখেতক আমাৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ এই স্থানলৈ মাতিছিলো যদিও তেওঁলোক নাহিল ৷ যাৰ বাবে আমি ভোট বৰ্জনৰ দৰে কাৰ্যসূচী ল’বলগীয়া হৈছে । মুখ্যমন্ত্ৰীয়ে নাচি-বাগি উজনি অসমত ভোট ভিক্ষা কৰিছে, আমি একে সময়তে উজাগৰী নিশা কটাইছো ।"

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ কৰা প্ৰয়োজন যে, খহনীয়া সমস্যাৰ সমাধান বিচাৰি বিগত উপ-নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভকত চাপৰিৰ ৰাইজে । ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ভকত চাপৰিত সভা কৰি প্ৰতিশ্ৰুতি দিছিল যে ভকত চাপৰিত এচপৰা ভূমিও ব্ৰহ্মপুত্ৰত জাহ নাযায় । নিৰ্বাচনৰ সময় উকলাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক সকলোৱে পাহৰি পেলালে এই প্ৰতিশ্ৰুতি ।

স্মৰ্তব্য যে, লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ । শাসক বিৰোধী উভয়ে তীব্রতৰ কৰি তুলিছে তেওঁলোকৰ প্ৰচাৰ অভিযান । সংবাদ মাধ্যমযোগে শাসকীয় চৰকাৰখনে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে যদিও পূৰ্বৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ বৰ্তমানেও কাৰ্যকৰী নোহোৱাত ক্ষোভিত হৈ পৰিছে সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যবাসী ৷

দুৰ্ভাগ্যজনক বিষয় যে, বৰ্তমান ভকত চাপৰি অঞ্চলত তীব্ৰ খহনীয়া অব্যাহত থকাৰ পাচতো স্থানীয় জনপ্ৰতিনিধিয়ে গ্ৰহণ কৰি আহিছে নিৰ্বিকাৰ ভূমিকা ৷

লগতে পঢ়ক: উন্নয়ন স্থবিৰ: মৰিয়নী সমষ্টিত ভোট বৰ্জনৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.