ETV Bharat / state

উন্নয়ন স্থবিৰ: মৰিয়নী সমষ্টিত ভোট বৰ্জনৰ সিদ্ধান্ত - Lok Sabha Election 2024

Lok Sabha Election 2024 : উন্নয়নৰ দম্ভালি মৰা বিধায়ক ৰূপজ্যোতি কুৰ্মী সমষ্টিৰ উন্নয়নৰ নগ্ন ছবি ৷ বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখা মৰিয়নী সমষ্টিৰ গন্ধীয়া মিচিং গাঁওবাসীৰ ভোট বৰ্জনৰ হুংকাৰ ৷

Lok Sabha Election 2024
মৰিয়নী সমষ্টিত ভোট বৰ্জনৰ সিদ্ধান্ত
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 4:10 PM IST

2 Min Read
মৰিয়নী সমষ্টিত ভোট বৰ্জনৰ সিদ্ধান্ত

যোৰহাট, 20 মাৰ্চ : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ এক বিপৰীত ছবি পোহৰলৈ আহিছে ৷ এইবাৰ পোহৰলৈ আহিছে সততে উন্নয়নৰ দম্ভালি মৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ উন্নয়নৰ নগ্ন ছবি ৷ ফলত আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত মৰিয়নী সমষ্টিৰ এটা বৃহৎ অঞ্চলৰ লোকৰ ৷

বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখা মৰিয়নী সমষ্টিৰ এখন বৃহত্তৰ গাঁও। নাম গন্ধীয়া মিচিং গাঁও । এই বৃহৎ গাঁওখনৰ পথৰ দুৰৱস্থাৰ ফলত এই গাঁওবাসীয়ে বছৰ বছৰ ধৰি বোকা পানী গচকি অহা যোৱা কৰিব লগা হৈছে ।

ইয়াৰোপৰি অঞ্চলবাসীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে । ফলত বুধবাৰে কিনকিনীয়া বৰষুণকো নেওচি গাঁওবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । আনহাতে এই সমস্যাৰাজিৰ বিষয়ে গাঁওবাসীয়ে স্থানীয় বিধায়ক, বিভাগীয় মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অনুনয় বিনুনয় কৰিছিল যদিও আজি পৰ্যন্ত গাঁওখনে উন্নয়নৰ মুখ নেদেখিলে । যাৰ ফলস্বৰূপে গাঁওবাসীয়ে এই সমস্যাৰাজিৰ বিষয়ে গুৰুত্ব নিদিয়াৰ ফলত গাঁওখনত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষেধৰ লগতে আগন্তুক 2024 ৰ লোকসভাত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে । গাঁওখনৰ লোকসকলে উপায়ন্তৰ হৈ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে ।

তাৎপৰ্যপূৰ্ণ ৰ্যে সততে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উন্নয়নৰ শ্লোগান দি থকাৰ পিচতো এইদৰে তেওঁৰ নিজ সমষ্টিতেই এখন গাঁৱৰ ৰাইজে নিজৰ প্ৰাপ্য বিচাৰি কৰা প্ৰতিবাদে বিধায়ক কুৰ্মীৰ মিথ্যাচাৰ উদঙাই দেখুৱাইছে ৷ পৰৱৰ্তী সময়ত গাঁওবাসীৰ হুংকাৰ জনপ্ৰতিনিধিয়ে শুনেনে নাই সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিক; ভোট বৰ্জনৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.